• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰাজ্যৰ শিক্ষাখণ্ডৰ অৱস্থা! শ্ৰেণী কোঠাৰ ভিতৰত ছাতি মেলি পাঠ গ্ৰহণ কৰে শিক্ষাৰ্থীয়ে

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , October 2, 2019 6:06 pm

2 min read

ৰাজ্যৰ শিক্ষাখণ্ডৰ অৱস্থা! শ্ৰেণী কোঠাৰ ভিতৰত ছাতি মেলি পাঠ গ্ৰহণ কৰে শিক্ষাৰ্থীয়ে

ফটো নৰ্খ-ইষ্ট নাও

4.9k
VIEWS
Share on FacebookShare on Twitter

বিজেপি শাসনাধীন বৰ্তমানৰ ৰাজ্য চৰকাৰে ৰাজ্যৰ শিক্ষাখণ্ডত আমূল পৰিৱৰ্তন আনিছে বুলি সততে কৰি অহা দাবী যে তেনেই অন্তঃসাৰশূণ্য আৰু ফোপোলা তাৰ এক প্ৰমাণ হৈছে গোৱালপাৰা জিলাৰ মাটিয়া শিক্ষাখণ্ডৰ অন্তুৰ্গত এখন বিদ্যালয়।

ন্যূনতম আন্তঃগাঠনিৰ অভাৱত জিলাখনৰ ১০৫২ নং খাৰদাং নৱাগত প্ৰাথমিক বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণীকোঠাত ছাতি মেলি গ্ৰহণ কৰিবলগীয়া হয় পাঠদান। যোৱা ৩ বছৰে বিদ্যালয়খনৰ গৃহত টিনপাত নথকাকৈ চলি আহিছে।

উল্লেখযোগ্য যে তিনি বছৰ পূৰ্বে অহা এজাক ধুমুহাত বিদ্যালয়খনৰ চালখন বতাহে উৰুৱাই নিছিল। সেই দিন ধৰি আজিলৈকে বিদ্যালয়গৃহটোৰ কোনো ধৰণৰ মেৰামতি কৰা নহ’ল।

যাৰ ফলত এতিয়া বৰষুণ নতুবা অতিপাত ৰ’দত ছাতি নহ’লে শ্ৰেণী কোঠাত পাঠদান কৰা অসম্ভৱ। বৰষুণ আহিলেই ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী কোঠাৰ ভিতৰতে ছাতি মেলি লৈ পাঠগ্ৰহণ কৰে। ব্যতিক্ৰম নহয় শিক্ষকো, শিক্ষকেও ছাতি লৈয়ে পঢ়াব লাগে।

আনহাতে বৰষুণৰ পৰিমাণ বাঢ়িলে স্কুল ছুটি দিয়াৰ বাহিৰে বেলেগ আৰু কোনো উপায় নাথাকে। প্ৰতিটো বাৰিষাতে এনেদৰে চলি আহিছে খাৰদাং নৱাগত প্ৰাথমিক বিদ্যালয়খন।

বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ লগতে স্থানীয় ৰাইজে জনোৱা মতে বিভাগীয় কৰ্তৃপক্ষক এই সম্পৰ্কে বহুবাৰ আবেদন-নিবেদন কৰা হৈছে যদিও আজি পৰ্যন্ত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই।

মন কৰিব লগীয়া যে গুণোৎসৱে শিক্ষাখণ্ডত আমূল পৰিৱৰ্তন অনা দাবী কৰা ৰাজ্য চৰকাৰে যোৱা চেপ্টেম্বৰ মাহৰ পৰা প্ৰাৰ্থমিক বিদ্যালয়সমূহত স্ব-গুণোৎসৱ কাৰ্যসূচী আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল। যোৱা ৫ চেপ্টেম্বৰত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কৈছিল, ‘’গুণোৎসৱে শিক্ষা খণ্ডত আমূল পৰিৱৰ্তন আনিলে। অতি শীঘ্ৰে আমি সমগ্ৰ অসমতে স্ব-গুণোৎসৱ কাৰ্যসূচী হাতত ল’ম।‘

কিন্তু চৰকাৰে গুণোৎসৱ-স্বগুণোৎসৱ পাতি শিক্ষাৰ সংস্কাৰ আনিব বিছৰা সময়তে ৰাজ্যৰ এখন চৰকাৰী বিদ্যালয়ৰ এই পয়ালগা অৱস্থা, য’ত বৰষুণ অথবা অত্যধিক ৰ’দত ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণী কোঠাৰ ভিতৰত ছাতি মেলি পাঠ গ্ৰহণ কৰিব লগা অৱস্থা হয়।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd