• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লক্ষ্য ২০২১ বিধানসভা নিৰ্বাচন; ১ আগষ্টৰ পৰা অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত বুথলৈ যাওঁ আহক কাৰ্যসূচী

দীপজ্যেতি শৰ্মা দীপজ্যোতি শৰ্মা
গুৱাহাটী , July 28, 2020 7:32 pm

2 min read

লক্ষ্য ২০২১ বিধানসভা নিৰ্বাচন; ১ আগষ্টৰ পৰা অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত বুথলৈ যাওঁ আহক কাৰ্যসূচী

উৎস-ইণ্টাৰনেট

4k
VIEWS
Share on FacebookShare on Twitter

এক আগষ্টৰ পৰা ৩১ আগষ্টলৈ ৰাজ্যজুৰি ২৬ হাজাৰ বুথ সমিতিত সামৰি ব্যাপক সাংগঠনিক কাৰ্য্যসূচী ঘোষণা কৰিছে অসম প্ৰদেশ কংগ্ৰেছে।

আগন্তুক বিধানসভা নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সাংগঠনিক তৎপৰতা তৃণমূল পৰ্যায়লৈ সক্ৰিয় আৰু শক্তিশালী কৰাৰ উদ্দেশ্য প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বুথলৈ যাওঁ আহক কাৰ্যসূচী হাতত লৈছে ৷

ৰাজ্যখনৰ প্ৰতিটো ভোট গ্রহণ কেন্দ্রৰ অন্তৰ্গত কংগ্রেছ দলৰ প্ৰায় ২৬ হাজাৰ বুথ কমিটি অহা ১ আগষ্টৰ পৰা ৩১ আগষ্টলৈ এই কাৰ্যসূচীৰে সামৰি লোৱা হব ৷

এক প্ৰেছ বিজ্ঞাপ্তি যোগে দলটোৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে কয় য়ে, “এই ২৬ হাজাৰ বুথ সমিতিৰ সৰহসংখ্যকতে দলৰ শক্তিশালী বুথ সমিতি আছে যদিও এই কাৰ্য্যসূচীৰ যোগেদি এই সমিতিসমূহক আৰু অধিক শক্তিশালী তথা সক্ৰিয় কৰি তোলাৰ উদ্দেশ্যেই উক্ত সমিতিসমূহৰ পুনৰ গঠন আৰু নতুন সদস্যৰ সংযোজন কৰা হ’ব”।

ইপিনে ৩১ আগষ্টৰ ভিতৰত প্ৰতিটো বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বুথ কমিটিৰ গঠন সম্পূর্ণ কৰিব লাগিব ৷ প্ৰতিখন বুথ কমিটিত নিম্নতম ২১ জন সদস্য/সদস্যা থকাটো নিতান্তই প্রয়োজন বুলি প্ৰেছ বিজ্ঞাপ্তিত উল্লেখ কৰা হৈছে।

উল্লেখযোগ্য যে, এই কমিটিসমূহ পুনৰ গঠন কৰোঁতে মহিলা কংগ্রেছ, সেৱা দল, যুৱ কংগ্রেছ, এন এচ য়ু আই আৰু ইয়ং বিগ্ৰেডৰ সক্ৰিয় সদস্যসকলক অগ্রাধিকাৰ দিয়াটো বাঞ্চনীয় হব ৷

আনহাতে ছেপ্টেম্বৰৰ ১০ তাৰিখৰ ভিতৰত প্ৰতিখন জিলা কংগ্রেছ কমিটিয়ে নিজ জিলাৰ প্ৰতিটো বিধানসভা সমষ্টিৰ অন্তৰ্গত সকলো বুথ সমিতিৰ সম্পূর্ণ তালিকা ইমেইল যোগে প্ৰদেশ কংগ্ৰেছ কমিটিলৈ পঠিয়াব লাগিব ৷

ইপিনে এই কাৰ্য্যসূচী স্হানীয় বিধায়ক, সাংসদ, প্ৰাক্তন বিধায়ক, প্ৰাক্তন সাংসদ আৰু সংশ্লিষ্ট বিধানসভা সমষ্টিৰ প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াৰ দিহা-পৰামর্শ আৰু সহযোগত কৰিব লাগিব বুলি বিজ্ঞপ্তিত উল্লেখ কৰি কয় ” দলীয় নেতাসকলৰ লগতে জিলা কংগ্রেছৰ সভাপতি আৰু বিষয়ববীয়া, ব্লক কংগ্রেছৰ সভাপতি আৰু বিষয়ববীয়াসকলো নিজৰ নিজৰ বুথ সভাত উপস্থিত থকাৰ ওপৰিও পাৰ্যমানে অন্যান্য বুথ সমিতিৰ সভাটো উপস্থিত থকাটো বাঞ্চনীয়”।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই অসমৰ প্ৰতিজন কংগ্রেছ নেতা, কৰ্মী,সদস্যকেই এই বুথলৈ যাওঁ আহক কাৰ্য্যসূচীত সক্ৰিয়ভাৱে ব্যাপক হাৰত অংশগ্রহণ কৰি কাৰ্য্যসূচী সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনাই ৷

Recent News

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

index.jpgaa

ৰঙালীৰ উছাহৰ মাজতে বজালীত কোভিডৰ আগ্ৰাসন : শনিবাৰে জিলাখনত আৰু ৫ গৰাকী আক্ৰান্ত

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd