NORTHEAST NOW (Assamese)

ৰাজ্যজুৰি বিক্ষোভ প্ৰদৰ্শন চিনেমা হলৰ কৰ্মচাৰীৰ, চিনেমা হল সমূহ পুনৰ খুলি দিয়াৰ দাবী

September 19, 2021 2:51 pm · নৰ্থ ইষ্ট নাও

দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা চিনেমা হলসমূহ পুনৰ মুকলি কৰি দিয়াৰ দাবীত আজি অসমৰ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যৰ কেইবাটাও চিনেমা হলৰ কৰ্মচাৰীয়ে।

ক’ভিদৰ দোহাই দি চিনেমা হল বন্ধ কৰি ৰখাৰ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে অৱশেষত ৰাজপথত নামিল চিনেমা হলৰ কৰ্মচাৰী।

দীৰ্ঘ সময় ধৰি চিনেমা হলসমূহ বন্ধ হৈ থকাৰ ফলত চিনেমা হলৰ কৰ্মচাৰীসকলৰ জীৱনলৈ নানা দুৰ্যোগ নামি আহিছে।এই বৃত্তিৰ লগত জড়িত হৈ থকা পৰিয়াল সমূহত তীব্ৰ আৰ্থিক সংকটে গা কৰি উঠিছে বুলি প্ৰতিবাদী কৰ্মচাৰী সকলে উল্লেখ কৰে।

লগতে, সকলো ৰাজহুৱা স্থান খুলি দিয়াৰ পিছত চিনেমা হল সমূহ কিয় বন্ধ কৰি ৰখা হৈছে বুলিও প্ৰশ্ন উত্থাপন কৰে কৰ্মচাৰী সকলে।

উল্লেখ্য যে, ৰাজ্য চৰকাৰে জাৰি কৰা ক’ভিদ সংক্ৰান্তীয় নতুন SOP ত চিনেমা হল সম্পৰ্কে কোনো বিষয়েই উল্লেখ কৰা হোৱা নাছিল।

ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত অনুৰাধা চিনেমা হলৰ সন্মুখত প্ৰতিবাদ প্ৰদৰ্শন কৰে গুৱাহাটীৰ চিনেমা হলৰ কৰ্মচাৰী সকলে।

তদুপৰি, ৰাজ্যৰ অন্যান্য স্থানতো বিভিন্ন চিনেমা হলৰ কৰ্মচাৰীয়ে চিনেমা হল সমূহ পুনৰ আৰম্ভ কৰিবলৈ অনুমতি দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

Related News