• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছ’চিয়েল মিডিয়াত উৰা-বাতৰিৰ পোষ্ট দেখিলেই আৰক্ষীক জনাওক : আৰক্ষী সঞ্চালক প্ৰধান

এন আৰ চিক লৈ সংবাদমেল আৰক্ষী সঞ্চালক প্ৰধানৰ; শান্তি-সম্প্ৰীতিৰ অটুট ৰখাৰ আহ্বান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 30, 2019 5:58 pm
DGP Kuladhar Saikia Press Meet

উলুবাৰীস্থিত আৰক্ষী মুখ্য কাৰ্য্যালয়ত সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ সংবাদমেল। ফটো : য়ু বি।

525
VIEWS
Share on FacebookShare on Twitter

ছ’চিয়েল মিডিয়াত এন আৰ চি কেন্দ্ৰিক যিকোনো উৰা-বাতৰি বিয়পালে তেনে দুৰ্বৃত্তক দৃষ্টান্তমূলক শাস্তি দিবলৈ আৰক্ষী সাজু হৈ আছে। তাৰ বাবে ছ’চিয়েল মিডিয়াত অসম আৰক্ষীয়ে শেনচকু ৰাখিছে।

আজি উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ত এখন সংবাদমেল সম্বোধন কৰি এই কথা জনালে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।

৩১ আগষ্টত পুৱা ১০ বজাত উন্নীতকৃত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পাব।

বহু প্ৰত্যাশিত এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বহুতো ভাৰতীয়ৰ নাম নথকাৰ শংকা কৰি বিভিন্ন দল-সংগঠনে বিভিন্ন ধৰণৰ আন্দোলন আদিৰ ভাবুকি দি আহিছে। আন কিছু সংখ্যক দল-সংগঠনে এন আৰ চিত বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বুলিও উৰাবাতৰি বিয়পাই আছে।

এইবোৰ দিশলৈ লক্ষ্য ৰাখি ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানজনে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ কথা ৰাজহুৱা কৰে।

যোৱা ২৩ আগষ্টত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰিছিল। আৰক্ষী অধীক্ষকক নিজা ববীয়াকৈ আৰক্ষী বাহিনী মোতায়েন কৰা আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে পদক্ষেপ লোৱাৰ বাবে কোৱা হৈছে। ৰাইজৰ সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন গাঁৱত ৰাজহুৱা সভা পাতিছে আৰক্ষীয়ে। জনালে সঞ্চালক প্ৰধানজনে।

ছ’চিয়েল মিডিয়াত উৰাবাতৰি বিয়পোৱা লোকৰ পোষ্ট দেখিলে আৰক্ষীক অৱগত কৰিবলৈ সকলোকে আহ্বান জনাইছে সঞ্চালক প্ৰধানজনে। এই ক্ষেত্ৰত সংবাদ মাধ্যম আৰু জনসাধাৰণৰ সহযোগিতা বিচাৰে সঞ্চালক প্ৰধান শইকীয়াই। খচৰা প্ৰকাশৰ সময়ত যিদৰে ৰাইজে সহায়-সহযোগিতা আগ বঢ়াইছিল এইবাৰো শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায়।

পূৰ্বে থকা ১৬৪টা কোম্পানিৰ উপৰি কেন্দ্ৰৰ ফালৰ পৰা সামৰিক বাহিনীৰ ৫১টা কোম্পানি নতুনকৈ প্ৰেৰণ কৰা হৈছে, জনালে সঞ্চালক প্ৰধানজনে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd