• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰক সাংবাদিকক ভাবুকি প্ৰদান কৰা মন্ত্ৰী পীযুষ হাজৰিকাক

অসমৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ মৰিগাঁও জিলা সমিতিৰ স্মাৰকপত্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 2, 2021 4:02 pm
a himu
26.1k
VIEWS
Share on FacebookShare on Twitter

প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ সাংবাদিক নজৰুল ইছলামৰ লগতেপ্ৰাগ নিউজৰ সাংবাদিক তুলসী মান্তাক জাগীৰোড সমষ্টিৰ বিধায়ক তথা অসমৰ এগৰাকী মন্ত্ৰী পীযুষ হাজৰিকাই চোঁচৰাই নিয়াৰ লগতে ঠেং ভাগি দিয়াৰ দৰে মাৰাত্মক ভাবুকি প্ৰদান কৰাৰ বিষয়টোকলৈ উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য।

এনে সময়তে  অসম ৰাজ্যিক সাংবাদিক সন্থাৰ মৰিগাঁও  জিলা সমিতিয়ে দুই সাংবাদিকক ভাবুকি প্ৰদান কৰা মন্ত্ৰী পীযুষ হাজৰিকাক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই অসমৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ মৰিগাঁও জিলা সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰণৱ গোস্বামী আৰু সম্পাদক মিণ্টু কুমাৰ মেধিয়ে স্বাক্ষৰ কৰা স্মাৰকপত্ৰ খনত  এই বুলি উল্লেখ কৰা হৈছে যে মন্ত্ৰীগৰাকীৰ পৰা ভাবুকি পোৱাৰ পিছতে ভুক্তভোগী সাংবাদিক দুগৰাকীয়ে জাগীৰোড থানাত এজাহাৰ দাখিল কৰিছে।

কিন্তু মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে এতিয়ালৈকে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সংগঠনটোৱে আশ্বৰ্য প্ৰকাশ কৰিছে।

সেয়ে ২৪ ঘণ্টাৰ ভিতৰত অভিযুক্ত মন্ত্ৰী গৰাকীক গ্ৰেপ্তাৰৰ দাবী জনাই অসম ৰাজ্যিক সাংবাদিক সন্থাৰ মৰিগাঁও জিলা সমিতিয়ে আৰক্ষী সঞ্চালক প্ৰধানলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

স্মাৰকপত্ৰ খনত কোৱা হৈছে যে মন্ত্ৰীৰ দৰে এক গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈ থাকি পীযুষ হাজৰিকাই যি কাৰ্য কৰিছে সেয়া অতি ভয়াৱহ।

কেৱল সেই সাংবাদিক দুগৰাকীয়েই নহয়, আন সাংবাদিক সকলো সুৰক্ষিত নহয় বুলি সংগঠনটোৱে আশংকা ব্যক্ত কৰিছে।

মন্ত্ৰী পীযুষ হাজৰিকাক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰিলে অসম ৰাজ্যিক সাংবাদিক সন্থাই তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও আৰক্ষী সঞ্চালক প্ৰধানগৰাকীলৈ লিখা স্মাৰকপত্ৰত স্পষ্ট কৰি দিছে।

Tags: arrest of minister Pijush Hazarika with in 24 hours

Recent News

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd