লকডাউন: অধিক কঠোৰ হ’ব অসম আৰক্ষী

COVID-19 positive cases reach 196 in Assam Police

প্ৰতিনিধিত্বমূলক চিত্ৰ

লকডাউনৰ ক্ষেত্ৰত অহা ২০ এপ্ৰিললৈকে অধিক কঠোৰ হ’ব অসম আৰক্ষী।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে জনোৱা আহ্বানৰ পৰিপ্ৰেক্ষিততে আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে।

“কাৰো মনত কোনো সন্দেহ থাকিব নালাগে। লকডাউন অহা ৩ মে’লৈকে আৰু ২০ এপ্ৰিললৈকে কঠোৰ ৰূপায়ণ, তাৰ পিছত পৰিস্থিতিৰ ওপৰত এক পৰ্য্যালোচনা কৰা হ’ব” অসম আৰক্ষীৰ টুইট।

এই সন্দৰ্ভত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (আইন-শৃংখলা) জি পি সিঙেও অসম আৰক্ষীক কঠোৰ হ’বলৈ আহ্বান জনাইছে।

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে এই সন্দৰ্ভত অসম আৰক্ষীক উদ্দেশ্যি এক টুইটো কৰিছে–”আৰক্ষী বন্ধুসকল আহক ২০ এপ্ৰিললৈ আমি দয়াহীন হওঁ।”

অহা ২০ এপ্ৰিললৈকে দেশৰ প্ৰতিখন ৰাজ্যৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰা হ’ব আৰু লকডাউনৰ সময়ছোৱাত কঠোৰ স্থিতি গ্ৰহণ কৰা হ’ব বুলিও প্ৰধান মন্ত্ৰীয়ে স্পষ্ট কৰি দিছিল।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰ’না সংক্ৰমণ ৰোধ কৰিবলৈ পূৰ্বে ২৪ মাৰ্চ পৰা ২১ দিনীয়া লকডাউনৰ ঘোষণা কৰিছিল৷

কিন্তু মঙলবাৰে পুৱা ১০ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ দেশবাসীক সম্বুধন কৰি সমগ্ৰ দেশতে লকডাউনৰ সময়সীমা ৩ মে’লৈ বৃদ্ধি কৰে।

প্ৰধান মন্ত্ৰী মোদীয়ে কয় যে ৰাজ্যসমূহৰ লকডাউন বৃদ্ধি কৰাৰ পৰামৰ্শ গ্ৰহণ কৰি এই সিদ্ধান্ত লোৱা হয় ৷

বিশ্বজুৰি মহামাৰীৰ ৰূপ লোৱা ক’ভিড-১৯ত আক্ৰান্ত হৈ অসমত এতিয়ালৈকে এজন লোকৰ মৃত্যু হৈছে।

এতিয়ালৈকে ৰাজ্যখনত মুঠ ৩০গৰাকী ব্যক্তি ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত হৈছে।

আটাইকেইগৰাকী ব্যক্তি বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে। তাৰোপৰি ৰাজ্যখনৰ বহুসংখ্যক লোকক বিভিন্ন স্থানত কুৱাৰেণ্টাইন কৰি ৰখা হৈছে।