• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“Assam Proper”, অসমীয়াৰ ঐক্যত আন এটা আঘাত; অধ্যাপক ননীগোপাল মহন্ত পুনৰ বিতৰ্কত

বিজেপিৰ কৰ্মীসভাৰ পৰা পলাইছিল সাংবাদিকৰ কেমেৰা দেখি; সাক্ষাৎ কৰিছিল মোহন ভাগৱতক; শিক্ষক দিৱসৰ দিনটোত উপস্থিত আছিল নেডাৰ বৈঠকত

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2019 4:39 pm
Nani Gopal Mahanta

ফটোৰ উৎস : ইণ্টাৰনেট।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাতিটোলৈ সংকট কঢ়িয়াই অনা CAA-ৰ বিৰোধিতাত সকলো অসমীয়া ঐক্যবদ্ধ হোৱাৰ সময়তে বিভাজনৰ এপাট অস্ত্ৰ এৰি দিছে বিজেপিৰে সম্পৰ্কিত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিতৰ্কিত অধ্যাপক ড০ ননীগোপাল মহন্তই।

মহন্তই এটা ব্যক্তিগত খণ্ডৰ বাতৰি চেনেলত ২৮ ডিচেম্বৰত এটা আলোচনাৰ সময়ত নাগৰিকত্ব (সংশোধন) আইনখনৰ আওতাৰ পৰা বাহিৰত ৰাখিবলৈ উজনি অসমৰ জিলাবোৰৰ নাম লওঁতে “আছাম প্ৰপাৰ” শব্দটো ব্যৱহাৰ কৰে।

Apply Now

বিষয়টোত এটা সমাধানৰ প্ৰস্তাৱ আগ বঢ়াই তেওঁ কয়, “আমাৰ যিখন আছাম প্ৰপাৰ- শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, চৰাইদেউ, শোণিতপুৰ, ধেমাজি, লখিমপুৰকে ধৰি অন্ততঃ দহখন জিলাক CAA-ৰ আওতাৰ পৰা বাহিৰত ৰাখক”।

ইতিপূৰ্বে কেন্দ্ৰৰ বিজেপি চৰকাৰে বিতৰ্কিত আইনখনৰ পৃষ্ঠভূমিক ব্যৱহাৰ কৰি অসমীয়াক ষষ্ঠ অনুসূচীৰ অধীন এলেকাৰ বাসিন্দা আৰু তাৰ বাহিৰৰ বাসিন্দা হিচাপে ভাগ কৰি থৈছে। উত্তৰ-পূবৰ ইনাৰলাইন পাৰ্মিট থকা ৰাজ্যবোৰ আৰু ষষ্ঠ অনুসূচীৰ অন্তৰ্গত এলেকাবোৰ আইনখনৰ পৰা বাহিৰত ৰখাত আন্দোলনকাৰীৰ শক্তি কমি গৈছিল।

বিজেপিৰ সৈতে থকা “সম্পৰ্ক”ৰ আধাৰত মহন্তৰ মন্তব্যকো ছ’চিয়েল মিডিয়াত তৎক্ষণাত “বিভাজনমূলক” বুলি চিহ্নিত কৰা হয় আৰু তীব্ৰ প্ৰতিক্ৰিয়া কৰে য়ুজাৰসকলে।

বিতৰ্কৰ কেন্দ্ৰ হৈ পৰাৰ পিছত আজি মহন্তই এটা ফেইচবুক পোষ্টৰ জৰিয়তে নিজৰ বক্তব্যক যুক্তিযুক্ত প্ৰমাণ কৰাৰ চেষ্টা কৰে।

তেওঁ Assam proper শব্দটো তেওঁৰ সৃষ্টি নহয় আৰু ইয়াৰ দ্বাৰা তেওঁ proper Assam বুজোৱা নাই বুলি দাবী কৰে। অমলেন্দু গুহ, এডৱাৰ্ড গেইট, হেৰম্বকান্ত বৰপূজাৰী প্ৰমুখ্যে অসমৰ বহুকেইজন ইতিহাসবিদে শব্দটো ব্যৱহাৰ কৰিছে বুলি দাবী মহন্তৰ।

স্পষ্টীকৰণ সত্ত্বেও ইতিহাসবিদসকলে সেই সময়ৰ অসমৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা শব্দযুগল বৰ্তমানৰ প্ৰেক্ষাপটত মহন্তই ব্যৱহাৰ কৰাটো গ্ৰহণযোগ্য বুলি মানিব পৰা নাই বিভিন্নজনে।

আনকি মহন্তক নিজৰ ৱালত থকা স্পষ্টীকৰণৰ পোষ্টতে বহুজনে গৰিহণা দিছে তেওঁৰ সংকীৰ্ণ মনোভাবৰ বাবে। উজনি-নামনিৰ বিভাজন কৰা বুলি অভিযোগ কৰি নামনি অসম proper Assam নহয় নেকি বুলি মহন্তক উভতি ধৰি প্ৰশ্ন কৰিছে বহুকেইজনে?

এজন মন্তব্যকাৰীয়ে মহন্তক “বিজেপিৰ দৰেই নিজৰ কুৎসিত মন্তব্যৰে আপুনিও বিভাজন সৃষ্টি কৰিব খুজিছে” বুলি সমালোচনা কৰে।

এজনৰ মন্তব্য, “shame on you,you people do not think lower assam is a part of Assam,”.

আন এজনে কটাক্ষ কৰি কৈছে, “আপোনাৰ বৌদ্ধিক চৰ্চা সন্দেহৰ আৱৰ্তত”

আন এজনে তেওঁৰ স্পষ্টীকৰণক মানি লৈ প্ৰশ্ন উত্থাপন কৰিছে, “বাৰু বুজিলো Assam proper ৰ কথা। কিন্তু কেৱল সেইকেইখন জিলাক কেলেই বাদ দিব লাগে? বাকী বোৰক কেলেই নালাগে? আৰু এতিয়া প্ৰায়ভাগ মানুহে পাহৰি পেলোৱা তেতিয়াৰ term এটাক আজি এনেকৈ ব্যৱহাৰ কৰাৰ উদ্দেশ্যে কি?”

“যোৱা এক দশকৰো অধিক কাল শ্ৰেণীকোঠালৈ নোযোৱা আৰু মন্ত্ৰীৰ গাড়ীৰ পিছে পিছে ঘূৰি ফুৰা শিক্ষক” বুলিও তেওঁক ইতিকিং কৰা হৈছে ছ’চিয়েল মিডিয়াত।

উল্লেখ কৰিব পাৰি যে পূৰ্বে বিজেপিৰ কৰ্মীসভা আৰু নেডাৰ বৈঠকত উপস্থিত থাকি বিতৰ্কৰ আৱৰ্তত সোমাই পৰাৰ উদাহৰণ আছে অধ্যাপকজনৰ।

বিজেপি চৰকাৰ অহাৰ কিছুদিন পিছতে দিচপুৰত অনুষ্ঠিত বিজেপিৰ এখন কৰ্মীসভাত উপস্থিত থকা অধ্যাপক মহন্ত সাংবাদিকৰ কেমেৰা দেখি দৌৰিছিল। কৰ্মীসভাখনত মহন্তৰ নাম উল্লেখ আছিল বিজেপিৰ নীতি গৱেষণা কমিটীৰ সদস্য হিচাপে।

তাৰ পিছত ২০১৭ চনত শিক্ষক দিৱসৰ দিনটোত দিল্লীত অনুষ্ঠিত “নেডা”ৰ বৈঠকত ঘোষক হিচাপে উপস্থিত থাকি বিতৰ্কত পৰিছিল অধ্যাপকজন।

২০১৮ চনৰ জানুৱাৰিত অসম ভ্ৰমণলৈ অহা মোহন ভাগৱতকো তেওঁ থকা বালাজী মন্দিৰৰৰ অতিথিশালাত গোপনে সাক্ষাৎ কৰিছিল ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপকজনে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd