NORTHEAST NOW (Assamese)

বৃদ্ধি কৰা হ’ব প্ৰকাশন পৰিষদৰ পৰিসৰ : মাণ্ডলিক আৰু শাখা কাৰ্যালয় স্থাপনৰ পদক্ষেপ

August 31, 2018 7:07 pm · এন ই নাও নিউজ
যোৰহাট জিলাৰ উপায়ুক্ত নাৰায়ণ কোঁৱৰক সাক্ষাৎ কৰাৰ মুহূৰ্তত অসম প্ৰকাশন পৰিষদৰ সচিব আৰু দুজন বিষয়া। 

অসম প্ৰকাশন পৰিষদৰ পৰিসৰ বিস্তাৰৰ চিন্তা-চৰ্চা কৰিছে চৰকাৰে। সেই উদ্দেশ্যে পৰিষদৰ তৰফৰ পৰা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মাণ্ডলিক তথা শাখা কাৰ্যালয় স্থাপন কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

উল্লেখযোগ্য যে অসমৰ শিক্ষা মন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ অধ্যক্ষতাত অলপতে অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত যোৰহাটত মাণ্ডলিক কাৰ্যালয় স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

এই সিদ্ধান্ত কাৰ্যকৰণৰ বাবে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা আৰু আন কেইজনমান বিষয়াই অলপতে যোৰহাট ভ্ৰমণ কৰি জিলাখনৰ উপায়ুক্ত নাৰায়ণ কোঁৱৰক লগ ধৰি চহৰখনত মাণ্ডলিক কাৰ্যালয় স্থাপনৰ প্ৰসংগত আলোচনা কৰে।

সাক্ষাৎকালত বিষয়াকেইজনে প্ৰকাশন পৰিষদৰ প্ৰস্তাৱিত মাণ্ডলিক কাৰ্যালয় স্থাপনৰ বাবে প্ৰয়োজনীয় ভূমি আবণ্টন দিবলৈ অনুৰোধ জনায়।

আনহাতে উপায়ুক্ত নাৰায়ণ কোঁৱৰে বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰি ভূমি আবণ্টনৰ ক্ষেত্ৰত সকলো বিধিগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

Related News