NORTHEAST NOW (Assamese)

মণিপুৰত অসম ৰাইফলছৰ অভিযানত ড্ৰাগছ সৰবৰাহকাৰী আটক

August 26, 2020 10:39 am · এন ই নাও নিউজ

অসম ৰাইফলছৰ এটা অভিযানকাৰী দলে মঙলবাৰে মণিপুৰত অভিযান চলাই দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে ৭০ লাখ টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰে।

ড্ৰাগছ সৰবৰাহকাৰী দুজনক মাওৰ ওচৰত গ্ৰেপ্তাৰ কৰা হয় বুলি জানিব পৰা গৈছে।

পৰৱৰ্তী সময়ত অসম ৰাইফলছৰ অভিযানকাৰী দলটোৱে ড্ৰাগছ সৰবৰাহকাৰী কেইগৰাকীৰ লগতে উদ্ধাৰ হোৱা সামগ্ৰীখিনি মাও আৰক্ষীৰ হাতত অধিক তদন্তৰ বাবে গটাই দিয়ে।

‘‘অসম ৰাইফলছৰ মৰম বেটেলিয়নে মণিপুৰৰ মাওৰ ওচৰত অভিযান চলাই দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে ৭০ লাখ টকা মূল্যৰ নিচাযুক্ত সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আটকাধীন লোককেইগৰাকীৰ লগতে উদ্ধাৰ হোৱা সামগ্ৰী সমূহ মাও আৰক্ষীৰ হাতত গটাই দিয়া হয়,’’ ঘটনা সম্পৰ্কত অসম ৰাইফলছে টুইট কৰি এইদৰে উল্লেখ কৰে।

বিগত সময়ছোৱাত অসম ৰাইফলছে মণিপুৰত সন্ত্ৰাসবাদ আৰু নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে।

Related News