• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যত প্ৰতিবাদ তথা বিৰোধী দমনৰ অস্ত্ৰ হৈ পৰিছে অসম আৰক্ষী- চিপিআই(এম)

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 6, 2025 7:56 pm
180
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰ শাসনত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনত পুলিচ ৰাজ প্ৰতিষ্ঠা হ’ব ধৰিছে। ক্ৰমাৎ জনবিচ্ছিন্ন হ’ব ধৰা চৰকাৰখনে বিৰোধী দল-সংগঠনক দমন তথা প্ৰতিবাদী কণ্ঠ স্তব্ধ কৰাৰ বাবে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে অসম আৰক্ষীক। আৰক্ষী বাহিনীয়েও বিজেপিৰ হাতৰ পুতলা হৈ নাচিব ধৰিছে আৰু ৰাজ্যত আৰম্ভ কৰি দিছে একপ্ৰকাৰৰ পুলিচী সন্ত্ৰাস। এই অভিমত প্ৰকাশ কৰিছে চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে।

পাৰ্টিৰ ৰাজ্যিক কমিটিয়ে প্ৰকাশ কৰা এটা বিবৃতিত কোৱা হয়, মুখ্যমন্ত্ৰীৰ কৃপাত অসম আৰক্ষীয়ে আইনৰ শাসন ভৰিৰে মোহাৰি নিজ খেয়াল-খুচি মতে ৰাজ্যৰ ঠায়ে ঠায়ে নিৰ্বিচাৰ অত্যাচাৰ আৰু আতিশয্য আৰম্ভ কৰি দিছে। শেহতীয়া উদাহৰণ হ’ল তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষীৰ দ্বাৰা বৰহাপজান গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী জোনমণি মৰাণক গ্ৰেপ্তাৰ। পুলিচী অত্যাচাৰ আৰু বৰ্বৰতাৰ আন এক জ্বলন্ত উদাহৰণ হ’ল, তিনিচুকীয়া জিলাৰে বৰডুমচা থানাৰ আৰক্ষীৰ দ্বাৰা সঞ্জীৱ মৰাণ নামৰ যুৱকজনৰ ওপৰত চলোৱা নিৰ্মম অত্যাচাৰ তথা শাৰীৰিক প্ৰহাৰ।

চিপিআই(এম)ৰ ৰাজ্যিক কমিটিয়ে বিজেপিৰ মিছা আৰু মনেসজা অভিযোগৰ ভিত্তিত জোনমণি মৰাণক গ্ৰেপ্তাৰ কৰা ঘটনাক তীব্ৰ নিন্দা কৰিছে। পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচনী আচৰণবিধি ভংগ কৰা ডিগবৈ বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক সুৰেন ফুকনক বাধা দিবলৈ গৈ গ্ৰেপ্তাৰ হ’ব লগা হ’ল জোনমণি মৰাণ। সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰিত খবৰমতে পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযান শেষ হোৱাৰ পাছত আৰু ভোটদান পৰ্ব আৰম্ভ হোৱাৰ কেইঘণ্টামানৰ পূৰ্বে বিধায়ক সুৰেন ফুকনে ১ মে’ৰ দিনা নিৰ্বাচনী বিধি ভংগ কৰি বৰতৰাণী গাঁৱত প্ৰচাৰ চলাবলৈ যোৱাত বৰহাপজান পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ বিজেপি-বিৰোধী মহিলা প্ৰাৰ্থীগৰাকীয়ে স্থানীয় ৰাইজৰ সহযোগত বিধায়কজনৰ কাণ্ডৰ প্ৰতিবাদ কৰিছিল আৰু ৰাইজে বিধায়কজনক খেদি পঠাইছিল। পাছত বিজেপি যুৱ মৰ্চাৰ মিছা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ঘটনাৰ প্ৰাথমিক তদন্ত পৰ্যন্ত নকৰাকৈয়ে ৪ মে’ত জোনমণি মৰাণক গ্ৰেপ্তাৰ কৰে। ইয়াৰ বিপৰীতে মহিলা প্ৰাৰ্থীগৰাকীয়ে বিধায়ক সুৰেন ফুকন আৰু বিজেপিৰ যুৱ মৰ্চাৰ কেইবাজনো নেতাৰ বিৰুদ্ধে মহিলাক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলি ডুমডুমা থানাত এজাহাৰ দাখিল কৰে যদিও এই ক্ষেত্ৰত আৰক্ষী সম্পূৰ্ণ নিষ্ক্ৰিয় হৈ আছে। দৰাচলতে অসম আৰক্ষীয়ে বিজেপিৰ আঙুলিৰ ইংগিতত উঠা-বহা কৰি আছে। আনকি মহিলাসকলেও বিজেপি আৰু আৰক্ষীৰ ভয়-ভাবুকি, নিৰ্যাতন-উৎপীড়নৰ পৰা ৰক্ষা পোৱা নাই। চিপিআই(এম)-এ আৰক্ষীৰ ৰাজনৈতিক পক্ষপাতিত্বমূলক আচৰণৰ তীব্ৰ নিন্দা কৰিছে।

উল্লেখ্য যে ডিগবৈ সমষ্টিৰ একেজন বিধায়কেই পূৰ্বতে নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ সময়তো পঞ্চায়ত নিৰ্বাচনত বিজেপিক ভোট নিদিলে তেওঁলোকৰ নাম হিতাধিকাৰী আঁচনিসমূহৰ পৰা কৰ্তন কৰা হ’ব বুলি ভোটাৰ ৰাইজক মুকলিকৈ ভাবুকি দিছিল। ৰাইজৰ সুনিৰ্দিষ্ট অভিযোগ সত্ত্বেও ৰাজ্যিক নিৰ্বাচন আয়োগে পক্ষপাতদুষ্ট ভূমিকা লৈ চকু মুদা কুলিৰ ভাও জুৰি আছিল।

হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰক্ষীক সীমাহীন ক্ষমতা দিয়াৰ ফলত অসম আৰক্ষীয়ে এতিয়া ওভতগোৰে নাচিবলৈ আৰম্ভ কৰিছে। উদাহৰণঃ তিনিচুকীয়া জিলাৰে বৰডুমচা আৰক্ষী থানাত যুৱকৰ ওপৰত চলা বৰ্বৰ অত্যাচাৰ। থানা খনৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী আৰু উপ-পৰিদৰ্শক এজনৰ নেতৃত্বত সঞ্জীৱ মৰাণ নামৰ যুৱক এজনক সামান্য কথাতে যোৱা ৩ মে’ৰ দিনা দুপৰীয়া থানালৈ মাতি নি সন্ধিয়া পৰত থানাৰ ভিতৰত অমানুষিক নিৰ্যাতন চলায় আৰু আসুৰিক তৃপ্তি লয় বুলি অভিযোগ উত্থাপন হৈছে। আনকি যুৱক জনৰ গুপ্তাংগকে ধৰি সমগ্ৰ শৰীৰত প্ৰহাৰ আৰু ভোট জলকীয়া সানিও আৰক্ষী উল্লসিত হয় বুলি বাতৰিত প্ৰকাশ। বৰ্তমান যুৱকজন মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। চিপিআই(এম)ৰ ৰাজ্যিক কমিটিয়ে আৰক্ষীৰ এই বৰ্বৰতাকো নিন্দা কৰিছে আৰু আইনৰ শাসন নমনা দোষী পুলিচ বিষয়াৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে।

Recent News

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd