NORTHEAST NOW (Assamese)

DRDOৰ কোভিড চিকিৎসাৰ দৰৱ 2-DG প্ৰস্তুত কৰি উলিওৱাত সহযোগী অসমৰ বিজ্ঞানী জুবিলী

May 23, 2021 7:20 am · এন ই নাও নিউজ
ডঃ জুবিলী পুৰকায়স্থ।

দিল্লীৰ ডিফেন্স ৰিচাৰ্ছ এণ্ড ডেভেলপমেন্ট অ’ৰ্গেনাইজেশ্যন (ডিআৰডিঅ’)ৰ টীমটোৱে এন্টি কোভিড ড্ৰাগ 2-DG প্ৰস্তুত কৰি উলিওৱাত সহায় কৰিছিল অসমৰ এগৰাকী বিজ্ঞানীয়ে।

অসমৰ এইগৰাকী বিজ্ঞানী হৈছে কৰিমগঞ্জ জিলাৰ মহীশাসনৰ বাসিন্দা ডঃ জুবিলী পুৰকায়স্থ।

বাতৰি অনুসৰি, ডঃ জুবিলী পুৰকায়স্থ বৰ্তমান দিল্লীৰ ডিফেন্স ৰিচাৰ্ছ এণ্ড ডেভেলপমেন্ট অ’ৰ্গেনাইজেশ্যন (ডিআৰডিঅ’)ৰ ইনষ্টিটিউট অফ নিউক্লিয়াৰ মেডিচিন এণ্ড এলাইড ছায়েন্সেছ (আই এন এম এ এছ)ত এগৰাকী বিজ্ঞানী হিচাপে কৰ্মৰত।

জুবিলী পুৰকায়স্থই কৰিমগঞ্জ কলেজৰ পৰা শিক্ষা সমাপ্ত কৰাৰ পাছত যোৰহাটৰ নৰ্থইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন’লজিৰ পৰা পিএইচডি কৰে।

২০০৮ চনত তেওঁ তেজপুৰত ডিআৰডিঅ’ৰ ডিফেন্স ৰিচাৰ্ছ লেবেৰটৰীত এগৰাকী বিজ্ঞানী হিচাপে যোগদান কৰাৰ পাছত ২০১৪ত তেওঁক দিল্লীত নিযুক্তি দিয়া হয়।

লেফটেনেন্ট সুদৰ্শন পুৰকায়স্থ আৰু বিনয় কুমাৰী পুৰকায়স্থৰ কন্যা ডঃ জুবিলী পুৰকায়স্থই কয় যে তেওঁ ‘ৰাষ্ট্ৰৰ প্ৰতি সেৱা আগবঢ়োৱাৰ বাবে কাম কৰা এটা প্ৰতিষ্ঠানৰ অংশ হ’বলৈ পাই নিজকে সৌভাগ্যৱান বুলি ভাৱে’।

সংবাদ মাধ্যমৰ আগত ডঃ জুবিলীয়ে কয়,’’মই মোৰ মাক খুব ভাল পাঁও আৰু তেওঁৱেই মোৰ অনুপ্ৰেৰণা। মই ভাৱো মই মোৰ দেশৰ বাবে বহু কৰিবলগীয়া আছে।‘’

এনেকুৱা এক সংকটৰ পৰিস্থিতিত বিজ্ঞানীসকলে জনসাধাৰণক কোভিডৰ যথোপযুক্ত বিধিসমূহ কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনাইছে।

‘’আমি সোনকালেই স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিম বুলি আশা কৰিছো,’’-বিজ্ঞানীগৰাকীয়ে এইদৰে আশা ব্যক্ত কৰে।

Related News