NORTHEAST NOW (Assamese)

Covid Update: ৰাজ্যত ২৪ ঘন্টাত নতুনকৈ কিমান লোক আক্ৰান্ত হ’ল কোভিডত,মৃত্যু কিমানৰ?

January 31, 2022 6:50 am · এন ই নাও নিউজ, গুৱাহাটী

ৰাজ্যত বিগত ২৪ ঘন্টাত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা কিছু হ্ৰাস পাইছে যদিও মৃত্যুৰ সংখ্যাই উদ্বেগ অব্যাহত ৰাখিছে। তদুপৰি, দেওবাৰৰ দিনটোত কোভিড টেষ্টৰ সংখ্যাও যথেষ্ট কম আছিল।

আনহাতে, যোৱা ২৪ ঘন্টাত পজিটিভিটিৰ হাৰ সামান্য বৃদ্ধি পাইছে যদিও সুস্থতাৰ হাৰো সামান্য বৃদ্ধি পাইছে।

দেওবাৰৰ দিনটোত ৰাজ্যখনত মুঠ ৯১০গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে। শনিবাৰে ৰাজ্যত  মুঠ আক্ৰান্ত হৈছিল ২২৯৪গৰাকী লোক।

লগতে পঢ়ক: মাতাল অৱস্থাত মোদীক টুইট কৰি কিয় বিপদ চপাই লৈছিল? নতুন শ্বো-ত সদৰী কৰিলে কপিল শৰ্মাই

ইপিনে, বিগত ২৪ ঘন্টাত অকল কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ৩৫৭গৰাকী লোক।

দেওবাৰে ৰাজ্যখনত মুঠ ১৩,১০০গৰাকী লোকৰ কোভিড টেষ্ট কৰা হয়। শনিবাৰে কোভিড টেষ্ট কৰা হৈছিল মুঠ ৩৫,৭৭৭ গৰাকী লোকৰ ।

দেওবাৰৰ দিনটোত পজিটিভিটিৰ হাৰ হৈছে .৯৫ শতাংশ।

সেইদৰে, সুস্থতাৰ হাৰ হৈছে ৯.৭৭ শতাংশ।

ইপিনে, বিগত ২৪ ঘন্টাত ৰাজ্যখনত কোভিডত ২জন লোকৰ মৃত্যু ঘটিছে।

Related News