সোণাৰীত থানাৰ ভিতৰতে আৰক্ষী কনিষ্টবলৰ গুলীত নিহত সতীৰ্থ কনিষ্টবল

প্ৰতিনিধিত্বমূলক ফটো।

Assam police constable shot dead by a colleague চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মঙলবাৰে পুৱা এজন আৰক্ষী কনিষ্টবলে আন এজন সতীৰ্থ কনিষ্টবলক গুলিয়াই হত্যা কৰে।

আৰক্ষী কনিষ্টবল দীপক কাকতিৰ গুলীত নিহত হোৱা আৰক্ষী জোৱানজনক গকুল বসুমতাৰী বুলি জানিব পৰা গৈছে। আৰক্ষী থানাত ঘটা বাক-বিতণ্ডাৰ পিছতে দীপক কাকতিয়ে সতীৰ্থ গকুল বসুমতাৰীক এইদৰে গুলীয়ায়।

জানিব পৰা মতে, থানাৰ ভিতৰতে অভিযুক্ত কনিষ্টবল দীপক কাকতিয়ে গকুল বসুমতাৰীৰ ওপৰত তিনি জাঁই গুলীচালনা কৰে। ইয়াৰ এটা গুলী গকুল বসুমতাৰীৰ ডিঙিত আৰু আন এটা ভৰিত লাগে।

লগতে পঢ়ক: ৰেগিং কৰাৰ বাবে শিলচৰৰ ১৪ জন দন্ত চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক হোষ্টেলৰ পৰা বহিস্কাৰ

আৰক্ষী থানাৰ আন আৰক্ষী কৰ্মীসকলে গুলিবিদ্ধ বসুমতাৰীক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

চৰাইদেওৰ আৰক্ষী অধীক্ষক যুৱৰাজে কয়, “আৰক্ষী কনিষ্টবল দীপক কাকতিয়ে মঙলবাৰে তেওঁৰ চাৰ্ভিচ ৰাইফল ব্যৱহাৰ কৰি তেওঁৰ সহকৰ্মী গকুল বসুমতাৰীক গুলীয়াই হত্যা কৰে।”

তেওঁ লগতে কয়, “আৰক্ষী থানাৰ আন আৰক্ষী কৰ্মীয়ে লগে লগে বসুমতাৰীক এখন চিকিৎসালয়লৈ লৈ যায় কিন্তু তেওঁ আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে।”

ঘটনাটোৰ পিছত অভিযুক্তৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে আৰু মৃতকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

লগতে পঢ়ক: ছাত্ৰীক দুবছৰ ধৰি ধৰ্ষণ শিক্ষকৰ! মুখ খুলিলে গোটেই পৰিয়ালকে শেষ কৰি দিয়াৰ ভাবুকি

আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে যে আৰক্ষীয়ে অভিযুক্ত কনিষ্টবল দীপক কাকতিক গ্ৰেপ্তাৰ কৰিছে আৰু বন্দুকটো জব্দ কৰিছে। গুলীচালনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।