• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়াৰ বিড়ম্বনা! কা-বিৰোধী গণ আন্দোলনৰ প্ৰথম শ্বহীদ দ্বীপাঞ্জল দাসৰ নাম নাই চৰকাৰী তথ্যত

অনিৰ্বান পাঠক by অনিৰ্বান পাঠক
July 20, 2021 7:44 pm
Dwipanjal Das from facebook

ফটো উৎস: ফেচবুক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৯ চনৰ ডিচেম্বৰ মাহ। অসমত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰৱল গণ আন্দোলন চলিছিল।

১২ ডিচেম্বৰৰ সন্ধিয়া গুাৱাহাটীৰ লাচিত নগৰত সেই CAA বিৰোধী গণ আন্দোলনতেই প্ৰাণ হেৰুৱাইছিল ছয়গাঁৱৰ যুৱক দ্বীপাঞ্জল দাসে।

Apply Now

দ্বীপাঞ্জল দাস হৈছে কা-আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ। কিন্তু চৰকাৰৰ তথ্যত নাই শ্বহীদ দ্বীপাঞ্জল দাসৰ নাম।

২০১৯ চনৰ ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত গুৱাহাটীত আৰক্ষীৰ গুলিত কিমানজন লোক নিহত আৰু কিমানজন আহত হৈছিল? ১৯ জুলাইত বিধানসভাত এই প্ৰশ্ন উত্থাপন কৰিছিল কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদে।

ৰেকিবুদ্দিন আহমেদৰ তৰাবিহীন প্ৰশ্নৰ উত্তৰ দিছিল গৃহ বিভাগৰ দায়িত্বত থকা মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

চৰকাৰৰ উত্তৰ আছিল গুৱাহাটীত CAA বিৰোধী আন্দোলনত মৃত্যু হৈছিল তিনিজনৰ। তেওঁলোকৰ নাম আছিল ক্ৰমে- ছেম ষ্টেফ’ৰ্ড, ঈশ্বৰ নায়ক আৰু আব্দুল হালিম। পুলিচৰ গুলিত আহত হৈছিল- চানিদুল ইছলাম, আতিকুৰ ৰহমান, ইমতাজ মহম্মদ কাজিম, ৰাজেন মেধি আৰু প্ৰকাশ চাহানী।

কিন্তু আশ্বৰ্যজনকভাবে ক’তো নাম নাই শ্বহীদ দ্বীপাঞ্জল দাসৰ।

গুৱাহাটীৰ ভঙাগড়ত থকা সৈনিক কেন্টিনৰ কৰ্মচাৰী আছিল দ্বীপাঞ্জল দাস। ১২ ডিচেম্বৰত প্ৰৱল গণ আন্দোলনৰ মাজতেই গুলিবিদ্ধ হৈছিল দ্বীপাঞ্জল। গুলিবিদ্ধ অৱস্থাতেই জি এম চি এইচলৈ নিয়া হৈছিল দীপাঞ্জলক। কিন্তু মৃত্যুক আঁকোৱালি লৈছিল যুৱকজনে।

ইতিমধ্য সদৌ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ সমাজকে ধৰি বিভিন্ন জাতীয় সংগঠনে দ্বীপাঞ্জল দাসক CAA বিৰোধী আন্দোলনৰ শ্বহীদ হিচাপে ঘোষণা কৰিছে।

কিন্তু বিধানসভাত চৰকাৰে দিয়া উত্তৰৰ পাছত স্বাভাৱিকতেই প্ৰশ্ন হৈছে কেনেদৰে মৃত্যুবৰণ কৰিছিল দ্বীপাঞ্জল দাসে? চৰকাৰৰ তথ্যত নাম নাই কিয় দীপাঞ্জল দাসৰ?

পুলিচৰ গুলিত মৃত্যু হোৱা নাছিল নেকি দীপাঞ্জলৰ? পুলিচ-চি আৰ পি নহ’লে কাৰ্ফিউৰ মাজতে দীপাঞ্জলক হত্যা কৰা বন্দুকধাৰী কোন আছিল? এতিয়া এই প্ৰশ্নৰ উত্তৰ কোনে দিব?

অনিৰ্বান পাঠক

অনিৰ্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd