কেৱল পদূলিমুখত আৱৰ্জনা পেলাই পৌৰসভাৰ কৰ্মীৰ বাবে অপেক্ষা কৰাৰ দিন এতিয়া অন্ত পৰিছে। শেহতীয়াকৈ মহানগৰীত প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ’, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু স্বচ্ছ ভাৰত অভিযানৰ (নগৰীয়া) উদ্যোগত অনুষ্ঠিত এখন যুটীয়া সংবাদমেলত এই কথা স্পষ্ট কৰি দিয়া হয়। যোৱা এপ্ৰিল মাহৰ পৰা বলৱৎ হোৱা কঠিন বৰ্জ্য ব্যৱস্থাপনা নিয়ম, ২০২৬ৰ অধীনত এতিয়াৰে পৰা আৱৰ্জনা প্ৰক্ৰিয়াকৰণৰ আইনী দায়িত্ব স্বয়ং আৱৰ্জনা সৃষ্টিকাৰীৰ ওপৰত ন্যস্ত কৰা হৈছে আৰু নিয়ম উলংঘা কৰিলে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব।
সংবাদমেলত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ড০ অৰূপ কুমাৰ মিশ্ৰই নতুন নিয়মসমূহৰ আইনী ব্যৱস্থা আৰু ৰাজ্যখনত ইয়াৰ ৰূপায়ণৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। তেওঁ উল্লেখ কৰে যে ফলপ্ৰসূ আৱৰ্জনা ব্যৱস্থাপনা কেৱল প্ৰদূষণ নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ ওপৰত এৰি দিলে নহ’ব, ইয়াৰ বাবে স্থানীয় নিকায়, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু নাগৰিকৰ সমন্বয়িত প্ৰচেষ্টাৰ প্ৰয়োজন। ২০১৬ চনৰ নিয়মৰ স্থান লোৱা এই নতুন নিয়মৰ অধীনত উৎসতেই আৱৰ্জনা পৃথকীকৰণ, সম্পদ পুনৰুদ্ধাৰ আৰু ডিজিটেল নিৰীক্ষণৰ ওপৰত কঠোৰ গুৰুত্ব আৰোপ কৰা হৈছে।
নতুন নিৰ্দেশনাৱলীয়ে মূলতঃ বৃহৎ পৰিমাণৰ আৱৰ্জনা সৃষ্টিকাৰীসকলক লক্ষ্য কৰি লৈছে। যিবোৰ বাণিজ্যিক প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান বা আৱাসিক এলেকাৰ মাটিকালি ২০,০০০ বৰ্গ মিটাৰ বা তাতকৈ অধিক, যিসকলে প্ৰতিদিনে ৪০,০০০ লিটাৰ পানী ব্যৱহাৰ কৰে অথবা যিসকলে দৈনিক ১০০ কিলোগ্ৰাম বা তাতকৈ অধিক কঠিন আৱৰ্জনা সৃষ্টি কৰে, তেওঁলোক এই শ্ৰেণীৰ অন্তৰ্ভুক্ত হ’ব। গুৱাহাটীৰ প্ৰধান শিক্ষানুষ্ঠান, হোটেল, চিকিৎসালয়, বজাৰ প্ৰকল্প, ষ্টেডিয়াম, হোষ্টেল আৰু বেংকেট হলসমূহ ইয়াৰ আওতাত পৰিব। এই প্ৰতিষ্ঠানসমূহে এক কেন্দ্ৰীকৃত অনলাইন পৰ্টেলত পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হৈছে। তদুপৰি, তেওঁলোকে নিজৰ চৌহদতেই পচন সাৰ বা বায়’মিথেনেচন পদ্ধতিৰে পচনশীল আৱৰ্জনা প্ৰক্ৰিয়াকৰণ কৰিব লাগিব আৰু এক্সটেণ্ডেড বাল্ক ৱেষ্ট জেনেৰেটৰ ৰেছপনচিবিলিটী ব্যৱস্থাৰ অধীনত প্ৰতি বছৰে ৩০ জুনৰ ভিতৰত বাৰ্ষিক প্ৰতিবেদন ডিজিটেল মাধ্যমেৰে দাখিল কৰিব লাগিব।
বিষয়াসকলে এই নিৰ্দেশনাৰ গুৰুত্ব বুজাবলৈ গৈ উচ্চতম ন্যায়ালয়ে ভূপাল পৌৰ নিগম বনাম ড০ সুভাষ চি পাণ্ডে আৰু অন্যান্য গোচৰত প্ৰদান কৰা শেহতীয়া নিৰ্দেশৰ কথা উল্লেখ কৰে। যোৱা ১৮ আগষ্টৰ নিৰ্দেশত সৰ্বোচ্চ ন্যায়ালয়ে জিলা আয়ুক্তসকলক ছয় সপ্তাহৰ ভিতৰত নিজৰ নিজৰ জিলাত বৃহৎ আৱৰ্জনা সৃষ্টিকাৰীসকলক চিনাক্ত কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছে। নিয়ম মানি নচলা প্ৰতিষ্ঠানসমূহৰ পানী আৰু বিদ্যুতৰ সংযোগ লগে লগে কৰ্তন কৰা হ’ব আৰু চৰকাৰী অনুপালন প্ৰমাণপত্ৰ দাখিল নকৰা পৰ্যন্ত এই সেৱাসমূহ বাহাল কৰা নহ’ব।
সাধাৰণ নাগৰিক আৰু সৰু প্ৰতিষ্ঠানসমূহৰ বাবে ২০২৬ চনৰ নিয়মত আৱৰ্জনা উৎসতেই চাৰিটা ভাগত পৃথক কৰাটো বাধ্যতামূলক কৰা হৈছে। এই ভাগসমূহ হৈছে ৰান্ধনিঘৰৰ পেলনীয়া সামগ্ৰীসহ পচনশীল আৱৰ্জনা, শুকান পুনৰ্যৱহাৰযোগ্য আৰু ব্যৱহাৰৰ অনুপযোগী সামগ্ৰী, চেনিটাৰী আৱৰ্জনা আৰু ম্যাদ উকলি যোৱা ঔষধ, ইলেক্ট্ৰনিক বাল্ব তথা বেটাৰীৰ দৰে বিশেষ আৱৰ্জনা। ৰাজহুৱা স্থান, পথৰ দাঁতি, নলা বা জলভাণ্ডাৰত কঠিন আৱৰ্জনা পেলোৱা, জ্বলোৱা বা পুতি থোৱাটো কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে আৰু নাগৰিকসকলে কেৱল কৰ্তৃত্বপ্ৰাপ্ত আৱৰ্জনা সংগ্ৰহকাৰীকহে পৃথক কৰা আৱৰ্জনা প্ৰদান কৰিব লাগিব।
যুটীয়া সংবাদমেলত অসমৰ পুৰণি আৱৰ্জনাৰ পাহাৰ আৰু উপচি পৰা পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডসমূহৰ সমস্যাৰ বিষয়েও আলোচনা কৰা হয়। নতুন নিয়মৰ ১৫ নম্বৰ বিধি অনুসৰি, চলিত বৰ্ষৰ ৩১ অক্টোবৰৰ ভিতৰত ৰাজ্যৰ সকলো বৰ্তমানৰ ডাম্পিং ছাইটৰ ভৌগোলিক মেপিং আৰু মূল্যায়ন কৰিব লাগিব, যাতে সময় নিৰ্ধাৰিত বায়’মাইনিং আৰু ভূমি পুনৰুদ্ধাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা যায়। স্বচ্ছ ভাৰত অভিযানৰ (নগৰীয়া) অভিযান সঞ্চালক সব্যসাচী কাশ্যপে অসমৰ চহৰাঞ্চলত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ হ্ৰাস, পুনৰ ব্যৱহাৰ আৰু পুনৰাৱৰ্তনৰ ওপৰত আধাৰিত এক চক্ৰাকাৰ অৰ্থনীতিৰ অগ্ৰগতিৰ কথা উল্লেখ কৰাৰ লগতে আৱৰ্জনাবোৰ সেউজ শক্তিলৈ ৰূপান্তৰিত কৰিবলৈ অইল ইণ্ডিয়া লিমিটেডৰ সৈতে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে ৰাজ্যৰ পাঁচখন গুৰুত্বপূৰ্ণ চহৰত কম্প্ৰেছড বায়’ গেছ প্ৰকল্প স্থাপনৰ কথা সদৰী কৰে।
বৰ্তমান প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু স্বচ্ছ ভাৰত অভিযানে নাগৰিক, ব্যৱসায়িক প্ৰতিষ্ঠান, স্থানীয় নিকায় আৰু বৃহৎ আৱৰ্জনা সৃষ্টিকাৰীসকলক এই নতুন আইনী গাঁথনি ৰূপায়ণত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। সামগ্ৰিকভাৱে, চক্ৰাকাৰ অৰ্থনীতিৰ নীতিৰে আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰ কৰাই হৈছে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ মূল লক্ষ্য, য’ত আৱৰ্জনা সৃষ্টিৰ পৰা আৰম্ভ কৰি চূড়ান্ত প্ৰক্ৰিয়াকৰণলৈকে কঠোৰ নিৰীক্ষণ ব্যৱস্থা অব্যাহত থাকিব।


