মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত আজি মঙলবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হৈ যায়।
বৈঠকৰ অন্তত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত জনায় গৃহীত হোৱা সিদ্ধান্তসমূহ। সেই সিদ্ধান্তসমূহ তলত অ-সম্পাদিত ৰূপত উল্লেখ কৰা হ’ল।
- ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলৰ ৰেচন কাৰ্ড নাই সেইসকলক ১০০০ টকাকৈ দিয়াৰ সিদ্ধান্ত। যিবিলাক গাওঁ পঞ্চায়তৰ অধীনত ৫ হাজাৰ জনবসতি আছে সেইবোৰত ১৫০ টা পৰিয়ালে ১০০০ টকাকৈ লাভ কৰিব। ৫ হাজাৰৰ পৰা ১০ হাজাৰ লোকৰ ভিতৰত ২০০ টা পৰিয়ালে লাভ কৰিব এই সুবিধা।
- গাওঁ পঞ্চায়তৰ সভাপতি আৰু সদস্যৰ পৰিয়ালে এই সাহায্য লাভ কৰিব নোৱাৰিব। ৰেচন কাৰ্ড নথকা তথা দৰিদ্ৰ লোকসকলে এই সুবিধা লাভ কৰিব। হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত ১০০ শতাংশ সাৱধান হ’বলৈ পঞ্চায়তৰ সভাপতি আৰু সদস্যক অনুৰোধ মন্ত্ৰীগৰাকীৰ।
- অসম চৰকাৰে ল’কডাউনৰ ক্ষেত্ৰত নতুনকৈ কোনো নীতি-নিৰ্দেশনা নিদিয়ে। জিলা উপায়ুক্ত সকলকো কোনোধৰণৰ নীতি-নিৰ্দেশনা ৰাজ্য চৰকাৰে নিদিয়ে। কিন্তু ল’কডাউনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ নীতি-নিৰ্দেশনা আখৰে আখৰে পালন কৰিব লাগিব আৰু সামাজিক ব্যৱধানৰ নীতি-নিৰ্দেশনাটো মানি চলিব লাগিব।
- কি কি খোলা থাকিব, বন্ধ থাকিব সেয়া ৰাজ্য চৰকাৰৰ নিৰ্দেশনত নহয়। কেন্দ্ৰীয় চৰকাৰে দিয়া নিৰ্দেশনাই সকলোৱে পালন কৰিব লাগিব।
- কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ল’কডাউন মুকলি কৰা নকৰাক লৈ যি সিদ্ধান্ত আহিব সেয়া অহা ১৩ এপ্ৰিলৰ দিনা কেন্দ্ৰীয় কেবিনেটৰ বৈঠকৰ পাছত সেয়া জনোৱা হ’ব।
- আৰক্ষী আৰু স্বাস্থ্য সেৱা অধীনত কাম কৰাসকলক ৫০ লাখ টকাৰ বীমা সাহায্যৰ অধীনত অনা হৈছিল। আজিৰ কেবিনেটে এইক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিলে যে আৰক্ষী আৰু স্বাস্থ্য সেৱাৰ উপৰিও কোভিড-১৯ ৰোগীৰ চিকিৎসাৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত সকলৰো ৫০ লাখ টকাৰ বীমা সাহায্যৰ সুবিধা পাব।