পঞ্চায়ত নিৰ্বাচনৰ এগজিট প’ল নিষিদ্ধ কৰিলে নিৰ্বাচন আয়োগে

Panchayat

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণৰ আগে আগে পঞ্চায়ত নিৰ্বাচনৰ এগজিট প’ল নিষিদ্ধ কৰিলে ৰাজ্যিক নিৰ্বাচন আয়োগে।

প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণৰ দিন ৫ ডিচেম্বৰৰ পৰা অন্তিম পৰ্য্যায়ৰ ভোটগ্ৰহণৰ দিন ৯ ডিচেম্বৰলৈকে এই নিষেধাজ্ঞা কাৰ্য্যকৰী হৈ থাকিব বুলি আয়োগে জানিবলৈ দিছে।

এইখিনি সময়ত কোনো সংবাদ প্ৰতিষ্ঠানে নিৰ্বাচনৰ ফলাফল সম্পৰ্কীয় অনুমানভিত্তিক প্ৰতিবেদন বা ফলাফল সম্পৰ্কীয় তথ্য প্ৰচাৰ, প্ৰসাৰ আৰু প্ৰকাশ কৰিব নোৱাৰিব।

ৰাজ্যিক নিৰ্বাচন আয়োগৰ এটা সূত্ৰই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত এই কথা প্ৰকাশ কৰিছে। নিষেধাজ্ঞাটো অহা ৯ ডিচেম্বৰৰ দিনা ৩-৩০ বজালৈকে কাৰ্য্যকৰী হৈ থাকিব।

উল্লেখযোগ্য যে আজিকালি সংবাদ মাধ্যমে ভোটগ্ৰহণৰ পিছতে বিভিন্ন দলৰ আসন লাভৰ আনুমানিক সংখ্যা সহ প্ৰতিবেদন প্ৰকাশ কৰাটো এটা নিয়মত পৰিণত হৈছে, যিটোৱে ভোটগ্ৰহণৰ আনবোৰ পৰ্য্যায়ত ভোটাৰৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।