• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ ‘আছাম পাব্লিক ৱ’ৰ্কছ’ৰ এখন মুকলি চিঠি

এন ই নাও নিউজ by এন ই নাও নিউজ
June 30, 2020 4:58 pm
APW
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাম্প্ৰতিক পৰিস্হিতি, কোভিড আতংক আদিৰ বাবে বিগত কিছু দিন ধৰি অসমত চলি থকা কেতবোৰ বিয়াগোম বিসংগতি সম্পৰ্কে আমি মুখ খোলা নাছিলো যদিও এতিয়া আমি অনুধাৱন কৰিছো যে কথাবোৰ ৰাইজৰ দৃষ্টিগোচৰ নকৰিলে পলম হ’ব। কোভিড আতংক যদিও মাৰাত্মক হৈয়ে আছে তথাপি কেবল আতংকৰ দোহাই দিয়ে সময় অনুযায়ী যদি ৰাইজক প্রতিটো কথা সময়ত উনুকিয়াই দিয়া নহয় হয়তো হিতে বিপৰীত হ’ব।

কোভিড আতংকত জনতা আতংকিত হৈ থকাৰ মাজতে অসম চৰকাৰৰ বিভিন্ন বিভাগত দুর্নীতিৰ বিভিন্ন কাণ্ড পুর্ণোদ্যমে চলিব ধৰিছে সঁচা কথা ক’বলৈ গ’লে দুগুণ উৎসাহত চলিব ধৰিছে। কথাবোৰ গমি চালে এনে ভাব হয় যেন কোভিডৰ দোহাই দি কিছুমান বিষয়া ঠিকাদাৰৰ দুর্নীতি কেলেংকাৰীয়ে এক নতুন অধ্যায়ৰ সুচনা কৰিছে।

Apply Now

প্ৰথমেই জনাওঁ অসমৰ সাম্প্ৰতিক পৰিস্থিতিত “হঠাৎ পেট্রিয়ট” হৈ পৰা অসমৰ ইতিহাসত নজিৰবিহীন দুর্নীতিৰে নিজৰ নাম সোণালী আখৰেৰে লিখিও কোভিড প্ৰেক্ষাপটত সাংঘাটিক অসমপ্রেমী হৈ পৰা কেইজনমান ঠিকাদাৰৰ কথা। কোভিডত জনতাক ল’কডাউনত ৰখাৰ সময়তে ৰাজকোষৰ কৌটি কৌটি টকা উলিয়াই নিবলৈ সক্ষম হোৱা এনে ঠিকাদাৰসকলে কোভিড যুঁজৰ বাবে কৌটি কৌটি টকা চৰকাৰক দান দিলে। তেনে এজন কোনো ধানুকা, কোনো জৈন, কোনো টেণ্ট হাউছৰ ব্যৱসায়ী, কোনো দাস, কোনো শৰ্মাই, কোনো দত্তই চমকপ্ৰদ বৰঙণিৰে বাতৰিৰ শিৰোনাম দখল কৰিলে। বৰঙণিৰ পৰিমাণ দেখি সকলো তেওঁলোকৰ ভক্ত হৈ পৰিল। কিন্তু কাহিনীটো দেখাত যিমান সৰল আৰু সহজ প্ৰকৃততেই তেনেকুৱা নে? অসমৰ সহজ সৰল জনতাৰ আগত বিপদৰ ত্রাণকর্তাৰ ভুমিকাৰ অভিনয়ত অভিনয় কৰা এইকেইজন মুষ্টিমেয় তেজপিয়াই কোনো প্রভাবশালী মন্ত্রীৰ ঘনিষ্ঠ হোৱাৰ সুযোগ লৈ অসমত কেনেকৈ লুণ্ঠন চলাইছিল সেয়া অসমৰ ৰাইজ কিমান জ্ঞাত? এই কেইজন ঠিকাদাৰৰ এই দান দি মহান হোৱাৰ নাটকখন আৰু ভূমাফিয়াই বিহু পুজাত মোটা বৰঙণি দি সাংস্কৃতিক সন্ধিয়াত ফুলাম গামোচা পিন্ধা নাটকখন একেই।

অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ এন এইচ এমত দুই নম্বৰী ঔষধ দিও একমাত্ৰ মন্ত্রীৰ ঘনিষ্ঠ হোৱাৰ বাবেই ব্লেকলিষ্টেড হোৱাৰ পৰা ৰক্ষা পৰা কোনোবা ধানুকা নামৰ লুটি পুটি অসমৰ ৰাজকোষ শৰাধ কৰাজনেই এতিয়া খুদ চতিয়াই অসমৰ ইতিহাসত ক’বলৈ গ’লে লাচিত বৰফুকন হ’বলৈ ওলাইছে। টেণ্ট আৰু খাদ্যৰ মাফিয়াগিৰি কৰা কোনোবা “কি কি” আজি কোভিডৰ আগ শ্রেণীৰ ৰণুৱা। কেনেকৈ এজন তেজপিয়া ৰত্নাকৰ বাল্মীকি হ’ল! মাথো আদালতৰ মজিয়াত ৰত্নাকৰ বাল্মীকি হোৱাৰ কাহিনী প্ৰমাণ কৰিবলৈ কিছু সময় লাগিব।

কথাটো হ’ল অসমৰ মুখ্যমন্ত্ৰীজন এইবোৰ বিষয় বা নাটক সম্পৰ্কে জ্ঞাত নে অজ্ঞাত? যদি জ্ঞাত অথচ মনে মনে আছে তেন্তে কিয়? আৰু যদি অজ্ঞাত তেওঁ প্ৰকৃততে কৰি আছে কি?

কোভিডৰ নামত ৰাইজক ঘৰত তলা বন্ধ কৰি ৰাখি, দিছপুৰত সাধাৰণ জনতাৰ প্রৱেশ নিষিদ্ধ কৰি বচা বচা এচাম ঠিকাদাৰক ধন মুকলি কৰি দিয়া হ’ল। সেইকেইজন ঠিকাদাৰেই কোভিড যুদ্ধত মুক্ত হস্তে দান আগবঢ়ালে। আনহে নালাগে যুদ্ধকালীন ভাবে পি পি ই কীট চীনৰ পৰা অনা হ’ল। যুদ্ধকালীন প্রস্তুতি। ইয়াতো সেই কেইজনেই ঠিকাদাৰ , যিসকলে কৌটি কৌটি টকাৰ দুই নম্বৰী ঔষধ যোগান দি ব্লেকলিষ্টেড হোৱাৰ পৰা একমাত্ৰ ৰাজনৈতিক প্রভাবত হাত সাৰি আহিছে। অৱশ্যে চীনৰ পৰা অনা পি পি ই কীটক লৈ যি লম্ফ জম্ফ আৰু দম্ভ দেখুৱাইছিল পিচত জিভা পিচল খাইও সেই পি পি ই কীটৰ নাম নোলোৱা হ’ল।

মূখ্যমন্ত্ৰী মহোদয়, আজি বাতৰি কাকত মেলিব নোৱাৰা অৱস্থা। চৰকাৰৰ কোনো যেন অস্তিত্বই নাই।

কোভিডে অসুবিধা নকৰিলে অর্থাৎ সময়ৰ জোখাৰে যদি সঠিক সময়ত নিৰ্বাচন হয় তেন্তে আপোনাৰ হাতত মাত্র দহ মাহ আছে আৰু ভালকৈ চালে নিৰ্বাচনী অধিনিয়ম বাদ দিলে আঠমাহ মান আছে। আপুনি সিদ্ধান্ত লৈ কিবা এটা কৰক, নহ’লে আগন্তুক নির্বাচনত দুর্নীতিও এটা ইছ্যু হ’ব, যিটো আপোনাক শাসনত আনিবলৈ ভোটদান কৰা কোনো ভোটাৰে কাস্মিনকালেও ভবা নাছিল।

শেষত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ দৃষ্টিগোচৰ কৰিলো, আপুনি ব্যৱস্থা লওক ।

ধন্যবাদেৰে

আভিজিৎ শর্মা
সভাপতি,
ধ্রুৱজ্যোতি তালুকদাৰ
সাধাৰণ সম্পাদক
এ পি ডব্লিউ

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd