NORTHEAST NOW (Assamese)

বিজয় হাজাৰে ট্ৰফীত বৃহৎ বিজয়েৰে অভিযান আৰম্ভ অসমৰ; স্বৰূপমৰ অপৰাজিত বিস্ফোৰক শতৰাণ

September 26, 2019 9:16 am · এন ই নাও নিউজ
স্বৰূপম পুৰকায়স্থ

২০১৯ বৰ্ষৰ বিজয় হাজাৰে ট্ৰফীত জয়েৰে অভিযান আৰম্ভ কৰিছে অসমে।

প্ৰতিযোগিতাখনত প্লেট গ্ৰুপত স্থান লাভ কৰা অসমে বুধবাৰে ডেৰাডুনত মিজোৰামক ১১৩ ৰাণৰ বৃহৎ ব্যৱধানত পৰাজিত কৰে।

মিজোৰামে টছত জিকি প্ৰথমে অসমক বেটিং কৰাৰ বাবে আমন্ত্ৰণ জনাই আৰু অসমে অপেনাৰ স্বৰূপম পুৰকায়স্থৰ বিস্ফোৰক অপৰাজিত শতৰাণৰ সহায়ত নিৰ্ধাৰিত ৫০ অফাৰত ৩ উইকেটত ৩২৪ ৰাণ সংগ্ৰহ কৰে।

স্বৰূপমে ১৯ টা বাউণ্ডেৰী আৰু ৪ টা অভাৰ বাউণ্ডেৰীৰে সৈতে ১৬৩ ৰাণত অপৰাজিত হৈ থাকে।

আনহাতে, ব্যৰ্থ হয় ৰাহুল হাজৰিকা(৯)আৰু ৰিয়ান পৰাগ(১)।

অসমে বান্ধি দিয়া ৩২৫ ৰাণৰ বৃহৎ লক্ষ্য আগত ৰাখি বেটিং কৰিবলৈ নমা মিজোৰাম দলটোৱে ৫০ অভাৰত ৬ উইকেটত মাত্ৰ ২১১ ৰাণহে সংগ্ৰহ কৰি ১১৩ ৰাণত পৰাস্ত হয়।

মিজোৰামৰ হৈ এ কাজিয়ে সৰ্বাধিক ৭৮ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।

বলিঙত অসমৰ হৈ ৰোছন আলমে ৪ টা, আবু নেচিম আৰু ৰিয়ান পৰাগে এটাকৈ উইকেট দখল কৰে।

Related News