NORTHEAST NOW (Assamese)

হেঁপাহেৰে আহি নেদেখিলে একো, বছৰৰ দ্বিতীয় দিনাই বেয়াকৈ ঠগিলে চিৰিয়াখানাই!

January 2, 2019 8:26 pm · কল্পজ্যোতি শইকীয়া
চিৰিয়াখানাৰ প্ৰৱেশ পথ।

পুৰণিক বিদায় দি নতুনক আদৰাৰ সময়ছোৱাত জনসাধাৰণৰ মন উৎকণ্ঠা, আনন্দ, উল্লাসেৰে ভৰি পৰে। কাণেৰে শুনা বস্তু এটা চকুৰে চোৱাৰ হেঁপাহ দিনক দিনে বাঢ়ি আহে, সময় সুবিধা উলিয়াই শুনি থকাটো চাই আহিবলৈ মন যায়।

সেই উদ্দেশ্যেৰে নতুন বৰ্ষৰ প্ৰথমতেই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বহুতো লোকে আহি ভিৰ কৰিলেহি অসম ৰাজ্যিক চিৰিয়াখানাত। বহুতৰে হেঁপাহ আছিল মন ভৰাই বাঘ, সিংহ, ভালুক, জিৰাফ আদি টেলিভিছনৰ পৰ্দাত দেখিবলৈ পোৱা জীৱ-জন্তুবোৰ অসম ৰাজ্যিক চিৰিয়াখানাত গৈ চাম। কিন্তু আশাত যেন চেঁচা পানীহে পৰিল বুধবাৰে চিৰিয়াখানালৈ অহা একাংশ দৰ্শকৰ।

“চিৰিয়াখানাত একোৱেই নাই চাবলৈ, এনেই আহিলো তেলেহীৰ পৰা। আশা কৰি আহিছিলো, নেদেখা কিছুমান জীৱ-জন্তু চিৰিয়াখানাতে গৈ চাম। কিন্তু তেনেকুৱা চাবলগীয়া একোৱেই নাই,” এই মন্তব্য বুধবাৰে চিৰিয়াখানালৈ অহা এগৰাকী দৰ্শনাৰ্থীৰ।

আনহাতে সুদূৰ দুলীয়াজানৰ পৰা সপৰিয়ালে অহা আন এগৰাকী লোক ৰঞ্জিত বৰকটকীয়ে কয়, “মেকাও আৰু মইনা চৰাই চালো, কিন্তু মৌৰা চৰাই চাম বুলি ভাবিছিলো, কিন্তু ইয়াত এতিয়া মৌৰা নাই। যিমানখিনি জীৱ-জন্তু থাকিব লাগিছিল সিমানখিনি নাই। ঘৰত যি হিচাপ কৰি আহিছিলো কিন্তু একোৱেই নাই চাবলগীয়া।”

নলবাৰীৰ পৰা অহা বন্দিতা কলিতা নামৰ এগৰাকী মহিলায়ো একোৱেই নাই চাবলগীয়া বুলি আক্ষেপ কৰে। তেওঁ কয়, “য’তেই গৈছো সকলো কে’জ আৰু ঘৰবিলাক খালী হৈ আছে। ৩০ টকাকৈ দি প্ৰৱেশ কৰিলো, এতিয়া ৰ’দত ঘূৰি ফুৰাহে হৈছে।”

১৭৫ হেক্টৰ মাটি আগুৰি থকা অসম ৰাজ্যিক চিৰিয়াখানাখনৰ কোন দিশে কি কি জন্তু আছে, তাক দেখুৱাই দিবলৈ কোনো এগৰাকী ‘গাইড’ বৰ্তমানলৈকে নাই চিৰিয়াখানাত। এশিঙীয়া গঁড় চাবলৈ আশা পুহি অহা কৰিমগঞ্জৰ এটা পৰিয়ালে চিৰিয়াখানাত “গঁড় কোনফালে আছে” বুলি হাবাথুৰি খাই ফুৰে।

“আমি অথনিৰে পৰা গঁড় কোনফালে আছে বিচাৰি পোৱা নাই। বেলেগ চিৰিয়াখানাত গাইড একোজন থাকে, আমি এতিয়ালৈকে এজনো গাইড পোৱা নাই। ইমান এখন ডাঙৰ চিৰিয়াখানা, গতিকে গাইডৰ প্ৰয়োজন আছে,” কৰিমগঞ্জৰ পৰা অহা পৰিয়ালটোৰ ভাষ্য।

হাৰিয়ানাৰ পৰা অহা এজন যুৱকে “প্ৰায় ৪৫ মিনিট ঘূৰি কেইটামান বান্দৰ, চৰাই, বাঘ, সিংহ আৰু ভালুক দেখিছো” বুলি মন্তব্য কৰে।

ইপিনে, দৰ্শকে জন্তু চকুৰে দেখা নোপোৱাৰ পাছতো চিৰিয়াখানাত এতিয়া ১১১৭টা জন্তু আছে বুলি দাবী কৰে চিৰিয়াখানাৰ ডি এফ অ’ তেজচ মৰিস্বামীয়ে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি  বিগত বৰ্ষৰ আগষ্ট মাহত  কেনাইন ডিচটেম্পাৰ ভাইৰাছৰ সংক্ৰমণ হৈ  আঠটাকৈ শিয়ালে চিৰিয়াখানাখনত মৃত্যুক সাবটি লৈছিল। ইয়াৰোপৰি যোৱা ২৫ নবেম্বৰৰ দিনা ৰাঁচীৰ ভগৱান বীৰচা প্ৰাণী উদ্যানৰ পৰা অনা ২ টা হায়েনাৰ এটা ১০ দিন পাছতেই মৃত্যুক সাবটি ল’বলগীয়া হৈছিল। চিৰিয়াখানা কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে  ২০১৮ চনত মুঠ ৬৫টাকৈ প্ৰাণীয়ে মৃত্যুক সাবটি লৈছিল চিৰিয়াখানাত।

আনহাতে বছৰৰ শেষ দিনটোত আৰু নতুন বছৰৰ আৰম্ভণিৰ দিনটোত ক্ৰমে ১ লাখ ১০ হাজাৰ টকা আৰু ৩ লাখ ৭২ হাজাৰ টকা টিকটৰ পৰা ৰাজহ সংগ্ৰহ হোৱা বুলি নৰ্থ ইষ্ট নাও-ৰ আগত দাবী কৰে তেজছ মৰিস্বামীয়ে।

Related News