পুনৰ উত্তপ্ত অসম-মিজোৰাম সীমান্ত, কাচাৰৰ উপায়ুক্তলৈ গুলী মিজো দুস্কৃতিকাৰীৰ,জোৱান আহত

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ হস্তক্ষেপ বিচাৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Mizoram-border-639x375

পুনৰ উত্তপ্ত হৈ পৰিছে অসম-মিজোৰাম সীমান্ত।  মিজোৰামৰ দুস্কৃতিকাৰীয়ে আজি কাচাৰৰ উপায়ুক্ত কাৰ্থি জাল্লীক লক্ষ্য কৰি গুলিচালনা কৰাৰ পিছতে পুনৰ উত্তপ্ত হৈ পৰে সীমান্ত অঞ্চল।

গুলীচালনাৰ ঘটনাত উপায়ুক্ত গৰাকীৰ প্ৰাণ কোনো মতেহে ৰক্ষা পৰে যদিও অসম আৰক্ষীৰ কেইবাজনো জোৱান আহত হোৱাৰ খবৰ আহিছে।

সীমান্ত অঞ্চলৰ পৰিস্থিতিৰ বুজ লব’লৈ যোৱাৰ সময়তে মিজো দুস্কৃতিকাৰীয়ে কাচাৰৰ উপায়ুক্তৰ কনভয়লৈ লক্ষ্য কৰি গুলিচালনা কৰে।গুলীৰ আঘাতত উপায়ুক্তৰ বাহন খনৰ যথেষ্ট ক্ষতিসাধন হয়।

উল্লেখ্য ইয়াৰ পূৰ্বেও ১০ জুলাইৰ নিশা উপায়ুক্ত গৰাকীক লক্ষ্য কৰি মিজো দুস্কৃতিকাৰীয়ে গ্ৰেনেড নিক্ষেপ কৰিছিল।

সেইদিনা নিজৰ মাটিতে প্ৰাণঘাতী আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হৈছিল অসমৰ অতিৰক্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমীট সিং, কাচাৰৰ উপায়ুক্ত কাৰ্থি জাল্লী, কাচাৰৰ আৰক্ষী অধীক্ষক বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰ, প্ৰাক্তন আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱ ৰয়।

তেওঁলোকে অসম-মিজোৰাম সীমান্তৰ লাইলাপুতৰ মিজো দুস্কৃতিকাৰীয়ে কৰা অবৈধ বেদখল সন্দৰ্ভত খবৰ লবলৈ গৈছিল।

সেই সময়তে মিজো দুস্কৃতিকাৰীয়ে অসমৰ প্ৰতিনিধিৰ দলটোক লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপ কৰিছিল।

এই ঘটনাত সৌভাগ্য ক্ৰমে অসমৰ প্ৰতিনিধিৰ দলটোৰ প্ৰাণ ৰক্ষা পৰিছিল। উল্লেখ্য দীৰ্ঘদিন ধৰি অসম-মিজোৰাম সীমান্তত সীমা সমস্যাকলৈ উত্তেজনাৰ সৃষ্টি হৈ আহিছে।

দুয়োখন ৰাজ্যই আলোচনাৰ মাধ্যমেৰে সীমা সমস্যাৰ সমাধান কৰিব বিচাৰিছে যদিও মিজো দুস্কৃতিকাৰীয়ে সীমান্তত অশান্তিৰ সৃষ্টি কৰিব বিচাৰি আহিছে।

অসম-মিজোৰাম সীমান্তত দুষ্কৃতিকাৰীয়ে ভালেসংখ্যক ঘৰ জ্বলাই দিয়াৰ লগতে এই ঘটনাৰ ফলত বহুসংখ্যক লোক আঘাতপ্ৰাপ্ত হৈছে।

অসম আৰু মিজোৰাম সীমান্তৰ স্থানীয় নাগৰিক সকলে সীমান্ত অঞ্চলত সৃষ্টি হোৱা এনে উত্তেজনাময় পৰিস্থিতিৰ বাবে উভয় পক্ষক দোষাৰোপ কৰি আহিছে।

ইপিনে অসম আৰু মিজোৰাম  মাজত চলি থকা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ হস্তক্ষেপ কামনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।