• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসম আৰক্ষীৰ পক্ষপাতমূলক আচৰণ আৰু নিৰ্বাচন আয়োগৰ নীৰৱতাক লৈ অসম নাগৰিক সন্মিলনৰ গভীৰ উদ্বেগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:28 am
579
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰক্ষীৰ শেহতীয়া কেতবোৰ কাৰ্যকলাপ আৰু ভূমিকা সন্দৰ্ভত ৰাজ্যৰ বিশিষ্ট নাগৰিকসকলে তীব্ৰ ক্ষোভ আৰু গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। বুধবাৰে অসম নাগৰিক সন্মিলনৰ হৈ কেইবাগৰাকীও বিশিষ্ট বুদ্ধিজীৱী আৰু সমাজকৰ্মীয়ে এক বিবৃতিযোগে অসম আৰক্ষীৰ স্পষ্ট দুমুখীয়া নীতি তথা পক্ষপাতমূলক আচৰণক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰাৰ লগতে এই সমগ্ৰ বিষয়টোত ভাৰতৰ নিৰ্বাচন আয়োগৰ নীৰৱতাকো কঠোৰ সমালোচনা কৰিছে।

সন্মিলনে আৰক্ষীৰ এই পক্ষপাতিত্বৰ উদাহৰণ দাঙি ধৰি শেহতীয়া দুটা গুৰুত্বপূৰ্ণ ঘটনাৰ কথা উল্লেখ কৰিছে। বিবৃতিটোত প্ৰকাশ কৰা অনুসৰি, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাই এখন সংবাদমেলত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে কেইটামান গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ ঠিক পিছদিনাই তেওঁৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল। আনকি তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষীৰ এটা দল ততাতৈয়াকৈ দিল্লীলৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীতে, অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰীয়ে একাংশ ব্যক্তিয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে নিৰ্মাণ কৰা ভুৱা ভিডিঅ’ প্ৰচাৰ কৰা সন্দৰ্ভত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।

Apply Now

আইন বলবৎকাৰী সংস্থাৰ এনে একপক্ষীয় প্ৰয়োগে গণতান্ত্ৰিক ব্যৱস্থাত বিৰূপ প্ৰভাৱ পেলোৱাৰ আশংকা ব্যক্ত কৰি সন্মিলনে তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে। সমানেই উদ্বেগজনক বিষয় হিচাপে তেওঁলোকে ভাৰতৰ নিৰ্বাচন আয়োগৰ ভূমিকাকো আঙুলিয়াই দিছে। এনে এক গুৰুতৰ পৰিস্থিতিতো নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে নিমাত হৈ থকা কাৰ্যই সন্মিলনক গভীৰভাৱে চিন্তিত কৰি তুলিছে। সেয়েহে, আৰক্ষী আৰু নিৰ্বাচন আয়োগৰ এই পক্ষপাতমূলক দৃষ্টিভংগীৰ বিৰুদ্ধে সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ সন্মিলনে অসমৰ ৰাইজক আহ্বান জনাইছে।

সাম্প্ৰতিক সময়ত ৰাজ্যৰ আইন-শৃংখলা ৰক্ষা আৰু নিৰ্বাচনী পৰিৱেশৰ স্বচ্ছতাক লৈ বিভিন্ন মহলে প্ৰশ্ন উত্থাপন কৰি অহাৰ মাজতে বিশিষ্ট নাগৰিকসকলৰ এই বিবৃতিত সংশ্লিষ্ট কৰ্তৃপক্ষই কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd