• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, November 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমৰ শিল্পী সমাজলৈ গৌৰৱৰ মুহূৰ্ত! ৰাজ্যৰ ১১ গৰাকী শিল্পীলৈ সংগীত নাটক অকাডেমি বঁটা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2026 2:08 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুঠ এঘাৰগৰাকী শিল্পীয়ে ২০২৪ আৰু ২০২৫ বৰ্ষৰ বাবে ভাৰতৰ অন্যতম সন্মানীয় প্ৰদৰ্শনমূলক কলা বঁটা ‘সংগীত নাটক অকাডেমি বঁটা’ আৰু ‘ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ’ লাভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত গৌৰৱ কঢ়িয়াই আনিছে। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শন কলা অকাডেমি চমুকৈ সংগীত নাটক অকাডেমিয়ে প্ৰদান কৰা এই বঁটাসমূহ সত্ৰীয়া নৃত্য, কথক, নাট্যশিল্প, লোকসংগীত, খোল বাদন আৰু টোকাৰী গীতৰ দৰে বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে প্ৰদান কৰা হৈছে, যিয়ে অসমৰ কলাত্মক পৰম্পৰাৰ গভীৰতা আৰু দেশৰ সাংস্কৃতিক প্ৰেক্ষাপটলৈ ৰাজ্যখনৰ ধাৰাবাহিক অৱদানক প্ৰতিফলিত কৰিছে।

প্ৰকাশিত তালিকা অনুসৰি, ২০২৫ বৰ্ষৰ সন্মানীয় সংগীত নাটক অকাডেমি বঁটা লাভ কৰা শিল্পীসকলৰ ভিতৰত আছে বিশিষ্ট নাট্যশিল্পী চেতনা দাস, সত্ৰীয়া নৃত্যশিল্পী মল্লিকা কন্দলী আৰু ভাস্কৰজ্যোতি ওজা। আনহাতে, ২০২৪ বৰ্ষৰ বাবে সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে প্ৰেম ওজা বৰবায়ন আৰু কথক নৃত্যৰ বাবে বিপুল চন্দ্ৰ দাসলৈ এই সন্মানীয় বঁটা আগবঢ়োৱা হৈছে।

Apply Now

এই স্বীকৃতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৰ্ষীয়ান অভিনেত্ৰী চেতনা দাসে কয় যে অসমৰ ৰাইজৰ পৰা পোৱা মৰমৰ বাবেই হয়তো তেওঁ এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ শিল্পযাত্ৰা তেজপুৰৰ পৰা আৰম্ভ হৈছিল, য’ত তেওঁ প্ৰথমটো শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল। সেই সময়ত শিক্ষকসকলে তেওঁলোকক অভিভাৱকৰ দৰে পথ প্ৰদৰ্শন কৰাৰ লগতে সহায়-সহযোগিতা আগবঢ়াইছিল বুলিও তেওঁ সশ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

একেদৰে, ছবছৰ বয়সতে সত্ৰীয়া নৃত্যৰ অন্যতম প্ৰধান কেন্দ্ৰ মাজুলীৰ কমলাবাৰী সত্ৰত অন্তৰ্ভুক্ত হোৱা প্ৰেম ওজা বৰবায়নৰ ৰাষ্ট্ৰীয় স্বীকৃতিৰ যাত্ৰা মুঠেই সহজ নাছিল। নিজৰ অতীত সুঁৱৰি তেওঁ জানিবলৈ দিয়ে যে সত্ৰত তেওঁ বাচন-বৰ্তন ধোৱাৰ পৰা আৰম্ভ কৰি চৌহদ চাফা কৰালৈকে বিভিন্ন কাম কৰিবলগীয়া হৈছিল, যিবোৰ তেওঁৰ বাবে অতি কঠিন আছিল আৰু সেইবাবেই তেওঁ চাৰিবাৰকৈ পলাই গৈছিল। কিন্তু প্ৰতিবাৰেই তেওঁৰ পিতৃয়ে তেওঁক ঘূৰাই আনি বুজনি দিছিল যে এই অনুশাসনেই তেওঁৰ ভৱিষ্যত গঢ়িব। সেই কঠিন দিনবোৰেই তেওঁৰ জীৱন গঢ় দিলে আৰু তাৰ বাবেই আজি তেওঁ এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে বুলি বৰবায়নে উল্লেখ কৰে।

