NORTHEAST NOW (Assamese)

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ, ধৈৰ্য্য কোঁৱৰ,বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ মুক্তিৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ  অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজৰ

April 28, 2020 6:09 pm · নিৰ্মলেন্দু পাঠক

দেশদ্ৰোহৰ গোচৰত বিগত কেইবামাহো কাৰাৰুদ্ধ হৈ থাকিবলগীয়া হোৱা কৃষক নেতা অখিল গগৈৰ লগতে ধৈৰ্য্য কোঁৱৰ, মানস কোঁৱৰ, বিতু সোণোৱালৰ মুক্তিৰ দাবীৰে আজি টীয়ক ৰাজহ চক্ৰ বিষয়াৰ যোগেদি ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজৰ কেন্দ্ৰীয় উপদেষ্টা মনোজ গগৈয়ে ৷

স্মাৰকপত্ৰ খনত মনোজ গগৈয়ে ক’ভিড-১৯-ৰ সংক্ৰমণ নিয়ন্ত্ৰণত চৰকাৰে গ্ৰহণ কৰা ভূমিকাক প্ৰশংসা জনোৱাৰ সমান্তৰালভাৱে ষড়যন্ত্ৰমূলকভাৱে এটাৰ পিছত এটাকৈ নানান গোচৰত কৃষক নেতা অখিল গগৈকে ধৰি বহুকেইজন সংগ্ৰামী নেতাক গ্ৰেপ্তাৰ কৰি চৰকাৰে জনগণৰ যি বাক স্বাধীনতা প্ৰতিহত কৰিব বিচৰিছে সেই  কৰ্মক ধীক্কাৰ জনায়।

আনহাতে, স্মাৰকপত্ৰখনত গগৈয়ে অতি শীঘ্ৰে অসমৰ বিভিন্ন সমস্যা লৈ প্ৰতিবাদ সাব্যস্ত কৰি অহা প্ৰতিবাদকাৰী সকলক মুক্তি কৰি দিয়াৰ দাবী উত্থাপন কৰে।

কৃষক নেতা অখিল গগৈক মুকলি কৰি দিবলৈ খিলঞ্জীয়া মঞ্চ অসমৰ মুখ্য আহ্বায়ক তথা আলফা নেতা অনুপ চেতিয়ায়ো চৰকাৰলৈ আহ্বান জনাইছিল।

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বিৰোধী আন্দোলনত বলিষ্ঠ ভুমিকা গ্ৰহণ কৰা অখিল গগৈ যোৱা বৰ্ষৰ ১৬ ডিচেম্বৰৰ পৰা কাৰাবন্দী হৈ আছে।

Related News