• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যিক কর্মচাৰীৰো মৰগীয়া বানচ কৰ্তন হ’ব নেকি! কি ক’লে মন্ত্ৰী হিমন্তই বিশ্ব শৰ্মাই?

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 23, 2020 6:19 pm

3 min read

Screenshot_20200422-151610

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটো

83.8k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংহাৰৰ বাবে দেশৰ আৰ্থিক ব্যৱস্থাত এতিয়া সংকটৰ আগজাননী দেখা দিছে। যাৰ বাবে ভাৰত চৰকাৰে আজি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আজি বিত্ত মন্ত্ৰ্যালয়ে এক নিৰ্দেশনাৰ জৰিয়তে কেন্দ্ৰীয় কৰ্মচাৰীয়ে লাভ কৰিব লগীয়া মৰগীয়া বানচ ২০২১ চনৰ জুলাই মাহলৈকে নিদিয়ে বুলি ঘোষণা কৰে।

নিৰ্দেশনাটোত লগতে কোৱা হয় যে, ক’ৰ’না ভাইৰাছৰ সংকটৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী তথা পেঞ্চনাৰসকলক ২০২০ৰ ১ জানুৱাৰিৰ পৰা পাবলগীয়া মৰগীয়া বানচ প্ৰদান কৰা নহ’ব।

ইয়াৰ পাছতে স্বাভাৱিকতে ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰী সকলৰ মনত এটা প্ৰশ্ন উদয় হৈছে এনে আৰ্থিক সংকটৰ সময়ত তেওঁলোকৰো মৰগীয়া বানচ কৰ্তন কৰা হ’ব নেকি?

ৰাজ্যিক কৰ্মচাৰী সকলৰ দৰমহাৰ পৰা মৰগীয়া বানচ কৰ্তন হ’ব বুলি নিশ্চয়কৈ প্ৰকাশ কৰা নাই যদিও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰীগৰাকীয়ে কয়, “বিজেপি শাসিত ৰাজ্য সমূহত বৰ্তমানলৈকে কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰা হোৱা নাই। আৰ্থিক প্ৰত্যাহ্বান আছে, তাৰ লগত জোৰা-টাপলি মাৰিবৰ বাবে আপ্ৰাণ চেষ্টা চলাইছো।”

অৱশ্যে, এপ্ৰিল মাহৰ শেষৰ ফালে ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচ কৰ্তন কৰিব নে নাই এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়।

তেওঁ কয় “মাহতো শেষ কৰাৰ সময়ত জনাব পাৰিম। আমি আপ্ৰাণ চেষ্টা কৰিছো যাতে অসমতো ইয়াৰ কমছে কম প্ৰভাৱ পৰে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকল নিৰাশ হ’ব নালাগে।”

ইপিনে, সংবাদ মাধ্যমত তেওঁ কৰা মন্তব্য বেলেগ বেলেগকৈ প্ৰকাশ কৰে বুলি উল্লেখ কৰি তেওঁ লগতে কয়, “আপোনালোকে হেডলাইনবোৰ বেলেগ বেলেগ কৰি দিয়ে বাবে ক’বলৈ বেয়া লাগে। মই যদি কওঁ আৰ্থিক সংকট হৈছে জোৰা-টাপলি মৰাৰ চেষ্টা কৰিছো তেতিয়া আপোনালোকে লিখি দিয়ে অসম একেবাৰে ডুবি গ’ল। মই পজিটিভলি কথাটো ক’লে বেলেগ ধৰণে ওলায়।”

আনহাতে, ৰাজ্য চৰকাৰো কম বেছি পৰিমাণে আৰ্থিক সংকটত থকা বুলি আওপকীয়াকৈ স্বীকাৰ কৰি মন্ত্ৰীগৰাকীয়ে কয়, “আৰ্থিক সংকটত যদি চৰকাৰ বিলাক আছে, এইটো চন্দ্ৰ সূৰ্য্যৰ দৰে। কিন্তু প্ৰভাৱ বিলাক কিমান কম হ’ব পাৰে বা নোহোৱা কৰিব পাৰি তাৰ বাবে আমি চেষ্টা কৰি আছো। স্বাস্থ্যত যদি সফল হ’ব পাৰিছো বিত্তটো সফল হ’ব পাৰিম।”

উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰে ২০২০ৰ ১ জুলাইৰ পৰা পাবলগীয়া অতিৰিক্ত মৰগীয়া বানচো নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

মৰগীয়া বানচ প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পৰৱৰ্তী সিদ্ধান্ত কি হয় সেয়া ২০২১ চনৰ ১ জুলাইৰ পিছতহে জানিব পৰা যাব।

উল্লেখ্য যে ক’ৰ’না ভাইৰাছে সৃষ্টি কৰা সংকটৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ বাজেট কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ অংশ স্বৰূপে প্ৰতিৰক্ষা শিতানতো বাজেট হ্ৰাস কৰা পৰিলক্ষিত হৈছে।

ইয়াৰ উপৰি ভাৰত চৰকাৰে প্ৰধান মন্ত্ৰী, ৰাষ্ট্ৰপতি, সাংসদ, মন্ত্ৰীৰ মাহিলী দৰমহাৰ ৩০ শতাংশ কৰ্তন কৰাৰ কথা ঘোষণা কৰিছিল। কেৱল এয়াই নহয় দুবছৰৰ বাবে সাংসদ পুঁজিও বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।

Tags: COVID-19

Recent News

Screenshot_20210227_203328

মাৰ্ঘেৰিটা সমষ্টিত অনুষ্ঠিত হ’ব লগা প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচন সৰ্ম্পকে মহকুমাধিপতি কাৰ্যালয়ত সাংবাদিকৰে সভা

PM-Modi-750x375

ডিঙিত গামোচালৈ কোভিড ভেকচিন গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

bhaba

কলিয়াবৰত নৱ নিৰ্মিত নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা মহোৎসৱ অনুষ্ঠিত

Priyanka-Gandhi-750x375

অসমত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী, পোনে পোনে গ’ল কামাখ্য মন্দিৰলৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd