NORTHEAST NOW (Assamese)

অসম সাহিত্য সভাৰ জেষ্ঠ কৰ্মচাৰী ভবানন্দ তালুকদাৰৰ বিয়োগ; সভাপতিৰ শোকপ্ৰকাশ

August 10, 2019 2:44 pm · কল্পজ্যোতি শইকীয়া
ভবানন্দ তালুকদাৰ

অসম সাহিত্য সভাৰ প্ৰাক্তন গাণনিক তথা উচ্চ বৰ্গৰ সহায়ক ভবানন্দ তালুকদাৰৰ গুৱাহাটীৰ এখন চিকিৎসালয়ত শুকুৰবাৰে নিশা ৫৬ বছৰ বয়সত বিয়োগ ঘটে।

অসম সাহিত্য সভাৰ সবাতোকৈ পুৰণা কৰ্মচাৰী ভবানন্দ তালুকদাৰে ১৯৮৯ চনত কৰ্মচাৰী হিচাপে অসম সাহিত্য সভাৰ কাৰ্যালয়ত যোগদান কৰিছিল।

বিগত ৩০ বছৰ ধৰি অসম সাহিত্য সভাক সেৱা আগবঢ়োৱা তালুকদাৰে অসম সাহিত্য সভাৰ সভাপতিৰ আসন শুৱনি কৰা বহুকেইজন বিশিষ্ট সাহিত্যিকৰ সান্নিধ্য লাভ কৰিছিল।

সভাৰ একনিষ্ঠ কৰ্মী তালুকদাৰ এগৰাকী দক্ষ ফুটবল ৰেফাৰী আৰু খোল বাদকো আছিল৷

ভবানন্দ তালুকদাৰৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰে অসম সাহিত্য সভাৰ সভাপতি ড০পৰমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাই।

অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়কে ধৰি আটাইবোৰ জিলা কাৰ্যালয়ৰ কৰ্মচাৰীসকলেও তালুকদাৰৰ বিয়োগত শোক প্ৰকাশ কৰে।

এক শোকবাৰ্তাত সভাৰ সভাপতি ড০ ৰাজবংশীয়ে তালুকদাৰৰ কৰ্মনিষ্ঠা আৰু দক্ষতাক স্মৰণ কৰি তালুকদাৰৰ বিয়োগ সাহিত্য সভাৰ বাবে অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে।

Related News