NORTHEAST NOW (Assamese)

গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনত আৰম্ভ কৰ’নাৰ ৰেপিড টেষ্ট

April 23, 2020 6:07 pm · দীপজ্যোতি শৰ্মা
Updated: April 23, 2020 8:16 pm
স্পেনিছ গাৰ্ডেনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ অনুমোদনমৰ্মে অসমত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ল ক’ভিড-১৯ৰ ৰেপিড টেষ্ট।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাৰ উপস্থিতিত গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনত ৰেপিড টেষ্ট আৰম্ভ হৈছে।

স্বাস্থ্য মন্ত্ৰীৰ উপস্থিতিত ১৫ গৰাকীক পৰীক্ষা কৰি ফলাফল ঋণাত্মক পোৱা গৈছে৷ এই কথা প্ৰকাশ কৰিছে মন্ত্ৰী শৰ্মাই৷

স্বাস্থ্য মন্ত্ৰীয়ে প্ৰকাশ কৰা মতে ৰেপিড টেষ্টৰ সকলো পৰীক্ষাৰ ফলাফল ঋণাত্মক হ’লে ৪৮ ঘণ্টাৰ ভিতৰত পুনৰ স্পেনিছ গাৰ্ডেন খুলি দিয়া হ’ব।

উল্লেখ্য যে স্পেনিচ গাৰ্ডেনত এগৰাকী ব্যক্তিৰ কৰনা আক্ৰান্ত বুলি  ধৰা পৰাৰ পিচতে প্ৰশাসনৰ পৰা বন্ধ কৰি দিয়া হৈছিল প্ৰৱেশ প্ৰস্থান৷

গুৰুত্বপূৰ্ণ কথা এই যে ভাৰত চৰকাৰৰ পৰা ৰাজ্য চৰকাৰে ৯ হাজাৰো অধিক ৰেপিড টেষ্ট কিট লাভ কৰিছে৷ এইবোৰৰ জৰিয়তে ১৫ মিনিটৰ ভিতৰত ক’ভিড-১৯ৰ ফলাফল পাব পাৰি৷

যিহেতু ৰাজ্যত ২৫ এপ্ৰিলৰ পৰা আটাইকেইখন চিকিৎসা মহাবিদ্যালয় আৰম্ভ হব সকলো ৰোগীৰ চিকিৎসা তাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব ৰেপিড টেষ্ট৷ কোনো ৰোগীৰ ওপৰত যদি চিকিৎসকৰ সন্দেহ হয় বা চিকিৎসা কৰাৰ পূৰ্বে চিকিৎসকে ৰোগী গৰাকীৰ কৰনা আক্ৰান্ত নেকি সেয়া  পৰীক্ষা কৰিব পৰিব, এই কথা জনায় মন্ত্ৰী শৰ্মাই।

ইফালে আঠগাওঁ কবৰস্থান মছজিদত আগন্তুক দুই এদিনৰ ভিতৰতে ৰেপিড টেষ্ট কৰিব ৰাজ্যৰ স্বাস্থ্য বিভাগে

আনহাতে এসপ্তাহৰ মূৰত আজি ধুবুৰীৰ বিলাসীপাৰাত ধৰা পৰা কৰ’না আক্ৰান্ত ৰোগীগৰাকী সন্দৰ্ভত মন্ত্ৰী শৰ্মাই কয় কোৱাৰেন্টাইনত থকা ব্যক্তিগৰাকীৰ দেহত ১৮ দিনত ধৰা পৰিছে কৰ’নাৰ উপস্থিতি৷

তেওঁ কয় যে ১৪ দিনতে ধৰা পৰাৰ কথাটো এতিয়া কিছু সলনি হৈছে৷ তাৰবাবে যিসকল ব্যক্তিৰ দেহত কৰনা ধৰা পৰিছে বা প্ৰত্যেক্ষ সংস্পৰ্শত আছে তেওঁলোকক ২৮ দিনৰ বাবে কৰা হ’ব কোৱাৰেন্টাইন৷

Related News