• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খিলঞ্জীয়াৰ আন্দোলনত শংকিত! সংখ্যালঘুৰ ভোটাৰক লৈ বিশেষ তৎপৰতা অসম বিজেপিৰ

সংখ্যালঘু মৰ্চাৰ কাৰ্য্যনিৰ্বাহক : আগন্তুক লোকসভাৰ নিৰ্বাচনত বিজেপিক সহায় কৰিবলৈ ৰাজ্যৰ সংখ্যালঘু ৰাইজক আহ্বান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 6, 2018 8:38 pm
BJP Minority morcha meeting at Guwahati on 06-11-18.pix by UB Photos.

বিজেপিৰ সংখ্যালঘু মৰ্চাৰ কাৰ্য্যনিৰ্বাহকৰ দৃশ্য। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমৰ খিলঞ্জীয়া ভোটাৰৰ সমৰ্থন হেৰুওৱাব লগীয়া হোৱা বাবে শংকিত হৈ পৰিছে ৰাজ্যিক বিজেপি। সন্মুখত পঞ্চায়ত আৰু লোকসভাৰ নিৰ্বাচন। সেয়েহে খিলঞ্জীয়া ভোটাৰৰ ঘাটি পূৰ কৰিবলৈ ন-ন কৌশল হাতত লৈছে ৰাজ্যিক বিজেপিয়ে।

বিশেষকৈ এতিয়া ৰাজ্যখনৰ ৩৫ শতাংশ ধৰ্মীয় সংখ্যালঘু ভোটাৰক লগত লৈ আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ সপোন দেখিছে ৰাজ্যিক বিজেপিয়ে। গতিকে ৰাজ্যৰ মুচলামান ৰাইজৰ প্ৰতি সুৰ সলনি হৈছে বিজেপিৰ। দলটোৱে চুচুক-চামাককৈ কাষ চপাৰ চেষ্টা কৰিছে অসমৰ সংখ্যালঘু ৰাইজৰ।

Apply Now

মঙলবাৰে দিচপুৰস্থিত গড়কাপ্তানী বিভাগৰ সংৰক্ষণ কেন্দ্ৰত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ এখন কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। উক্ত সভাখনত বিজেপিৰ ৰাজ্যিক নেতৃবৃন্দই নিজৰ ভাষণত সংখ্যালঘু লোকসকলক বিজেপি সম্প্ৰদায়টোৰ বিৰুদ্ধে নহয় বুলি বুজাবলৈ অশেষ যত্ন কৰে।

উক্ত কাৰ্য্যনিৰ্বাহক বৈঠকত মুখ্য অতিথি হিচাপে উপস্থিত থকা বিজেপিৰ ৰাষ্ট্ৰীয় সংখ্যালঘু মৰ্চাৰ সভাপতি আব্দু ৰচিদ আনছাৰীয়ে কংগ্ৰেছক সমালোচনা কৰি কয়, “৭০ বছৰে (যদিও বাজপেয়ী আৰু মোদীৰ কাৰ্য্যকাল ধৰিলেহে ৭০ বছৰ হয়) কংগ্ৰেছে শাসন চলাইছিল যদিও উত্তৰ-পূবৰ কাৰণে একো পদক্ষেপ হাতত নল’লে।”

তেওঁ লগতে কংগ্ৰেছৰ প্ৰতি প্ৰশ্ন কৰে, “কংগ্ৰেছে অসমৰ নিবনুৱা সমস্যা দূৰ কৰিব পাৰিলেনে? জনসাধাৰণে কংগ্ৰেছক বাৰেপতি চৰকাৰ বনাবলৈ সুযোগ দিলে। কিন্তু জনসাধাৰণক কংগ্ৰেছে কি দিলে?”

আনহাতে, আনছাৰীয়ে বৰ্তমানৰ চৰকাৰখনে ‘সবকা সাথ সবকা বিকাশ’ নীতিৰ সংখ্যালঘু লোকসকলৰ বাবেও উন্নয়নমূলক কাম কৰা বুলি ভাষণ প্ৰসংগত দাবী কৰে।

তদুপৰি উক্ত কাৰ্য্যনিৰ্বাহক সভাত ভাষণ প্ৰদান কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মুমিনুল আৱলে ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চা,  মহিলা মৰ্চা, চাহ মৰ্চাকে ধৰি ৮ টা মৰ্চাৰ ভিতৰত সংখ্যালঘু মৰ্চাক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা হয় বুলি ভাষণ প্ৰসংগত দাবী কৰে। সংখ্যালঘু মৰ্চাৰ গুৰুত্ব অন্য মৰ্চাতকৈ যথেষ্ট বেছি বুলিও তেওঁ সংখ্যালঘু মৰ্চাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে।

তেওঁ লগতে কয়, “ৰাজ্যৰ ইছলামধৰ্মী সংখ্যালঘু লোকসকলক কিছুমান ৰাজনৈতিক শক্তিয়ে অক্টোপাছৰ দৰে আগুৰি ৰাখিছে। আজিৰ দিনটোলৈকে সেই জালৰ পৰা সংখ্যালঘুসকল ওলাই আহিবলৈ সক্ষম হোৱা নাই।”

ইয়াৰোপৰি অসমৰ সংখ্যালঘু লোকসকলে সকলো কথা জানি-বুজি আবেগৰ বশৱৰ্তী হৈ কংগ্ৰেছ-এ আই য়ু ডি এফৰ নিচিনা ৰাজনৈতিক শক্তিবোৰৰ ওচৰত আশ্ৰয় বিচাৰি যায় বুলি তেওঁ ভাষণৰ মাজতে কয়।

আনহাতে, “অসমৰ সংখ্যালঘুসকলক কংগ্ৰেছ-এ আই য়ু ডি এফে ব্যৱসায়িক কেঁচামাল হিচাপে ব্যৱহাৰ কৰি আছে” বুলি দাবী কৰে।

অসমৰ সংখ্যালঘু সকলক এইক্ষেত্ৰত সজাগ আৰু সচেতন কৰিবলৈ সংখ্যালঘু মৰ্চাক আহ্বান জনায়।

তদুপৰি, পূৰ্বতে বিজেপিৰ সৈতে ৰাজ্যৰ ৩ লাখ সংখ্যালঘু লোক জড়িত হৈ আছিল যদিও বৰ্তমান ৭ লাখ সংখ্যালঘু লোক বিজেপি দলৰ সৈতে জড়িত হৈ পৰা বুলি দাবী কৰে।

লক্ষণীয় কথা যে, বিগত নিৰ্বাচনসমূহত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সদস্যসকলেই বিজেপিক ভোটদান কৰা নাছিল বুলি অকপটে স্বীকাৰ কৰে মুমিনুল আৱালে। তেওঁ কয়, “বিগত কোনো কোনো বুথত ৫১জন সদস্য থাকিলেও নিৰ্বাচনী ফলাফলৰ পাছত সেই বুথটোত মাত্ৰ ৫-১০টা ভোটহে বিজেপিৰ প্ৰাৰ্থীলৈ গৈছিল। বিজেপিৰ বুথ কমিটীৰ সদস্যয়ো ভোট দিয়াৰ পৰা বিৰত আছিল।”

আনহাতে, একেখন কাৰ্য্যনিৰ্বাহক সভাতে ভাষণ প্ৰদান কৰি ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়াই কয় যে চৰকাৰৰ আঁচনিসমূহ সংখ্যাগুৰু অঞ্চলৰ সমান্তৰালকৈ সংখ্যালঘু অঞ্চললৈ নিয়াৰ প্ৰয়াস কৰা হৈছে।

হিন্দুত্ববাদৰ প্ৰতিষ্ঠা কৰিব বিচৰা বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদকগৰাকীয়ে আজিৰ ভাষণত সংখ্যালঘু মৰ্চাক আকৃষ্ট কৰিবলৈ সুৰ সলোৱা দেখিবলৈ পোৱা যায়।

তেওঁ কয়, “জন্মতো আমাৰ হাতত নাই, কাৰোবাক হিন্দুৰ ঘৰত জন্ম দিলে, কাৰোবাক মুছলমানৰ ঘৰত জন্ম দিলে।”

তেওঁ লগতে কয়, “সমাজত নৰেন্দ্ৰ মোদী বুলি ক’লে পূৰ্বতে ‘মুছলমান হত্যাকাৰী’ বুলি জানিছিল। তাৰ পৰৱৰ্তী সময়ত নৰেন্দ্ৰ মোদীৰ প্ৰতি জনসাধাৰণৰ সেই ভাব সম্পূৰ্ণ বদলি হৈ আজি নৰেন্দ্ৰ মোদীয়ে ‘সবকা সাথ সবকা বিকাশ’ নীতিৰ মূল খুঁটা হিচাপে চিহ্নিত হৈছে।”

ইয়াৰোপৰি আগন্তুক লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে ৪০০খন আসন দখল কৰিবলৈ সক্ষম হ’ব বুলি ভাষণ প্ৰসংগতে দাবী কৰে তথা উক্ত অভিযানত সংখ্যালঘু লোকসকলে সহায় কৰিব বুলিও তেওঁ কয়। তেওঁ লগতে কয়, “আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ ১৪খন আসনৰ ১২খন আসনেই বিজেপি দলে লাভ কৰিব।”

মুঠৰ ওপৰত যিকোনো উপায়েৰে সংখ্যালঘু ভোটাৰৰ মন আকৃষ্ট কৰি আগন্তুক নিৰ্বাচনসমূহত জয়ী হোৱাৰ পূৰ্ণ চেষ্টা চলাইছে ৰাজ্যিক বিজেপিয়ে।

ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি মোক্তাৰ হুছেইন খানে সভাপতিত্ব কৰা উক্ত কাৰ্য্য নিৰ্বাহক সভাত ৰাজ্যিক বিজেপিৰ উপ-সভাপতি তৌফিক ৰহমান আৰু সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা উপস্থিত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd