গ্ৰীণ ফিল্ড এয়াৰপোৰ্ট নিৰ্মাণৰ নামত বিজেপি চৰকাৰৰ মিথ্যাচাৰিতা: সমালোচনাত মুখৰ প্ৰদেশ কংগ্ৰেছ
অসম চৰকাৰে গ্ৰীণ ফিল্ড এয়াৰপোৰ্ট নিৰ্মাণৰ নামত গ্ৰহণ কৰা মিথ্যাচাৰিতা এক আৰ টি আই ৰিপৰ্টে উদঙাই দিয়াৰ পাছতে আজি চৰকাৰৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য।
আজি এক সংবাদমেল অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই গ্ৰীণ ফিল্ড এয়াৰপোৰ্ট নিৰ্মাণৰ নামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ নিকৃষ্ট যড়যন্ত্র RTI যোগে ফাদিল হোৱা বুলি উল্লেখ কৰি চৰকাৰক জবাবদিহি কৰে।
গ্ৰীণ ফিল্ড এয়াৰপোৰ্ট নিৰ্মাণৰ নামত ডলু চাহ বাগিছাত অসম চৰকাৰে চলোৱা উচ্ছেদ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাহ শ্ৰমিকৰ ভৱিষ্যতকলৈ হেতালি খেলিছে বুলি অভিযোগ কৰে।
কাৰ স্বাৰ্থত কোনো ধৰণৰ অনুমতি নোহোৱাকৈ বিশাল আৰক্ষী আৰু অৰ্দ্ধসামৰিক বাহিনীক ব্যৱহাৰ কৰি এখন উৎপাদন হৈ থকা লাভজনক চাহ বাগিচাত অমানুষিক ভাৱে উচ্ছেদ অভিযান চলোৱা হ’ল বুলিও চৰকাৰক প্ৰশ্ন কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই।
সংবাদ মেলত তেওঁ কয়, “কোন পুঁজিপতি বণিয়াৰ স্বাৰ্থত এনে পৰিকল্পিত ষড়যন্ত্র কৰা হৈছে? এখন RTI ৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক পৰিবহন বিভাগে স্পষ্টকৈ জনাইছে যে শিলচৰত গ্ৰীণ ফিল্ড এয়াৰপোৰ্ট নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কোনো ধৰণৰ প্ৰস্তাবেই নাই।”
কোনো ধৰণৰ পৰিকল্পনা নথকাৰ পিছতো চৰকাৰে ডলু চাহ বাগিছাত চলোৱা উচ্ছেদ সন্দৰ্ভত তেওঁ কাছাৰ জিলা প্ৰশাসনে, আৰক্ষী বিভাগে কাৰ স্বাৰ্থত বাগিচাত উচ্ছেদ চলাইছিল বুলি প্ৰশ্ন উত্থাপন কৰে।
অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই কয় যে নীতিগত ভাৱে “Site Clearance” নোপোৱাকৈ এনে উচ্ছেদ চলোৱা অনুচিত। কিন্তু তথাপি উচ্ছেদ চলাই ৩০ লাখ চাহ গছ উভালি পেলোৱা হ’ল। আৰক্ষীয়ে আইন উলংঘা কৰি বুলড’জাৰ চলাই শ্রমিকৰ ঘৰ পৰ্যন্ত ভাঙি পেলালে।
বৰাকৰ জনগণক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে এইদৰে ষড়যন্ত্ৰমূলকভাৱে প্ৰৱঞ্চনা কৰিলে বুলি মন্তব্য কৰি ভট্টাচাৰ্য্যই লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো বণিয়াৰ স্বাৰ্থত এনে নিকৃষ্ট কাম কৰিছে বুলিও অভিযোগ কৰে।
উল্লেখ্য যে গ্ৰীণ ফিল্ড এয়াৰ প’ৰ্ট নিৰ্মাণৰ পৰিকল্পনাৰ অজুহাত দেখুৱাই অসম চৰকাৰে ডলু চাহ বাগিছাৰ এক বৃহৎ অংশ উচ্ছেদ কৰিছিল। চৰকাৰৰ এই স্বৈৰাচ্ছাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।
উচ্ছেদৰ বিৰোধিতাৰে ডলু চাহ বাগিছাৰ লগতে সমগ্ৰ ৰাজ্যতে চাহ কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু এনে প্ৰতিবাদৰ পিছতো গা লৰা নাছিল অসম চৰকাৰৰ।
কিন্তু এতিয়া এয়াৰপ’ৰ্ট অৰ্থৰিটি অৱ ইণ্ডিয়াই প্ৰকাশ কৰা এই ৰিপ’ৰ্টে ডলু চাহ বাগিছাত কোনো এয়াৰপ’ৰ্ট নিৰ্মাণ নহয় বুলি নিশ্চিত কৰিছে। কিন্তু এয়াৰপ’ৰ্ট নিৰ্মাণৰ কোনো পৰিকল্পনা নথকাৰ পাছতো অসম চৰকাৰে মিথ্যাচাৰিতাৰ আশ্ৰয় লৈ এইদৰে ভুৱা প্ৰচাৰ কিয় চলাইছিল সেই লৈ সন্দেহৰ সৃষ্টি হৈছে।