NORTHEAST NOW (Assamese)

ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সূচী প্ৰস্তুত : ৰাষ্ট্ৰীয় নেতাৰে চমক দিয়াৰ প্ৰয়াস

March 23, 2019 11:42 am ·
নৰেন্দ্ৰ মোদীৰ আৰু অনুৰাগ ঠাকুৰ। উৎস-ইণ্টাৰনেট

লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ ক্ষেত্ৰত চমক দিবলৈ সম্পুৰ্ণৰূপে সাজু বিজেপি দল। ইতিমধ্যে থিম ছং আৰু ক’লাৰ টিউন প্ৰস্তুত কৰি দলটোৱে যুৱ ভোটাৰ সকলক আকৰ্ষণ কৰাৰ বাবে চেষ্টা কৰিছে। অসমত ১১, ১৮ আৰু ২৩ এপ্ৰিলত তিনিটা পৰ্য্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ বাবে ৰাজ্যিক বিজেপি নেতৃত্বই দলৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ষ্টাৰ কেম্পেইনাৰ সকলৰ সূচী প্ৰস্তুত কৰি উলিয়াইছে।

প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যত প্ৰচাৰ চলাবলগীয়া মুখ্য কেম্পেইনাৰ সকলৰ ভিতৰত অন্যতম প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নাম। মোদীৰ লগতে প্ৰচাৰত অংশ ল’বলগীয়া আন আন ৰাষ্ট্ৰীয় নেতাসকল হ’ল বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱ, অসম ৰাজ্যিক বিজেপিৰ প্ৰভাৰী মহেন্দ্ৰ সিং, লোকসভাৰ সাংসদ তথা প্ৰাক্তন বি চি চি আইৰ সভাপতি অনুৰাগ সিং ঠাকুৰ, পশ্চিম বংগৰ সাংসদ তথা জনপ্ৰিয় গায়ক বাবুল সুপ্ৰিয় আৰু অভিনেত্ৰী সাংসদ ৰূপা গাংগুলী।

দলীয় সূচী অনুসৰি নৰেন্দ্ৰ মোদীয়ে ৩০ মাৰ্চত এদিনীয়া কাৰ্য্যসূচীলৈ অসমলৈ আহি গহপুৰ আৰু মৰাণৰ নিৰ্বাচনী সভাত অংশ ল’ব। ২৪ মাৰ্চত ডিফুত নিৰ্বাচনী সভাত অংশ ল’ব ৰাম মাধৱে, ৰাম মাধৱক সংগ দিব ৰাজ্যিক বিজেপিৰ ৰমেন ডেকাই।

আনহাতে, ২৫ মাৰ্চত শিলচৰত বিজেপিৰ প্ৰাৰ্থী ৰাজদ্বীপ ৰয়ৰ হৈ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব মহেন্দ্ৰ সিঙে। একেদিনাই তেজপুৰ লোকসভা সমষ্টিত অনুৰাগ সিং ঠাকুৰে জনসভাত অংশ ল’ব আৰু সংগ দিৱ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২৬ মাৰ্চত কৰিমগঞ্জত জনসভাক সম্বোধন কৰিব বাবুল সুপ্ৰিয় আৰু নগাঁওত প্ৰচাৰ চলাব ৰূপা গাংগুলীয়ে। ৰূপা গাংগুলীক সংগ দিব বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে।

অৰুণাচলৰ সাংসদ কিৰেণ ৰিজিজুই ডিব্ৰুগড়ত ২৬ মাৰ্চৰ দিনাখনে প্ৰচাৰ চলোৱাৰ সমান্তৰালভাবে মঙলদৈত প্ৰচাৰ চলাব মহেন্দ্ৰ সিঙে। সিঙক সংগ দিব হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে, ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা একক ভাবে ২৫ মাৰ্চত লখিমপুৰত সৰ্বানন্দ সোণোৱালে আৰু যোৰহাটত হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰিব। ২৬ মাৰ্চত গুৱাহাটীত নিৰ্বাচনী সভাত অংশ ল’ব সোণোৱালে।

Related News