অসমৰ গৱেষকলৈ আমেৰিকাৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় ফুলব্ৰাইট-নেহৰু পোষ্ট ডক্টৰেল ফেলোশ্বিপ

Fulbright-Nehru Postdoctoral fellowship যুৱ গৱেষক ডঃ ৰুইভু বৰুৱাক আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইণ্ডিয়ানাৰ ৱেষ্ট লাফায়েটৰ পুৰ্ডু বিশ্ববিদ্যালয়ত (Purdue University) এজন স্বতন্ত্ৰ গৱেষক হিচাপে সন্মানীয় ফুলব্ৰাইট-নেহৰু পোষ্ট ডক্টৰেল ৰিচাৰ্ছ ফেলোশ্বিপ প্ৰদান কৰা হৈছে।

এই ফেলোশ্বিপ ২০২২ চনৰ ছেপ্টেম্বৰত আৰম্ভ হ’ব।

তেওঁ চাইনোবেক্টেৰিয়েল এক্সোপলিচেকাৰাইডৰ প্ৰাকজৈৱিক সম্ভাৱনাৰ ওপৰত খাদ্য বিজ্ঞানৰ (Food Science) শাখাত গৱেষণা কৰিব।

লগতে পঢ়ক: Independence Day: ভাৰতবৰ্ষই নহয়, পৃথিৱীৰ এই দেশবোৰো স্বাধীন হৈছিল ১৫ আগষ্টত; জানেনে এই ইতিহাস?

ডঃ ৰুইভু বৰুৱা হৈছে নগাঁৱৰ স্বৰ্গীয় ডঃ পাৰ্থসাৰথি বৰুৱা আৰু অঞ্জলি বৰুৱাৰ পুত্ৰ।

ৰুইভু  বৰুৱাই ২০১৭ চনত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি) গুৱাহাটীৰ পৰা জৈৱবিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক বিভাগত পিএইচডি সম্পূৰ্ণ কৰে।

পিএইচডি গৱেষণাৰ কাৰ্যকালত তেওঁ ফিনলেণ্ডৰ পৰা CIMO ফেলোশ্বিপ লাভ কৰিছিল আৰু লেক্টিক এচিড বেক্টেৰিয়া প্ৰস্তুত কৰা এক্সোপলিচেকাৰাইড আৰু ৰুটি জাতীয় খাদ্য (sourdough) উৎপাদনত সেইবোৰৰ প্ৰয়োগৰ ওপৰত কাম কৰিছিল।

এই কামটো ভিভিটি গৱেষণা পৰীক্ষাগাৰ, এস্পু, ফিনলেণ্ড আৰু হেলচিঙ্কি বিশ্ববিদ্যালয়ৰ খাদ্য বিজ্ঞান বিভাগত সম্পন্ন কৰা হৈছিল।

তেওঁ ২০১৯ চনত “প্ৰ’বায়োটিক বিফিডোবেক্টেৰিয়াম ব্ৰেভ এনচিআইএম ৫৬৭১-ৰ পৰা হেটেৰোপলিচেকাৰাইডৰ গাঁথনিগত আৰু কাৰ্যকৰী গুণাগুণৰ বিশ্লেষণ” শীৰ্ষক প্ৰকল্পৰ বাবে CSIR-RA ফেলোশ্বিপ লাভ কৰিছিল।

লগতে পঢ়ক: US-China Row: উত্তেজনা স্বত্বেও আকাশী তথা সাগৰীয় পথেৰে টাইৱানলৈ যাব আমেৰিকা যুক্তৰাষ্ট্ৰ

তেওঁ এই কামটো এপ্ৰিল ২০১৯ ৰ পৰা এপ্ৰিল ২০২২ লৈ কৰ্ণাটকৰ মহীশূৰৰ CSIR-CFTRI -ৰ অণুজীৱ বিজ্ঞান আৰু অংকুৰণ প্ৰযুক্তি বিভাগত সম্পন্ন কৰিছিল।

ডঃ ৰুইভু বৰুৱা অৰপ দিনৰ ভিতৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পুৰ্ডু বিশ্ববিদ্যালয়ত যোগদান কৰিবলৈ যাব।