• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

মিঞা মানুহৰ ভাষাৰ আৰু আশাৰ ৰাজনীতি – কঃ পন্থা?

শিৱজিত দত্ত by শিৱজিত দত্ত
September 26, 2019 9:20 am
প্ৰতিনিধিত্বমূলক ছবি। ইণ্টাৰ্নেটৰ পৰা সংগৃহীত

প্ৰতিনিধিত্বমূলক ছবি। ইণ্টাৰ্নেটৰ পৰা সংগৃহীত

17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এই কথাত দ্বিমত নাই যে মিঞা এক অতি পৰিশ্ৰমী সম্প্ৰদায়, পানীৰ ওপৰত খেতি কৰিব পৰা সম্প্ৰদায়। এই কথাও দোহাৰিব নালাগে যে অসমৰ জাতীয় শ্ৰমৰ এক বিপুল অংশ তেওঁলোকেই চম্ভালি আছে। তেওঁলোকৰ কৃষিৰ ফচল বুজন অংশ অসমবাসীৰ তেজ-মঙহত পৰিণত হৈছে।

তাহানি এই সম্প্ৰদায়ে নিজকে অসমীয়াভাষী বুলি পৰিচয় দিবলৈ সিদ্ধান্ত কৰাত অসমত অসমীয়া সংখ্যাগৰিষ্ঠৰ ভাষাত পৰিণত হ’ব পাৰিছিল। অসমীয়া ৰাজ্যভাষাৰূপে পৰিগণিত হোৱাৰ অন্তৰালত এই সম্প্ৰদায়ৰ বিশেষ ভূমিকা আছে।

Apply Now

এইটোও ঐতিহাসিক সত্য যে উনৈশ শতিকাৰ বংগত চৰম জমিদাৰতান্ত্ৰিক অত্যাচাৰৰ সন্মুখীন হোৱা এই সম্প্ৰদায়ক ঔপনিবেশিক নীতিৰ অংশৰূপে বৃটিছে অসমলৈ অনাত ইয়াৰ মাটিত তেওঁলোকে উশাহ ল’ব পাৰিছিল, কিছু মুক্তিৰ সম্ভেদ পাইছিল।

সংঘাত আৰু সমন্বয়ৰ দ্বান্দ্বিক জটিলতাৰ মাজেদি মূলসুঁতিৰ অসমীয়া আৰু মিঞাৰ ভাগ্য লাহে লাহে এৰাব নোৱৰাকৈ সাঙোৰ খাই পৰিছিল। অসমীয়া নেতৃত্বই তেওঁলোকক আদৰি লোৱাৰ পোষকতা কৰিছিল।

আশীৰ দশকত মিঞা-অসমীয়াৰ সমন্বয়ৰ গতিপথত কিছু শক্তিশালী গতিৰোধক আহি পৰিছিল। পাহৰিব নোৱাৰি যে এচাম মূলসুঁতিৰ অসমীয়াই নিজৰ প্ৰাণৰ বাজী ৰাখিও বৈধ ভাৰতীয় মিঞাৰ পক্ষে মাত মাতিছিল। আজিও মিঞা মানুহৰ বহু শিল্পী, সাহিত্যিক, ৰাজনীতিকক মূলসুঁতিৰ মানুহে যথোচিত স্বীকৃতি দিছে।

সন্দেহ নাই যে বহু মিঞা মানুহৰ অঙহী-বঙহীয়ে ডিটেনশ্যন কেম্পত নিকাৰ ভুঞ্জিছে; মূলসুঁতিৰ বহু অসমীয়াই জানি-নাজানি বৈধ ভাৰতীয় মিঞাকো বাংলাদেশী বুলি তাচ্ছিল্য কৰিছে, ঠায়ে ঠায়ে অপদস্থও কৰিছে; ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰিব যাওতে আন বহুতৰ দৰে মিঞা মানুহৰো বেচ নগুৰ-নাকতি হৈছে; স্বাধীনতাৰ ইমান দশকৰ পিছতো মিঞা মানুহৰ আৰ্থ-সামাজিক পৰিস্থিতি তথৈবচ হৈয়েই আছে।

ইমানৰ পিছতো শুভানুধ্যায়ী মিঞা লোকে এই কথাকেইটা অনুধাৱন নকৰি নোৱাৰেঃ

১) মিঞাৰ দুৰৱস্থাৰ বাবে সাধাৰণ অসমীয়া মানুহ দায়ী নহয়। এই অৱস্থাৰ বাবে দায়ী ৰাষ্ট্ৰ আৰু এক বিশেষ সমাজ-ব্যৱস্থা। মাজে মাজে কোনো কোনো অসমীয়া মানুহে ৰাষ্ট্ৰৰ সেই বিভাজনমুখী কুটিল ফান্দত ভৰি দিছে আৰু মিঞাক শত্ৰুজ্ঞান কৰিছে। আনকি শাসকৰ কূট ৰাজনীতিৰ প্ৰভাৱত ভালেমান অসমীয়াই মিঞাকে যত সমস্যাৰ মূল বুলিও ভাবিছে। তৎসত্বেও ৰাজনীতি আৰু সমাজ-বাস্তৱৰ মেৰ-পেচ বুজা লোকে ধৰিব পাৰিব যে এই সকলোবোৰৰ অন্তৰালত আছে ৰাষ্ট্ৰ আৰু শোষক পুঁজিৰ অভিপ্ৰায়- সাধাৰণ মিঞাৰ দৰে মূলসুঁতিৰ সাধাৰণ অসমীয়াও ক্ৰীড়নক মাত্ৰ।

২) মূলসুঁতিৰ সাধাৰণ মানুহেও চৰম দুৰ্দশাৰ মাজেদি দিন নিয়াইছে। শ্ৰেণীবিভক্ত সমাজত খাটি খোৱা মানুহৰ এনেকুৱা হ’বই। অতএৱ দুৰ্দশা একান্তই মিঞাৰ দুৰ্ভাগ্য নহয়। নিষ্পেষিত মিঞা আৰু নিষ্পেষিত (মূলসুঁতিৰ) অসমীয়াক ভাগ ভাগ কৰি ৰাখিবলৈ শাসক পক্ষই নানা কৌশল কৰিবই। উভয় পক্ষই সেয়া উপলব্ধি কৰি উক্ত কৌশল ব্যৰ্থ কৰাৰ প্ৰয়াস কৰিব লাগিব।

৩) অসমীয়া বুলি পৰিচয় দিয়াৰ যি ঐতিহাসিক সিদ্ধান্ত মিঞাই লৈছিল তাক নাকচ কৰি বাংলামুখী হ’বলৈ মিঞা মানুহক উচটনি দিয়া আৰু দিব পৰা কেতবোৰ শক্তি বৰ্তমান সক্ৰিয় হৈ উঠিছে, উঠিব ধৰিছে। এই সক্ৰিয়তাক ব্যৰ্থ কৰাত মূলসুঁতিৰ অসমীয়াৰ দায়িত্ব অস্বীকাৰ কৰা নাযায়, কিন্তু শুভানুধ্যায়ী মিঞা নেতৃত্বৰ দায়িত্ব খুবেই বেছি। মিঞা অসমীয়াৰপৰা আতৰি গ’লে কেৱল অসমীয়াৰেই সমস্যা নহয়, মিঞাৰ নিজৰো বিপদ বাঢ়িব। কাৰণ কেবাটাও-

ক) বাঙালী এক বিশাল জনসংখ্যাৰ জাতি। তাত এমুঠি মিঞা থাকক, নাথাকক – তালৈ বাঙালীৰ কেৰেপ কৰিব লগা বিশেষ নাই। কিন্তু, অসমীয়া আপেক্ষিকভাৱে ক্ষুদ্ৰতৰ জাতি। সেয়ে মিঞা অসমীয়া হৈ থাকিবনে নাই, সেয়া অসমীয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। ৰাষ্ট্ৰৰ ফান্দত ভৰি থোৱা একাংশ উন্নাসিক (মূলসুঁতিৰ) অসমীয়াৰ কথা-কামে এই ঐতিহাসিক বাস্তৱক নাকচ কৰিব নোৱাৰে। কাজেই অসমীয়াৰ সৈতে মিঞাৰ বন্ধন যিমান বলৱান হৈ থাকিব, সিমান বলৱান বাঙালীৰ সৈতে হ’ব পৰা বন্ধনত নাথাকে।

খ) আজি সাম্প্ৰদায়িক ৰাজনীতি যিদৰে গা কৰি উঠিছে, যিদৰে এক বিশেষ দলে হিন্দু বাংলাদেশীৰ গডফাদাৰৰ ভাও লৈছে, তালৈ চাই অনুমান কৰা কঠিন নহয় যে নানা টোপ দি অসমীয়াৰপৰা বিচ্ছিন্ন কৰিব পাৰিলেই উক্ত শক্তিয়ে মিঞাক অকলশৰীয়া কৰি পেলাব। তেনে পৰিস্থিতিত মিঞা ভাষিকভাৱে অসমীয়াৰপৰাও বিচ্ছিন্ন হ’ব আৰু ধৰ্মীয়ভাৱে হিন্দু বাঙালীৰপৰাও বিচ্ছিন্ন হৈ পৰিব। মিঞা তেতিয়া আজিতকৈও অধিক দুৰ্দশাৰ চিকাৰ হৈ পৰিব।

গ) বহু দশক জুৰি মিঞা মানুহ অসমীয়া জাতিগঠন প্ৰক্ৰিয়াৰ অংশীদাৰ হৈ আহিছে; বহুতেই অসমীয়া ভাষা-সংস্কৃতি আয়ত্ত্ব কৰিছে আৰু তাত গুৰুত্বপূৰ্ণ অৱদানো দিছে। একাধিক প্ৰজন্মৰ মিঞাই অসমীয়া মাধ্যমত পঢ়ি-শুনি জীৱন গঢ়িছে। আজি উদ্দেশ্যপ্ৰণোদিত প্ৰচাৰ আৰু প্ৰৰোচনাত ভোল গৈ এই বিশেষ ইতিহাসৰ ৰথৰ চকৰি ওলোটাকৈ ঘূৰাব যোৱাটো মিঞাৰ বাবে খুব পীড়াদায়ক নহৈ নোৱাৰে। সম্পূৰ্ণ নতুন পৰিচয় এটা লাভ কৰাটো আজিৰ পৰিস্থিতিত খুব কঠিন কথা। এতেকে ইতিমধ্যে যি পৰিচয় লাভ কৰিলে সংগ্ৰাম আৰু সতৰ্কতাৰ মাজেদি তাকেই সমৃদ্ধ কৰাৰ প্ৰয়াস চলোৱা শ্ৰেয়ঃ।

৪) অসমত এক শক্তিশালী জাতিৰ উপস্থিতিত ইয়াৰ সম্পদ লুটি নিয়াটো বৃ্হৎ পুঁজি আৰু তাৰ বাহক ৰাষ্ট্ৰৰ বাবে আহুকলীয়া। সেয়ে তেনে এক জাতি থকাটো সিবিলাকৰ কাম্য নহয়। কাজেই এই শক্তিবোৰে অসমীয়াকতো দুৰ্বল কৰিব খোজেই, অসমভূমিত এক শক্তিশালী বাঙালী জাতি থকাটোও নিবিচাৰিব। সিহঁতে এইটোকে বিচাৰিব যে ইয়াত এক খিচুৰি ধৰণৰ, অস্থিৰ ধৰণৰ পৰিবেশ বৰ্তি থাকক যাতে কোনো এক ভাষিক জাতিৰ আধিপত্য নাথাকে। সেয়ে মিঞাক অসমীয়াৰপৰা বিয়োগ কৰিবলৈ যিদৰে যত্নশীল হ’ব, সিদৰেই সচেষ্ট হ’ব মিঞাক বাঙালীৰ লগত যোগ কৰি নিদিবলৈ। গতিকে শতিকাজোৰা বন্ধন খুলি মিঞা যদি অসমীয়াৰপৰা ওলাই যায়, তেন্তে তেওঁলোকৰ অৱ্স্থা নাজল-নাথল হোৱাৰ সম্ভাৱনাই প্ৰকট।

সেয়ে আমি আশা কৰোঁ যে আজিৰ দুৰ্দশাভৰা পৰিস্থিতিতো মিঞা নেতৃত্বই ৰাষ্ট্ৰৰ লগতে সাম্ৰাজ্যবাদী পুঁজিৰো গুপুত অভিসন্ধি উপলব্ধি কৰিব আৰু তেওঁলোকৰ নিপীড়িতচামৰ লগত অসমৰ সমূহ নিপীড়িতৰ মৈত্ৰী ৰচনাৰ হকে কাম কৰিব। মূলসুঁতিৰ বুজন অংশই তেওঁলোকৰ ইতিবাচক পদক্ষেপক আদৰণি জনাব। প্ৰতিক্ৰিয়াশীল অংশৰ কথাত বিচলিত হোৱাৰ সকাম নাই।

উক্ত মৈত্ৰী ৰচনাৰ প্ৰথম পদক্ষেপ হৈছে অসমীয়া-বিৰোধী আৰু বাংলামুখী প্ৰৰোচনা নেওচি অসমীয়া জাতিগঠন প্ৰক্ৰিয়াক শক্তিশালী কৰাত আগতকৈও অধিক বৰঙণি যোগোৱা, নিজেই নিজকে অসমীয়া বুলি চাৰ্টিফিকেট দিয়া আৰু আবেগেৰে-বিবেকেৰে অসম-অসমীয়াৰ স্বাৰ্থক নিজৰ স্বাৰ্থৰ সৈতে সংযুক্ত কৰা আৰু অসমৰ খিলঞ্জীয়া মানুহৰ শংকাৰ ভিত্তিকো উপলব্ধি কৰিবলৈ যত্নপৰ হোৱা।

 

লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী প্ৰবক্তা

ইমেইল : [email protected]

শিৱজিত দত্ত

শিৱজিত দত্ত

ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd