DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উপ-নিৰ্বাচন : “নতুন মুখ”ক প্ৰাধান্যৰে কংগ্ৰেছে ঘোষণা কৰিলে প্ৰাৰ্থীৰ চূড়ান্ত তালিকা

কেৱল এটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা এ আই য়ু ডি এফৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 28, 2019 5:32 pm
Joined-Image
4k
VIEWS
Share on FacebookShare on Twitter

অক্টোবৰত অনুষ্ঠিত হ’ব লগীয়া ৰাজ্যৰ চাৰিটা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কংগ্ৰেছে আটাইকেইটা সমষ্টিতে নতুন মুখৰ প্ৰাৰ্থীক নিৰ্বাচনী যুঁজলৈ আগ বঢ়াই দিছে।

আজি আটাইকেইটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ৰাজ্যৰ বিৰোধী দলটোৱে।

ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা নিৰ্বাচনী বিষয়া মুকুল ৱাচনিকে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিজ্ঞপ্তি যোগে এই তালিকা প্ৰকাশ কৰা হৈছে।

১ নং ৰাতাবাৰী সমষ্টিত কেশৱ প্ৰসাদ ৰজকে প্ৰাৰ্থিত্ব লাভ কৰাৰ বিপৰীতে ৪৪ নং জনিয়া সমষ্টিত দলটোৰ প্ৰাৰ্থিত্ব লাভ কৰিছে ছামচুল হকে।

৭৪ নং ৰঙাপৰা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে কাৰ্তিক কুৰ্মীয়ে।

আনহাতে ১০৬ নং সোণাৰি সমষ্টিত শৰৎ বৰকটকীৰ পুত্ৰকে ধৰি চৰ্চিত বহুকেইটা নামক কাষৰীয়া কৰি টিকট লাভ কৰে সুশীল সুৰিয়ে। সুৰি চাহ শ্ৰমিক সম্প্ৰদায়ৰ আৰু তেওঁ সোণাৰি মহাবিদ্যালয়ৰ অধ্যাপক।

প্ৰাৰ্থিত্ব লাভ কৰা চাৰিজনৰ ভিতৰত এজনৰো পূৰ্বে বিধানসভাৰ নিৰ্বাচন খেলাৰ অভিজ্ঞতা নাই।

কেইদিনমানৰ পূৰ্বে দলটোৰ ৰাজ্যিক নেতৃত্বই নতুন মুখক গুৰুত্ব দিয়াৰ ইংগিত দিছিল। “নতুন মুখক প্ৰাধান্য দিয়া হ’ব” বুলি নৰ্থ-ইষ্ট নাওৰ আগত প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচন কমিটীৰ আহ্বায়ক অপূৰ্ব ভট্টাচাৰ্য্য মন্তব্য কৰিছিল।

আনহাতে, বৰ্তমানলৈকে চূড়ান্ত তালিকা প্ৰকাশ কৰা নাই শাসনাধিষ্ঠিত বিজেপিয়ে।

আন এটা প্ৰধান বিৰোধী দল, এ আই য়ু ডি এফে কেৱল জনিয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগ বঢ়োৱাৰ কথা ঘোষণা কৰিছে। সমষ্টিটোৰ পৰা জনিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে দলটোৱে।

Recent News

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Dog killed three-day-old baby in Panipat

চিকিৎসালয়ৰ বিচনাৰ পৰা তুলি নি তিনিদিনীয়া কেঁচুৱাক হত্যা কৰিল কুকুৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd