• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰশাসনৰ আহ্বানৰ প্ৰতি জনাব সঁহাৰি; ন্যূনতম ৫০০ টকা ভাট্টা প্ৰদানৰ দাবী পথ ব্যৱসায়ী সংস্থাৰ

প্ৰশাসনৰ দায় সৰা মন্তব্যই চিন্তিত কৰি তুলিছে পথ-ব্যৱসায়ীসকলক

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
March 21, 2020 2:42 pm
index.jpg112

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইতিমধ্যে ভাৰতত ক’ৰ’না ভাইৰাছে ব্যাপকৰূপত সংক্ৰমিত হোৱা দেখা গৈছে।

পাঁচজন আক্ৰান্তৰ মৃত্যু হোৱাৰ লগতে সংক্ৰমিত লোকৰ সংখ্যা ইতিমধ্যে ২৫০ জন অতিক্ৰম কৰিছে।

Apply Now

দেশত ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২২ মাৰ্চত দেশৰ জনসাধাৰণক ‘জনতা কাৰ্ফিউ’ পালন কৰিবলৈ আহ্বান জনাইছে।

জনসমাগম, সভা-সমিতি, ৰাজহুৱা অনুষ্ঠান আদি আয়োজন কৰাত চৰকাৰ তথা প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছে।

এইদৰে সতৰ্কতা অৱলম্বনৰ নামত প্ৰশাসনে হঠকাৰিতাৰে কোনো জাননী জাৰি নকৰাকৈ পথ-ব্যৱসায়ীসকলক উচ্ছেদ কৰাও পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন চহৰৰ লগতে মহানগৰীৰ পথ-ব্যৱসায়ীসকলৰ ওপৰত প্ৰশাসনে হঠাতে এনে হঠকাৰী পদক্ষেপ লোৱাত পথ-ব্যৱসায়ীসকলৰ দৈনিক উপাৰ্জনৰ পথ স্তব্ধ হৈ পৰিছে। ফলত তেওঁলোকে পৰিয়াল পোহপাল দিয়াত ভীষণ সমস্যাই দেখা দিছে।

কোনো ধৰণৰ আগতীয়া জাননী জাৰি নকৰাকৈ এইদৰে উচ্ছেদ কৰাত কাৰ্যত উপায়বিহীন হৈ পৰা পথ-ব্যৱসায়ী সংস্থা, অসম( ASVA)এ প্ৰশাসনৰ ওচৰত চৰ্তসাপেক্ষে তেওঁলোকৰ ব্যৱসায় বন্ধ ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

মাৰাত্মক ক’ৰ’না ভাইৰাছ সংক্ৰমন ৰোধত তেওঁলোকে প্ৰশাসনক সহযোগ কৰিবলৈ প্ৰস্তুত, কিন্তু অনিৰ্দিষ্ট কাললৈ ব্যৱসায় বন্ধ ৰাখিব লগা হ’লে তেওঁলোকৰ পৰিয়ালে পেটত গামোচা বান্ধিবলৈ বাধ্য হ’ব।

তেনে এক পৰিপ্ৰেক্ষিততে প্ৰশাসনৰ ওচৰত পথ-ব্যৱসায়ী সংস্থাই দৈনিক ন্যূনতম ৫০০ টকাকৈ ভাট্টা দিয়াৰ দাবী উত্থাপন কৰিছে। যাতে ব্যৱসায় বন্ধ কৰি তেওঁলোকে প্ৰশাসনক ক’ৰ’না ভাইৰাছ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত সহযোগ আগবঢ়াব পাৰে।

উপৰোক্ত বিষয় সম্বলিত এখন স্মাৰক পত্ৰ ASVA ই কালি গুৱাহাটী চক্ৰ বিষয়াৰ যোগে উপায়ুক্তক প্ৰদান কৰে।

স্মাৰক পত্ৰখন

উল্লেখযোগ্য যে, ক’ৰ’নাৰ সন্ত্ৰাসত ত্ৰস্তমান হৈ উপয়ুক্তৰ কাৰ্যালয়ত কাৰ্যালয়ৰ বাহিৰৰ ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ বাবে উপায়ুক্তৰ হাতত ASVA ই স্মাৰক পত্ৰখন প্ৰদান কৰিব নোৱাৰিলে।

চক্ৰ বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰে আহি প্ৰৱেশ দ্বাৰৰ বাহিৰতে কেইটামান মিনিটৰ বাবে ASVAৰ সম্পাদক চন্দন গোস্বামী আৰু সভাপতি নৰেন ৰাজবংশী সৈতে আলোচনাত মিলিত হৈ স্মাৰক পত্ৰখন গ্ৰহণ কৰে।

আনহাতে দৈনিক ন্যূনতম ৫০০ টকা ভাট্টাৰ সন্দৰ্ভত চক্ৰ বিষয়া গৰাকীয়ে দায়সৰা মন্তব্য দিয়ে বুলি জানিবলৈ দিছে সংস্থাই।

দায়সৰা মন্তব্যৰে চক্ৰবিষয়াগৰাকীয়ে কয় যে অহা ৩১ মাৰ্চৰ পিছত সকলো দোকান-পোহাৰ খোলাৰ অনুমতি দিয়া হ’ব।

এতিয়া প্ৰশ্ন হৈছে ৩১ তাৰিখ লৈকে বন্ধ দি ক’ৰনাৰ সংক্ৰমণ ৰোধ কৰিব পাৰিবনে? আনফালে যদি, এই বন্ধ দীৰ্ঘদিনীয়া হয়, তেন্তে পথ-ব্যৱসায়ীসকলে কেনেদৰে পৰিয়াল পোহপাল দিব?

চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্ত আৰু দায়সৰা মন্তব্যৰ বাবে এতিয়াও পথ-ব্যৱসায়ীসকলৰ জীৱন জীৱিকাৰ এই গুৰুত্বপূৰ্ণ বিষয়তো মীমাংসা হোৱা নাই।

ইফালে প্ৰশাসনৰ দায় সৰা মন্তব্যই চিন্তিত কৰি তুলিছে পথ-ব্যৱসায়ীসকলক।

প্ৰাঞ্জল দেউৰী

প্ৰাঞ্জল দেউৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd