‘’নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মোৰ স্থিতি পূৰ্বৰ দৰেই একেই আছে। অগপ বা আন কোনো প্ৰাৰ্থীৰ হৈয়েই মই নিৰ্বাচনী প্ৰচাৰ নচলাও।‘’ তেজপুৰত শনিবাৰে এই মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।
আনহাতে, আগন্তুক লোকসভা নিৰ্বাচনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা প্ৰাৰ্থীকহে ভোটদান কৰাৰ বাবেও অগপৰ প্ৰাক্তন সভাপতিজনে আহ্বান জনায়।
প্ৰাক্তন মুখ্য মন্ত্ৰী বিয়লি তেজপুৰৰ আৱৰ্ত ভৱনত সপত্নীক উপস্থিত হোৱা মহন্তই কয় যে কেন্দ্ৰীয় চৰকাৰখনে বিদেশী বহিষ্কাৰতো দূৰৰে কথা, পিছ দুৱাৰেদি বিদেশী অনাৰ কৌশলহে অৱলম্বন কৰিলে। বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ মাটি বাংলাদেশক গতোৱাৰ বিৰোধিতা কৰা বিজেপিয়ে নিৰ্বাচনৰ পাছতেই কেন্দ্ৰৰ চৰকাৰখনে বাংলাদেশক অসমৰ মাটি গতাই দিলে।
কেন্দ্ৰীয় চৰকাৰখনে সকলো ক্ষেত্ৰতে বিদেশী শক্তিৰ স’তে আপোচ কৰা বুলি উল্লেখ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী মহন্তই কয় যে অগপই বিজেপিৰ সৈতে কিয় মিত্ৰতা কৰিলে সেয়া মিত্ৰতা কৰা সকলেহে ক’ব পাৰিব।
তেওঁ লগতে কয় যে অগপৰ কাৰ্যনিৰ্বাহকত ইতিমধ্যেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত গৃহীত হৈছে আৰু অগপৰ সেই স্থিতি অব্যাহত আছে।
মহন্তই কেন্দ্ৰীয় চৰকাৰে যাতে ৰাজ্যৰ খিলঞ্জীয়াৰ স্বাৰ্থ বিঘ্নিত নকৰে তাৰ বাবে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক আহ্বান জনায়।