জ্যেষ্ঠ শিল্পীসকলৰ সমান্তৰালকৈ, প্ৰদৰ্শনমূলক কলাৰ ক্ষেত্ৰত উদীয়মান প্ৰতিভাক স্বীকৃতি প্ৰদান কৰা ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰৰ বাবেও অসমৰ ছগৰাকী যুৱ শিল্পীক নিৰ্বাচিত কৰা হৈছে। ২০২৪ বৰ্ষৰ বাবে সত্ৰীয়া নৃত্যত মিনাক্ষী মেধি, লোকসংগীতত দিলীপ হীৰা আৰু নাট্য পৰিচালনাত বিদ্যুৎ কুমাৰ নাথলৈ এই পুৰস্কাৰ আগবঢ়োৱা হৈছে। আনহাতে, ২০২৫ বৰ্ষৰ যুৱ পুৰস্কাৰ লাভ কৰিছে সত্ৰীয়া নৃত্যৰ বাবে নিৰঞ্জন শইকীয়া বৰবায়ন, খোল বাদনৰ বাবে দেৱজিৎ শইকীয়া আৰু টোকাৰী গীতৰ বাবে হীৰকজ্যোতি শৰ্মাই।

শাস্ত্ৰীয় নৃত্য, লোক পৰম্পৰা, বাদ্যযন্ত্ৰ আৰু নাট্যশিল্পক সামৰি লোৱা বঁটাপ্ৰাপকৰ এই বিস্তৃত তালিকাই মাজুলীৰ সত্ৰৰ পৰা আৰম্ভ কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ লোকসংগীতৰ পৰম্পৰালৈকে সমগ্ৰ ৰাজ্যজুৰি চলি থকা বৈচিত্ৰ্যপূৰ্ণ কলাত্মক চৰ্চাক পুনৰবাৰ প্ৰতিষ্ঠা কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ শিল্পীসকলে লাভ কৰা এই সন্মানে ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ এক নতুন গতি কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বায়ু প্ৰদূষণ ডাঙৰ কথা নহয়, সময়ৰ লগে লগে নিজেই কমি যাব’! দীপাৱলীত আতচবাজি ফুটোৱাক লৈ অদ্ভুদ যুক্তি যোগী আদিত্যনাথৰ

‘বায়ু প্ৰদূষণ ডাঙৰ কথা নহয়, সময়ৰ লগে লগে নিজেই কমি যাব’! দীপাৱলীত আতচবাজি ফুটোৱাক লৈ অদ্ভুদ যুক্তি যোগী আদিত্যনাথৰ

November 11, 2026 3:49 pm
ককাৰ সম্পত্তিত সঁচাকৈয়ে নাতিৰ কোনো অধিকাৰ নাথাকে নেকি? পৈতৃক সম্পত্তিক লৈ উচ্চতম ন্যায়ালয়ৰ বৃহৎ ৰায়!

ককাৰ সম্পত্তিত সঁচাকৈয়ে নাতিৰ কোনো অধিকাৰ নাথাকে নেকি? পৈতৃক সম্পত্তিক লৈ উচ্চতম ন্যায়ালয়ৰ বৃহৎ ৰায়!

November 11, 2026 2:27 pm
বিশ্বগুৰুৰ ফোপোলা স্বৰূপ? কোটি কোটি ধনৰ বিনিময়ত ট্ৰাম্পৰ প্ৰশংসা ক্ৰয় কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে!

বিশ্বগুৰুৰ ফোপোলা স্বৰূপ? কোটি কোটি ধনৰ বিনিময়ত ট্ৰাম্পৰ প্ৰশংসা ক্ৰয় কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে!

November 11, 2026 12:08 pm
আপুনিও চৰকাৰী চাকৰি কৰে নেকি? সাৱধান, কাৰ্যক্ষমতা নাথাকিলে সময়ৰ আগতেই চাকৰি যাব পাৰে আপোনাৰো!

আপুনিও চৰকাৰী চাকৰি কৰে নেকি? সাৱধান, কাৰ্যক্ষমতা নাথাকিলে সময়ৰ আগতেই চাকৰি যাব পাৰে আপোনাৰো!

November 11, 2026 11:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বায়ু প্ৰদূষণ ডাঙৰ কথা নহয়, সময়ৰ লগে লগে নিজেই কমি যাব’! দীপাৱলীত আতচবাজি ফুটোৱাক লৈ অদ্ভুদ যুক্তি যোগী আদিত্যনাথৰ

‘বায়ু প্ৰদূষণ ডাঙৰ কথা নহয়, সময়ৰ লগে লগে নিজেই কমি যাব’! দীপাৱলীত আতচবাজি ফুটোৱাক লৈ অদ্ভুদ যুক্তি যোগী আদিত্যনাথৰ

November 11, 2026 3:49 pm
ককাৰ সম্পত্তিত সঁচাকৈয়ে নাতিৰ কোনো অধিকাৰ নাথাকে নেকি? পৈতৃক সম্পত্তিক লৈ উচ্চতম ন্যায়ালয়ৰ বৃহৎ ৰায়!

ককাৰ সম্পত্তিত সঁচাকৈয়ে নাতিৰ কোনো অধিকাৰ নাথাকে নেকি? পৈতৃক সম্পত্তিক লৈ উচ্চতম ন্যায়ালয়ৰ বৃহৎ ৰায়!

November 11, 2026 2:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd