পূজাৰ বতৰত শুৱালকুচিৰ হস্ত নিৰ্মিত পাটমুগা অথবা আন বস্ত্ৰ ক্ৰয় কৰোঁতে সাৱধান হওঁক আপুনি। শুৱালকুচিৰ কাপোৰ বুলি আপুনি হয়তো ক্ৰয় কৰিব পাৰে বহিঃ ৰাজ্যৰ কাপোৰ।
তাৰ প্ৰতি জনসাধাৰণক সতৰ্ক কৰাৰ উদ্দেশ্যে শুৱালকুচি তাঁত শিল্প উন্নয়ন সমিতিয়ে উত্তৰ-পূবৰ ভিতৰত প্ৰথমবাৰলৈ বস্ত্ৰত খোদিত কৰিছে ট্ৰেড মাৰ্ক আৰু বাৰ কোড। বস্ত্ৰৰ লগত থাকিব কাপোৰৰ বিশুদ্ধতাৰ প্ৰমাণপত্ৰ। গুৱাহাটী প্ৰেছক্লাবত এখন সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে শুৱালকুচি তাঁত শিল্প উন্নয়ন সমিতিৰ সম্পাদক নীহাৰ ৰঞ্জন কলিতাই।
সংবাদমেলত কলিতাই কয়, ‘বস্ত্ৰত থকা বাৰকোডে দেখুৱাব এইখন কাপোৰ প্ৰকৃততে শুৱালকুছিৰ শিপিনীয়ে বোৱা হয় নে নহয়। উত্তৰ পূৰ্বাঞ্চলৰ যিকোনো কুটীৰ উদ্যোগৰ ভিতৰত শুৱালকুচিৰ বস্ত্ৰ উদ্যোগত পোন প্ৰথমবাৰলৈ বাৰকোড ব্যৱহাৰ কৰা হৈছে। ভাৰত চৰকাৰে প্ৰদান কৰা ট্ৰেড মাৰ্কো শুৱালকুচিত নিৰ্মিত বস্ত্ৰ উদ্যোগত থাকিব। লগতে বস্ত্ৰৰ বিশুদ্ধতাৰ প্ৰমাণ পত্ৰও কাপোৰজোৰত থাকিব’।
ইপিনে উক্ত সংবাদমেলত উপস্থিত থাকি শুৱালকুচি বস্ত্ৰ তাঁত শিল্পৰ ব্ৰেণ্ড এম্বেছাদৰ বৰষাৰাণী বিষয়াই ভেজাল কাপোৰ ক্ৰয় নকৰি হস্ত তাঁত নিৰ্মিত কাপোৰ ক্ৰয় কৰিবলৈ ৰাইজক আহ্বান জনায়।
জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে লগতে নৱ প্ৰজন্মক হস্ততাঁত শিল্পৰ সৈতে জৰিত হৈ শিপিনীৰ অভাব দূৰ কৰিবলৈ আহ্বান জনায়।
‘নৱপ্ৰজন্মক মই আহ্বান জনাব বিচাৰিছো তেওঁলোকো যাতে এই হস্ততাঁত শিল্পৰ সৈতে জৰিত হয়। চাহিদা বৃদ্ধি কৰিবৰ বাবে শিপিনীৰ প্ৰয়োজন হয়। সকলোৱে পাৱাৰলোমৰ গামোচা ব্যৱহাৰ কৰে, মোৰ ঘৰতো এমোনা পাৱাৰলোমত নিৰ্মিত গামোছা আছে, যিবোৰ মই ব্যৱহাৰো কৰিব নোৱাৰো আৰু কাকো দিবও নোৱাৰো। আনকি এনে হৈছে যে জাতীয় অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাই পাৱাৰলোমৰ গামোছাৰেহে সম্বৰ্ধনা জনায়।‘ বৰষাৰাণী বিষয়াই এইদৰে কয়।
তদুপৰি, যোগান কম হোৱাৰ বাবে হস্তনিৰ্মিত গামোছাৰ মূল্য বৃদ্ধি পোৱা বুলি উল্লেখ কৰি তেওঁ কয় ‘যুৱ প্ৰজন্মই কেৱল চাকৰি বিচৰাৰ পাছত ব্যস্ত নাথাকি হস্তশিল্পৰ সৈতে নিজকে জৰিত কৰাব পাৰে। তেতিয়া হস্তনিৰ্মিত গামোছা বা বস্ত্ৰৰ যোগান ও চাহিদা বৃদ্ধি পাব।‘
উল্লেখযোগ্য যে শুৱালকুচি হস্তনিৰ্মিত বস্ত্ৰতাঁত শিল্পৰ সৈতে ৬০০০ শিপিনী বৰ্তমান জৰিত হৈ আছে।