• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছয় জনগোষ্ঠীক জনজাতিকৰণ বিৰোধিতাত হাফলঙত বিশাল প্ৰতিবাদ

NE NOW NEWS পংকজকুমাৰ দেব
হাফলং , November 23, 2019 12:22 pm

2 min read

ছয় জনগোষ্ঠীক জনজাতিকৰণ বিৰোধিতাত হাফলঙত বিশাল প্ৰতিবাদ
219
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যজুৰি অব্যাহত থকা কেব বিৰুদ্ধী আন্দোলনৰ মাজতে শেহতীয়াভাৱে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৱে পুনৰ চৰ্চালৈ আহিছে।

শুকুৰবাৰে হাফলঙৰ হিল ট্ৰাইব্ছ স্টুডেন্টছ এচ’চিয়েচনে ‘সংবিধানৰ অনুসূচিত জনজাতি সংশোধনী বিধেয়ক, ২০১৯’ (Constitutional Schedule Tribe Amendment Bill) বাতিলৰ দাবীত হাফলং নগৰৰ মাজেৰে এক বিশাল জোঁৰ সমদল উলিয়ায়।

উল্লেখযোগ্য চলিত শীতকালীন অধিৱেশনত চৰকাৰে ‘চিডিউল ট্ৰাইব এমেন্ডমেন্ড বিল’ৰ জৰিয়তে ছয় জনগোষ্ঠী (তাই আহোম, কোচ ৰাজবংশী, চাহ-জনগোষ্ঠী, চুতীয়া, মৰাণ, মটক)ক শীঘ্ৰেই জনজাতি মৰ্য্যদা দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতে জনজাতীয় সংগঠন সমুহে ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে।

কালিৰ জোঁৰ সমদলত হিল ট্ৰাইব্ছ স্টুডেন্টছ এচ’চিয়েচনৰ সভাপতি প্ৰমিত চেঙগুইনে ‘বিজেপি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে পাৰ্বত্য জনগোষ্ঠীৰ আবেগ-অনুভূতিক লৈ খেলা কৰা’ বুলি কয়।

এই বিলৰ যোগেদি পাৰ্বত্য জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰ কাঢ়ি ল’ব খোজা হৈছি বুলি মন্তব্য কৰি তেওঁ কয় যে যদিহে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হয় তেন্তে পুনৰ পাহাৰীয়া জিলা দুখন (কাৰ্বি আংলং আৰু ডিমা হাচাও)ক লৈ পৃথক স্বায়ত্তশাসিত ৰাজ্য গঠন কৰাৰ আন্দোলন আৰম্ভ হ’ব।

চেঙগুইনৰ মতে ‘ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিৰ অন্তৰ্গত ২৪৪(ক) ধাৰাৰ অধীনত পৃথক স্বায়ত্তশাসিত ৰাজ্য গঠন কৰা’ পাহাৰীয়া জিলা দুখনৰ ৰাইজৰ এক দীৰ্ঘদিনীয়া দাবী।

আনহাতে কালি জোঁৰ সমদলত হিল ট্ৰাইব্ছ স্টুডেন্টছ এচ’চিয়েচনে বিজেপি চৰকাৰে আনিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰো দাবী জনায়।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd