বিজেপিয়ে এলাগী কৰিলে বিজেপি চৰকাৰৰে সহযোগী দল বিপিএফক। শনিবাৰে অৰ্থাৎ ৩০ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰাণ আৰু গহপুৰত দুখনকৈ নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলালে। কিন্তু এই নিৰ্বাচনী সভাত অমন্ত্ৰণ নাপালে সহযোগী দলটোৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে।
কিন্তু মন কৰিবলগীয়া যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে যিসময়ত অসম গণ পৰিষদ দলে বিজেপিৰ সংগ ত্যাগ কৰিছিল সেই সময়ত বিপিএফ দলে বিজেপি দলক চৰকাৰ চলোৱাত সহযোগিতা কৰিছিল। কিন্তু লোকসভা নিৰ্বাচনৰ আগত অগপই পুনৰ বিজেপিৰ লগত মিত্ৰতা কৰাৰ পিছত বিজেপিৰ বাবে এলাগী হৈ পৰিল বি পি এফ।
উল্লেখযোগ্য যে শনিবাৰে মৰাণ আৰু গহপুৰত প্ৰধান মন্ত্ৰীয়ে সম্বোধন কৰা নিৰ্বাচনী সভা দুখনত বিজেপি, অগপ আৰু বি পি এফৰ নেতৃবৃন্দ উপস্থিত থকাৰ কথা আছিল। কিন্ত নিৰ্বাচনী সভা দুখনত কেৱল সহযোগী দল অগপৰ নেতৃবৃন্দকহে দেখা গ’ল বিপৰীতে বিপিএফৰ কোনো এজন নেতাক দেখা নগ’ল।