যোৱা বুধবাৰে ৰাজ্যৰ বিভিন্ন ঠাইত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত শিশুসহ ৬ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়।
কামপুৰ
নগাঁও জিলাৰ কামপুৰত কালি দিনৰ ভাগত সংঘটিত এক পথ-দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে আন এগৰাকী লোক গুৰুতৰভৱে আহত হয়।
নিহত লোক দুজনক কামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ এন আৰ চি কৰ্মী লক্ষ্যজ্যোতি বৰা (২১) আৰু কামপুৰ পলসা গাঁৱৰ প্ৰমেশ নাথ বুলি চিনাক্ত কৰা হৈছে। আহত লোকজনক কামপুৰ আহোমগাঁৱৰ নাৰায়ণ গগৈ (২২) বুলি চিনাক্ত কৰা হৈছে।
প্ৰাপ্ত তথ্য মতে লক্ষ্যজ্যোতি বৰা আৰু নাৰায়ণ গগৈয়ে এখন বাইকেৰে কঠীয়াতলীৰ পৰা কামপুৰলৈ আহি থকা অৱস্থাত কামপুৰ গ্ৰাণ্টৰ ওচৰত বাসন্তী পূজাৰ চান্দা সংগ্ৰহ কৰি থকা কামপুৰ পলসা গাঁৱৰ একাংশ লোকে দুয়োকে মটৰ চাইকেল ৰখাবলৈ সংকেত দিয়াত বাইকৰ নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিঙত প্ৰচণ্ড জোৰে খুন্দা মাৰে।
ফলত বাইক আৰোহী দুজনৰ লগতে চান্দা সংগ্ৰহ কৰি থকা প্ৰমেশ নাথো গুৰুতৰভাৱে আহত হয়। পিছত তিনিওজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও লক্ষ্যজ্যোতি বৰা আৰু প্ৰমেশ নাথৰ চিকিৎসা গ্ৰহণৰ পূৰ্বেই মৃত্যু হয়।
হোজাই
হোজাই জিলাৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ইটাভৰ্তি ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৩জন গুৰুতৰভাৱে আহত হয়।
প্ৰাপ্ত তথ্য মতে নগাঁৱৰ পৰা লংকা অভিমুখে গৈ থকা এ এছ-১২ ই-৩৫১৭ নম্বৰৰ ইটাভৰ্তি ট্ৰাকখনে আন এখন গাড়ীক ছাইড দিবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ মাজত বাগৰি পৰে।
দুৰ্ঘটনাটোৰ ফলত গাড়ীখনৰ ওপৰত বহি অহা শ্ৰমিকসকল ইটাৰ তলত সোমাই পৰে। পিছত স্থানীয় ৰাইজৰ সহযোগত হোজাই আৰক্ষীয়ে ৪ গৰাকী আহতক হোজাইৰ হাম চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও ইয়াৰে ৰিজৱানুল আহমেদ (২০) নামৰ চিকিৎসালয়তে মৃত্যু হয়।
দৰং
দৰং জিলাৰ আন্ধেৰীঘাটৰ সমীপৰ বামুণঝাৰত বুধবাৰে এক পথ-দুৰ্ঘটনাত এটি শিশুৰ মৃত্যু হয়। নিহত শিশুটিক বামুণঝাৰ গাঁৱৰ বিষয় ৰাজবংশীৰ একমাত্ৰ কন্যা ৰিমলী ৰাজবংশী (৩) বুলি চিনাক্ত কৰা হৈছে।
প্ৰাপ্ত তথ্য মতে শালমাৰা দিশৰ পৰা আন্ধেৰীঘাট অভিমুখে তীব্ৰ বেগত আহি থকা এ এছ-১৪ ই-২৮০৯ নম্বৰৰ এখন চোৰাং ডিজেল কঢ়িয়াই অনা গাড়ীয়ে নিজৰ ঘৰৰ পৰা আইতাকৰ সৈতে ওলাই অহা ৰিমলীক মহটিয়াই নিয়াত শিশুটিৰ থিতাতে মৃত্যু হয়।
গোসাইগাঁও
কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ গ্ৰাহামপুৰ আৰক্ষী চকীৰ অন্তৰ্গত মল্লিকাপুৰত বুধবাৰে বিয়লি সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱক নিহত হোৱাৰ লগতে আন তিনিজন লোক গুৰুতৰভাৱে আহত হয়।
নিহত যুৱকজনক বাসন্তীপুৰ নিৱাসী বনি বেছৰা (২৪) বুলি চিনাক্ত কৰাৰ হৈছে।
প্ৰাপ্ত তথ্য মতে বন্ধুৰ সৈতে এখন বাইকেৰে মল্লিকাপুৰ গড়কাপ্তানি পথেৰে গৈ থকাৰ সময়তে তেওঁলোকৰ এজন পথচাৰী আৰু চাইকেল আৰোহীৰে দুৰ্ঘটনা হয়।
পিছত গ্ৰাহামপুৰ আৰক্ষীয়ে আটাইকেইজনকে গোসাইগাঁও হাব্ৰুবিলস্থিত আৰ এন বি চিকিৎসালয়লৈ লৈ আনে যদিও বনি বেছৰাই চিকিৎসালয়তে মৃত্যুক সাবটি লয়। আনহাতে আহত কেইগৰাকীক উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰা হয়।
ডুমডুমা
তিনিচুকীয়া জিলাৰ ডুমডুমাত কালি সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন ছাত্ৰই প্ৰাণ হেৰুৱাবলগীয়া হয়।
কালি দুপৰীয়া ডুমডুমা-ফিল’বাৰী সংযোগী পথৰ বাদলাভেটা চাহ ফেক্টৰীৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাটোত এখন তীব্ৰ বেগী ডাম্পাৰে বিদ্যালয়ৰ পৰা ঘৰলৈ খোজকাঢ়ি আহি থকা এগৰাকী ছাত্ৰক মহতিয়াই নিয়াত ছাত্ৰজনৰ ঘটনাস্থলীতে মৃত্যু হয়।
নিহত ছাত্ৰজনক বৰডুবি মধ্য ইংৰাজী বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ সঞ্জয় তাছা বুলি চিনাক্ত কৰা হৈছে।