• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম সাহিত্য সভাৰ নিৰ্বাচন; প্ৰাৰ্থীৰ তালিকা ঘোষণা

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , October 16, 2019 3:23 pm

2 min read

অসম সাহিত্য সভাৰ নিৰ্বাচন; প্ৰাৰ্থীৰ তালিকা ঘোষণা
17.4k
VIEWS
Share on FacebookShare on Twitter

অসম সাহিত্য সভাৰ অহা ২০২০-২২ বৰ্ষৰ নিৰ্বাচনৰ আজি ঘোষণা কৰা হ’ল সভাপতি, উপ সভাপতি, প্ৰধান সম্পাদক পদৰ প্ৰাৰ্থীৰ তালিকা। অসম সাহিত্য সভাৰ নিৰ্বাচনী সমিতিৰ মুখপাত্ৰ বিজন মহাজনে এক সংবাদমেলযোগে এই তালিকা প্ৰকাশ কৰে।

গুৱাহাটীস্থ সাহিত্য সভাৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত মহাজনে কয় যে যোৱা ১২ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈকে চালি জাৰি চোৱা হৈছে মনোনয়ন পত্ৰ সমূহ। ৭ গৰাকী প্ৰাৰ্থীয়ে সভাপতি পদৰ বাবে আবেদন কৰিছিল আৰু আটাই কেইগৰাকীৰে মনোনয়ন বৈধ বুলি ঘোষণা কৰে।

সভাপতি পদৰ বাবে ড০ বসন্ত কুমাৰ গোস্বামী, কুলধৰ শইকীয়া, প্ৰহ্লাদ চন্দ্ৰ তাছা, পখিলা কলিতা, সূৰ্য্যকান্ত হাজৰিকা, ড০ কৰৱী ডেকা হাজৰিকা আৰু ড০ জয়শ্ৰী গোস্বামী মহন্তই দাখিল কৰিছিল মনোনয়ন।

ইফালে উপ-সভাপতি পদতো মনোনয়ন দাখিল কৰা চাৰিওগৰাকী প্ৰাৰ্থীৰে মনোনয়ন বৈধ ঘোষণা কৰিছে। এই পদটোৰ বাবে ৰতীমোহন নাথ, মৃণালিনী দেৱী, পদুমী গগৈ আৰু ড০ বসন্ত কুমাৰ শৰ্মাই মনোনয়ন দাখিল কৰিছিল।

আনহাতে প্ৰধান সম্পাদক পদৰ বাবে ৩ জন প্ৰাৰ্থীৰ আবেদন বৈধ বুলি ঘোষণা কৰে সংবাদমেলত। সেই কেইগৰাকী হ’ল যাদৱ চন্দ্ৰ শৰ্মা, হৰেন্দ্ৰ কলিতা আৰু দেৱজিত বৰা। এই পদৰ বাবে বৰ্তমানৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই মনোনয়ন দাখিল কৰিছিল যদিও পিছত প্ৰত্যাহাৰ কৰা বুলি জনায়।

উল্লেখ্য যে অহা ১ নবেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈকে হ’ব অহা ২০২০-২২ বৰ্ষৰ বাবে অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া। জিলা আৰু শাখা পৰ্যায়ত ডাকযোগে ভোটদান কৰিব পাৰিব।

১০ ডিচেম্বৰৰ বিয়লি ৪ বজাত নিৰ্বাচনী বিষয়াৰ উপস্থিতিত ভোট বাকচ বন্ধ কৰা হ’ব আৰু সেইদিনাই গুৱাহাটীৰ পানবজাৰ থানাত আৰক্ষীৰ নিৰাপত্তাত বাকচ সমূহ ৰখা হ’ব। ১৫ ডিচেম্বৰত ঘোষণা কৰা হ’ব ফলাফল।

Recent News

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

IMG-20210122-WA0004

নগাঁৱত অসম চৰকাৰৰ ‘স্বয়ম’ আঁচনি উদ্বোধন

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd