• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জিলিকি উঠিছে অসমৰ প্ৰতিভা: ৱেভছৰ ‘ক্ৰিয়েট ইন ইণ্ডিয়া’ ত ‘ৰিজ’নেটঃ দ্য ইডিএম চেলেঞ্জ’ ৰ বাবে শীৰ্ষ ১০ গৰাকী চূড়ান্ত প্ৰাৰ্থীৰ ভিতৰত অসমৰ তিনিগৰাকী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 23, 2025 7:00 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ তিনিগৰাকী শিল্পী-আদিত্য উপাধ্যায় (গুৱাহাটী), দিব্যজিৎ ৰায় (বঙ্গাইগাঁও) আৰু নৱজ্যোতি বৰুৱা (লক্ষীমপুৰ) ই অসমৰ স্পন্দনশীল ইলেক্ট্ৰনিক সংগীতৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত ”ৰিজ’নেটঃ দ্য ইডিএম চেলেঞ্জ’ ৰ বাবে শীৰ্ষ ১০ গৰাকী চূড়ান্ত প্ৰাৰ্থীৰ ভিতৰত স্থান লাভ কৰিছে।  ‘ভাৰতত সৃষ্টি কৰক’ এই মূল বৈশিষ্টৰে “বিশ্ব অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট (WAVES) ২০২৫-ৰ অধীনত এই  ইডিএম অৰ্থাৎ ইলেকট্ৰনিক ডান্স মিউজিক চেলেঞ্জৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।


ভাৰতীয় সংগীত উদ্যোগৰ (আইএমআই) সহযোগিতাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আয়োজন কৰা এই “ৰিজ’নেট”ৰ মূল লক্ষ্য হৈছে
 ভাৰত আৰু  সমগ্ৰ বিশ্বৰ প্ৰতিভা প্ৰদৰ্শন কৰি ইলেক্ট্ৰনিক ডান্স মিউজিক (ই ডি এম) ৰ উদ্ভাৱনশীলতা আৰু মৌলিকতাৰ ওপৰত আলোকপাত কৰা । ২০২৫ চনৰ ১২ এপ্ৰিলত সংগীত উদ্যোগৰ আগশাৰীৰ পেছাদাৰীসকলৰ এটা পেনেলৰ নেতৃত্বত এক জটিল বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে  দহগৰাকী চূড়ান্ত প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছিল। 

Apply Now


ভাৰতৰ উত্তৰ-পূব ইলেক্ট্ৰনিক সংগীত সম্প্ৰদায়ৰ বৈচিত্ৰ্য আৰু সৃষ্টিশীলতা- এই দুয়োটাকে প্ৰতিনিধিত্ব কৰি ২০২৫ চনৰ ১ ৰ পৰা ৪ মে’লৈ
 মুম্বাইত অনুষ্ঠিত হ’বলগীয়া ৱেভছ সন্মিলনত অসমৰ তিনিওগৰাকী  চূড়ান্ত প্ৰতিযোগীয়ে পোনপটীয়াকৈ প্ৰদৰ্শন কৰিব।
 

চূড়ান্ত প্ৰতিযোগীসকলৰ ভিতৰত আছে নবজ্যোতি বৰুৱা, যিয়ে সম্পূৰ্ণ সমৰ্পণ আৰু সংগীত জগতলৈ এক অগতানুগতিক যাত্ৰাৰ জৰিয়তে সংগীত উদ্যোগত নিজৰ বাবে এক বিশেষ পৰিচয়ৰ সৃষ্টি কৰিছে। “মই ইলেক্ট্ৰনিক মিউজিকৰ উত্থানৰ দ্বাৰা অনুপ্ৰাণিত হৈ মোৰ সংগীত যাত্ৰা আৰম্ভ কৰিছিলো আৰু পেচাদাৰী অডিঅ’ ‘ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম গ্ৰহণ কৰাৰ আগতে ইউটিউবৰ জৰিয়তে সংগীত প্ৰযোজনা শিকিছিলোঁ”, তেওঁ কয়।এগৰাকী স্বীকৃতিপ্ৰাপ্ত অডিঅ’ ‘ইঞ্জিনিয়াৰ বৰুৱাই চেন্নাই আৰু বাংগালোৰত বিভিন্ন প্ৰকল্পত কাম কৰিছে। তেওঁ এ. আৰ. ৰহমান, অমিত ত্ৰিবেদী, আৰু অনুৰাগ শইকীয়াৰ দৰে ভাৰতীয় সুৰকাৰসকলৰ লগতে স্ক্ৰিলেক্স, জেড আৰু প’ৰ্টাৰ ৰবিনছনৰ দৰে আন্তঃৰাষ্ট্ৰীয় আইকনৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছে। “মোৰ লক্ষ্য সদায়েই বিভিন্ন ধাৰাৰ মিশ্ৰণ আৰু শ্ৰোতাসকলৰ বাবে সঁচাকৈয়ে অনন্য কিবা সৃষ্টি কৰা”, তেওঁ কয়। এতিয়ালৈকে তেওঁৰ আটাইতকৈ গৌৰৱোজ্জ্বল সাফল্যবোৰৰ ভিতৰত এটা হৈছে ছেলিম-চুলেইমানৰ “এক মৰ্তাবা” ৰ আনুষ্ঠানিক ৰিমিক্স, য’ত অনন্যা শৰ্মাই কন্ঠ দিছিল আৰু ৱাৰ্নাৰ মিউজিক ইণ্ডিয়াই বিতৰণ কৰা মাৰ্চেণ্ট ৰেকৰ্ডছৰ জৰিয়তে মুকলি কৰা হৈছিল।

অসমৰ আন এগৰাকী চূড়ান্ত প্ৰতিযোগী আদিত্য উপাধ্যায়ে এনে এক সন্মানীয় মঞ্চৰ অংশ হ’বলৈ পাই তেওঁৰ উৎসাহ প্ৰকাশ কৰিছে। “ভাৰতত ই ডি এম সম্প্ৰদায়টো এতিয়া আগবাঢ়ি গৈ আছে বাবে  ৱেভছ আমাৰ বাবে এক অতি ভাল সুযোগ। শীৰ্ষ ১০ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত থকাৰ বাবে মই সঁচাকৈয়ে কৃতজ্ঞ, আৰু এইয়া মোৰ কেৰিয়াৰৰ এক মহান পৰিৱৰ্তনৰ বিন্দু হ’ব”, তেওঁ কয়। তেওঁ সংগীত প্ৰযোজক হিচাপে নিজৰ যাত্ৰা অসীমলৈ লৈ যোৱা আৰু ভাৰতীয় ইলেক্ট্ৰনিক দৃশ্যপটৰ বিকাশত অৰিহণা যোগোৱাৰ ইচ্ছা ব্যক্ত কৰে।

‘ৰিজটনেটঃ দ্য ই ডি এম চেলেঞ্জ “-ৰ লক্ষ্য হৈছে ইলেক্ট্ৰনিক সংগীত প্ৰযোজনা আৰু ডি জিঙত ভাৰতৰ লগতে বিশ্বব্যাপী উদীয়মান প্ৰতিভাৰ সন্ধান কৰি ইয়াক উন্নত কৰা। এই প্ৰত্যাহ্বানৰ সফলতাই সংগীতৰ সংমিশ্ৰণ, ইলেক্ট্ৰনিক সংগীত আৰু ডি জে শিল্পকলাৰ বাবে এক বিশ্বব্যাপী কেন্দ্ৰ হিচাপে ভাৰতৰ স্থিতি শক্তিশালী কৰিছে।

মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট (এম এণ্ড ই) খণ্ডৰ বাবে এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হোৱা প্ৰথমখন ৱৰ্ল্ড অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট সন্মিলন (ডব্লিউ এ ভি ই এছ) ভাৰত চৰকাৰে মহাৰাষ্ট্ৰৰ মুম্বাইত ২০২৫ চনৰ ১ মে’- ৰ পৰা ৪ মে’ লৈকে আয়োজন কৰিছে।
 
উদ্যোগৰ পেছাদাৰী, বিনিয়োগকাৰী, সৃষ্টিকৰ্তা বা উদ্ভাৱকেই হওক, সন্মিলনখনে এম এণ্ড ই দৃশ্যপটত সংযোগ, সহযোগিতা, উদ্ভাৱন আৰু অৰিহণা যোগাবলৈ চূড়ান্ত বিশ্বব্যাপী মঞ্চ প্ৰদান কৰে।

ৱেভছে ভাৰতৰ সৃষ্টিশীলতাৰ শক্তি বৃদ্ধি কৰিবলৈ, বিষয়বস্তু সৃষ্টি আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে ইয়াৰ স্থিতি মজবুত কৰিবলৈ সাজু হৈছে। উদ্যোগ আৰু গুৰুত্বপূৰ্ণ খণ্ডসমূহৰ ভিতৰত আছে সম্প্ৰচাৰ, প্ৰিণ্ট মিডিয়া, টেলিভিছন, ৰেডিঅ ‘, চলচ্চিত্ৰ, এনিমেচন, ভিজুৱেল এফেক্টছ, গেমিং, কমিক্স, ছাউণ্ড এণ্ড মিউজিক, বিজ্ঞাপন, ডিজিটেল মিডিয়া, ছ’চিয়েল মিডিয়া প্লেটফৰ্ম, জেনেৰেটিভ এআই, অগমেন্টেড ৰিয়েলিটি (এ আৰ), ভাৰ্চুৱেল ৰিয়েলিটি (ভি আৰ), আৰু এক্সটেণ্ডেড ৰিয়েলিটি (এক্স আৰ)।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd