অহা ২৪ ছেপ্তেম্বৰৰ পুৱা ১০:৩০ বজাত মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ’ব ভাৰত জুড়ো যাত্ৰাৰ অসম ৰাজ্যিক অভিৱৰ্তন।
সাংবিধানিক প্ৰমূল্য আৰু গণতান্ত্ৰিক অনুষ্ঠানসমূহৰ পুনৰূদ্ধাৰৰ লক্ষ্যৰে অসম নাগৰিক সমাজৰ নেতৃত্বত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ভাৰত জুড়ো অভিযানৰ ৰাজ্যিক অভিৱৰ্তনখন।
উল্লেখ্য যে দেশৰ গণতন্ত্ৰৰ ৰক্ষাৰ বাবে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবৰ বাবে সাজু হৈ উঠিছে অসম নাগৰিক সমাজ। সেই লক্ষ্যত উপনীত হোৱাৰ কাৰ্যসূচীৰ অংশ হিচাপে আয়োজন কৰা হৈছে এই অভিৱৰ্তনখন।
অসমত সকলো বিৰোধী দলক একত্ৰিত কৰি বিজেপিক পৰাভূত কৰাৰ বাবেও বিশেষ পদক্ষেপৰ কথাৰ আলোচনাই ঠাই পাব এই অনুষ্ঠানত।
বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইয়ে উদ্বোধন কৰিব লগা এই অনুষ্ঠানত বিভিন্ন দল আৰু সংগঠনৰ প্ৰায় ৫০০ ৰো অধিক প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে অসম নাগৰিক সমাজে।
উল্লেখ্য যে দেশৰ আগশাৰীৰ চিন্তাবিদ তথা ৰাজনৈতিক কৰ্মী যোগেন্দ্ৰ যাদৱ আৰু অভীক সাহাই এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিব।
ভাৰত জুড়ো যাত্ৰাৰ অসম ৰাজ্যিক অভিৱৰ্তনখনত সকলো ৰাইজ উপস্থিত হৈ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ লগতে বিজেপিক পৰাভূত কৰাৰ যুঁজত চামিল হ’বলৈ অসম নাগৰিক সমাজৰ হৈ আহ্বান জনাইছে নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞা আৰু সম্পাদক পৰেশ মালাকাৰে।