NORTHEAST NOW (Assamese)

ৰাজ্যত আজি কিমান আক্ৰান্ত হ’ল ক’ভিডত? মাৰাত্মক ভাইৰাছত প্ৰাণ হেৰুৱালে কিমানজনে?

July 20, 2021 8:04 pm · এন ই নাও নিউজ

ক’ভিড সংক্ৰমণৰ ধাৰা অব্যাহত থকাৰ মাজতে আজিৰ দিনটোতো ৰাজ্যখনত ক’ভিড পজিটিভিটিৰ হাৰ ২ শতাংশৰ তলতে আছে।

আজিৰ দিনটোত ৰাজ্যখনত ক’ভিডত ১০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ১৭৯৮ গৰাকী লোক। সোমবাৰে ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল ১৭৯৭ গৰাকী লোক।

যোৱা ২৪ ঘন্টাত ৰাজ্যত ১,৫২,৭৭১টা ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ২৫৬ গৰাকী লোক। ক’ভিড পজিটিভিটিৰ হাৰ হৈছে ১.২৭ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৫.৮৯ শতাংশ।

ৰাজ্যখনৰ সামগ্ৰিক কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা অহা এসপ্তাহৰ বাবে নতুন এছঅ’পি বলৱৎ কৰা হৈছে।

সেই অনুসৰি, আজি পুৱা ৫ বজাৰ পৰা আৰু এসপ্তাহৰ বাবে সম্পুৰ্ণ কণ্টেইনমেণ্টত জিলা হিচাপে থাকিব গোলাঘাট, যোৰহাট, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ।

মৰিগাঁও আৰু গোৱালপাৰা জিলাৰ ক্ষেত্ৰত নিয়ম কিছু শিথিল কৰা হৈছে।

দুপৰীয়া ১২ বজালৈ এই জিলা দুখনত দোকান-পোহাৰ খোলা থাকিব আৰু ৫ বজালৈ গেলামাল দোকান খোলা থাকিব।

Related News