• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

প্ৰশাসনৰ আহ্বানৰ প্ৰতি জনাব সঁহাৰি; ন্যূনতম ৫০০ টকা ভাট্টা প্ৰদানৰ দাবী পথ ব্যৱসায়ী সংস্থাৰ

প্ৰশাসনৰ দায় সৰা মন্তব্যই চিন্তিত কৰি তুলিছে পথ-ব্যৱসায়ীসকলক

NE NOW NEWS প্ৰাঞ্জল দেউৰী
গুৱাহাটী , March 21, 2020 2:50 pm

3 min read

index.jpg112

প্ৰতিনিধিত্বমূলক ছবি

11.5k
VIEWS
Share on FacebookShare on Twitter

ইতিমধ্যে ভাৰতত ক’ৰ’না ভাইৰাছে ব্যাপকৰূপত সংক্ৰমিত হোৱা দেখা গৈছে।

পাঁচজন আক্ৰান্তৰ মৃত্যু হোৱাৰ লগতে সংক্ৰমিত লোকৰ সংখ্যা ইতিমধ্যে ২৫০ জন অতিক্ৰম কৰিছে।

দেশত ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২২ মাৰ্চত দেশৰ জনসাধাৰণক ‘জনতা কাৰ্ফিউ’ পালন কৰিবলৈ আহ্বান জনাইছে।

জনসমাগম, সভা-সমিতি, ৰাজহুৱা অনুষ্ঠান আদি আয়োজন কৰাত চৰকাৰ তথা প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছে।

এইদৰে সতৰ্কতা অৱলম্বনৰ নামত প্ৰশাসনে হঠকাৰিতাৰে কোনো জাননী জাৰি নকৰাকৈ পথ-ব্যৱসায়ীসকলক উচ্ছেদ কৰাও পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন চহৰৰ লগতে মহানগৰীৰ পথ-ব্যৱসায়ীসকলৰ ওপৰত প্ৰশাসনে হঠাতে এনে হঠকাৰী পদক্ষেপ লোৱাত পথ-ব্যৱসায়ীসকলৰ দৈনিক উপাৰ্জনৰ পথ স্তব্ধ হৈ পৰিছে। ফলত তেওঁলোকে পৰিয়াল পোহপাল দিয়াত ভীষণ সমস্যাই দেখা দিছে।

কোনো ধৰণৰ আগতীয়া জাননী জাৰি নকৰাকৈ এইদৰে উচ্ছেদ কৰাত কাৰ্যত উপায়বিহীন হৈ পৰা পথ-ব্যৱসায়ী সংস্থা, অসম( ASVA)এ প্ৰশাসনৰ ওচৰত চৰ্তসাপেক্ষে তেওঁলোকৰ ব্যৱসায় বন্ধ ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

মাৰাত্মক ক’ৰ’না ভাইৰাছ সংক্ৰমন ৰোধত তেওঁলোকে প্ৰশাসনক সহযোগ কৰিবলৈ প্ৰস্তুত, কিন্তু অনিৰ্দিষ্ট কাললৈ ব্যৱসায় বন্ধ ৰাখিব লগা হ’লে তেওঁলোকৰ পৰিয়ালে পেটত গামোচা বান্ধিবলৈ বাধ্য হ’ব।

তেনে এক পৰিপ্ৰেক্ষিততে প্ৰশাসনৰ ওচৰত পথ-ব্যৱসায়ী সংস্থাই দৈনিক ন্যূনতম ৫০০ টকাকৈ ভাট্টা দিয়াৰ দাবী উত্থাপন কৰিছে। যাতে ব্যৱসায় বন্ধ কৰি তেওঁলোকে প্ৰশাসনক ক’ৰ’না ভাইৰাছ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত সহযোগ আগবঢ়াব পাৰে।

উপৰোক্ত বিষয় সম্বলিত এখন স্মাৰক পত্ৰ ASVA ই কালি গুৱাহাটী চক্ৰ বিষয়াৰ যোগে উপায়ুক্তক প্ৰদান কৰে।

স্মাৰক পত্ৰখন

উল্লেখযোগ্য যে, ক’ৰ’নাৰ সন্ত্ৰাসত ত্ৰস্তমান হৈ উপয়ুক্তৰ কাৰ্যালয়ত কাৰ্যালয়ৰ বাহিৰৰ ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ বাবে উপায়ুক্তৰ হাতত ASVA ই স্মাৰক পত্ৰখন প্ৰদান কৰিব নোৱাৰিলে।

চক্ৰ বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰে আহি প্ৰৱেশ দ্বাৰৰ বাহিৰতে কেইটামান মিনিটৰ বাবে ASVAৰ সম্পাদক চন্দন গোস্বামী আৰু সভাপতি নৰেন ৰাজবংশী সৈতে আলোচনাত মিলিত হৈ স্মাৰক পত্ৰখন গ্ৰহণ কৰে।

আনহাতে দৈনিক ন্যূনতম ৫০০ টকা ভাট্টাৰ সন্দৰ্ভত চক্ৰ বিষয়া গৰাকীয়ে দায়সৰা মন্তব্য দিয়ে বুলি জানিবলৈ দিছে সংস্থাই।

দায়সৰা মন্তব্যৰে চক্ৰবিষয়াগৰাকীয়ে কয় যে অহা ৩১ মাৰ্চৰ পিছত সকলো দোকান-পোহাৰ খোলাৰ অনুমতি দিয়া হ’ব।

এতিয়া প্ৰশ্ন হৈছে ৩১ তাৰিখ লৈকে বন্ধ দি ক’ৰনাৰ সংক্ৰমণ ৰোধ কৰিব পাৰিবনে? আনফালে যদি, এই বন্ধ দীৰ্ঘদিনীয়া হয়, তেন্তে পথ-ব্যৱসায়ীসকলে কেনেদৰে পৰিয়াল পোহপাল দিব?

চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্ত আৰু দায়সৰা মন্তব্যৰ বাবে এতিয়াও পথ-ব্যৱসায়ীসকলৰ জীৱন জীৱিকাৰ এই গুৰুত্বপূৰ্ণ বিষয়তো মীমাংসা হোৱা নাই।

ইফালে প্ৰশাসনৰ দায় সৰা মন্তব্যই চিন্তিত কৰি তুলিছে পথ-ব্যৱসায়ীসকলক।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd