গাড়ী চুৰিৰ ঘটনাৰ সৈতে জড়িত ৫জন নগা যুৱকক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ
অসম আৰক্ষীয়ে শনিবাৰে মৰিগাঁও আৰক্ষী থানাত পঞ্জীয়ন হৈ থকা এটা গাড়ী চুৰিৰ গোচৰত জড়িত থকাৰ অভিযোগত গোলাঘাটত নাগালেণ্ডৰ ৫জন যুৱকক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নগা যুৱককেইজনক বিটো কাট্টি, কিমিয়াটো ছুৱ’, এবেট’ ঝিম’, নাগাটো আৱমি আৰু হেকাটো ছমি বুলি চিনাক্ত কৰা হৈছে।
অসম আৰক্ষীৰ সূত্ৰসমূহৰ মতে গ্ৰেপ্তাৰ হোৱাৰ সময়ত যুৱককেইজনে মৰিগাঁওৰ পৰা চুৰি হোৱা এখন কাৰ ক্ৰয় কৰিবলৈ গোলাঘাটলৈ আহিছিল। মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই জানিবলৈ দিয়া অনুসৰি পূৰ্বে গ্ৰেপ্তাৰ হোৱা তিনিজন ব্যক্তিৰ স্বীকাৰোক্তিৰ পাছতেই নাগালেণ্ডৰ পৰা যুৱক পাঁচজনক গ্ৰেপ্তাৰ কৰাটো সম্ভৱ হ’ল।
উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে মৰিগাঁওত গ্ৰেপ্তাৰ কৰা আন তিনিজন ব্যক্তিক নব দাস, আছাদুল ৰহমান আৰু ৰাণা ভট্ট বুলি চিনাক্ত কৰা হৈছে।
মৰিগাওঁৰ আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে অসমত গাড়ী চোৰৰ সৈতে এটা আন্ত:ৰাজ্যিক চক্ৰ জড়িত হৈ আছে। তেওঁ লগতে কয় যে মৰিগাঁওত ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা তিনিজনে গাড়ীখন চোৰ কৰি নাগালেণ্ডৰ যোগাযোগকাৰীক গোলাঘাটত গাড়ীখন বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰিছিল।
আৰক্ষী অধীক্ষক ডেকাই লগতে প্ৰকাশ কৰে যে উক্ত ধৃত তিনিজনে মৰিগাঁও আৰক্ষীক গোলাঘাটৰ সেই স্থানলৈ লৈ আনিছিল য’ত আৰক্ষীয়ে গাড়ী কিনিবলৈ অহা যুৱকেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।