কটনত ছাত্ৰৰ মন্ত্ৰণা সভা, বিধেয়ক বিৰোধী ঐক্যবদ্ধ টঙালি

cotton university assam

কটন বিশ্ববিদ্যালয়। ছবি- shillong timesৰ।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ ৰাইজে কৰা প্ৰবল আন্দোলন আৰু জনমতক তিলমানো গুৰুত্ব নিদিলে বিজেপি নেতৃত্বাধীন চৰকাৰে। অসমৰ ৰাইজ, দল-সংগঠনৰ পাছত এইবাৰ বিধেয়কখনৰ বিৰুদ্ধে ওলাই আহিছে ৰাজ্যৰ ছাত্ৰ সমাজ।

বিধেয়কখন বাতিল নকৰা পৰ্যন্ত ছাত্ৰ-ছাত্ৰীৰ ঐক্য শক্তিয়ে ৰাজ্যত আন্দোলন গঢ়ি তোলাৰ বাবে অগ্ৰসৰ হৈছে।

বৃহস্পতিবাৰে কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন হলত অনুস্থিত এখন সংবাদমেলত এই ঘোষণা কৰে ৰাজ্যৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ঐক্যবদ্ধ ছাত্ৰ শক্তিয়ে। লগতে সমগ্ৰ ৰাজ্যৰ মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক একত্ৰিত কৰাৰ বাবে লোৱা পদক্ষেপৰ বিষয়েও সংবাদমেলত জানিবলৈ দিয়ে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰূদ্ধে ছাত্ৰ সমাজক একত্ৰিত কৰি অহা ১৮ জানুৱাৰীত এখন ‘যৌথ মঞ্চ’ গঠন কৰিব বুলি আজিৰ এই সংবাদমেলত কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই জানিবলৈ দিয়ে। এই যৌথ মঞ্চ ৰাজ্যৰ প্ৰতিখন মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধিক লৈ গঠিত হ’ব বুলিও তেওঁ প্ৰকাশ কৰে।

ইয়াৰ পাছৰে পৰা এই যৌথ মঞ্চই অসমৰ প্ৰতিখন মহাবিদ্যালয়-বিশ্ববিদ্যালয়লৈ গৈ ছাত্ৰ-ছাত্ৰী সকলক নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু অসমত ই পেলাব পৰা বিৰূপ প্ৰভাৱ সম্পৰ্কে অৱগত কৰাবলৈ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে।

একেদৰে ‘জাতিধ্বংসী’ বিধেয়ক বিৰোধী এই আন্দোলন এতিয়াও সুদূৰপ্ৰসাৰী হ’বলৈ বাকী বুলি মন্তব্য কৰে অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়া পবিত্ৰ বৰতামুলীয়ে।

‘নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলন এতিয়াও চহৰ-নগৰতে সীমাবদ্ধ হৈ আছে। এই আন্দোলনক আমি গাঁৱে-ভূয়ে লৈ যাব লাগিব। বিধেয়কখনে অসমক কেনেধৰণে ক্ষতিগ্ৰস্ত কৰিব পাৰে সেই কথা আমি গাঁৱৰ মানুহক বুজাব লাগিব,’ পবিত্ৰ বৰতামুলীয়ে কয়।

ইপিনে, বিধেয়কখনৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আন্দোলন তীব্ৰতৰ ভাৱে চলি আছে বুলি জানিবলৈ দিয়ে বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল চেত্ৰীয়ে। তেওঁ স্নাতকোত্তৰ ছাত্ৰ একতা সভাই ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদত মুখ্য মন্ত্ৰীৰ লগতে বিজেপিৰ নেতা-মন্ত্ৰী-বিধায়ক সকলৰ প্ৰৱেশ নিষিদ্ধ কৰা বুলিও সংবাদমেলত সদৰী কৰে।

আজিৰ এই সংবাদমেলত অসম আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, গুৱাহাটী মহাবিদ্যালয়, অসম অভিযান্ত্ৰিক প্ৰতিস্থান, পাণ্ডু মহাবিদ্যালয়কে ধৰি কেইবাখনে উচ্চ শিক্ষানুষ্ঠানৰ ছাত্ৰ প্ৰতিনিধি উপস্থিত থাকে।

বিধেয়কখনৰ বিৰুদ্ধে ৰাজ্যত ছাত্ৰ-ছাত্ৰীয়ে হাতত লোৱা ‘অনিৰ্দিষ্টকালিন শ্ৰেণী বৰ্জন’ কাৰ্যসূচী এতিয়াও অব্যাহত আছে। ইপিনে কালি পুৱাৰে পৰা ছাত্ৰ-ছাত্ৰীয়ে লোৱা ‘অবিৰত অনশন’ কাৰ্যসূচী বিধেয়কখন ৰাজ্যসভাত উত্থাপন নোহোৱাত আজি প্ৰত্যাহাৰ কৰে।

আনহাতে, আজি দিনৰ ভাগত ছাত্ৰ-ছাত্ৰীসকলে ঐক্যবদ্ধভাৱে দীঘলীপুখুৰীপাৰৰ পৰা ‘দিচপুৰ চলো’ কাৰ্যসূচী হাতত লয়। কিন্তু আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰাৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰীক আটক কৰি লৈ যায়। পাছত ছাত্ৰ-ছাত্ৰীসকলক মুকলি কৰি দিয়ে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তব্যৰত কনিষ্ঠ চিকিৎসকসকলে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

জাতীয় সংকটৰ সময়ত বৌদ্ধিক আৰু কায়িক প্ৰতিবাদ অব্যাহত ৰখাৰ লগতে বিধেয়ক বিৰোধী সকলো শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচীলৈ পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি আজি এক বিজ্ঞপ্তিযোগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক সন্থাৰ সভাপতি ডাঃ যুৱৰাজ কলিতা আৰু সাধাৰণ সম্পাদক ডাঃ দিগন্ত বুঢ়াগোহাঁয়ে জানিবলৈ দিয়ে।

সমান্তৰালভাৱে, ৰাজ্যখনৰ বিভিন্ন মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত বিধেয়কখনৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ বিভিন্ন দল-সংগঠন আৰু সাধাৰণ ৰাইজে অন্দোলন কৰি থকাৰ মাজতেই ছাত্ৰ সমাজো ৰাজপথলৈ ওলাই আহিলে আন্দোলনখনে অন্য এক মাত্ৰা লাভ কৰাৰ সম্ভাৱনা আহি পৰিব নেকি সেই বিষয়টোও চিন্তনীয়।