• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজ্যিক কেবিনেটৰ বৃহৎ ঘোষণা: ৩৭ চাহ জনগোষ্ঠীলৈ অ’বিচি মৰ্যাদা আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ নাম সলনি…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2026 10:32 am
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ ৰাজ্যিক কেবিনেটৰ এখন গুৰুত্বপূৰ্ণ বৈঠকে কেইবাটাও জনকল্যাণমূলক আৰু প্ৰশাসনিক সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত এই বৈঠকত ৰাজ্যৰ ৩৭টাকৈ চাহ জনগোষ্ঠীক স্বতন্ত্ৰভাৱে অন্যান্য পিছপৰা শ্ৰেণীৰ (অ’বিচি) মৰ্যাদা প্ৰদানৰ লগতে ‘পিএম স্বনিধি’ আঁচনিৰ সম্প্ৰসাৰণ আৰু গুৱাহাটীৰ পাহাৰীয়া অঞ্চলৰ বাসিন্দাসকলক মাটিৰ পট্টা প্ৰদানৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত অনুমোদন জনোৱা হয়।

বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে পূৰ্বতে ৰাজ্যৰ ৩৭টা চাহ জনগোষ্ঠীক উপ-জাতি হিচাপেহে শ্ৰেণীভুক্ত কৰা হৈছিল। কিন্তু কেবিনেটৰ শেহতীয়া সিদ্ধান্ত মৰ্মে এতিয়াৰে পৰা এই সম্প্ৰদায়সমূহক স্বতন্ত্ৰভাৱে অ‘বিচি মৰ্যাদা প্ৰদান কৰা হ’ব। সমাজ কল্যাণ বিভাগে এই সন্দৰ্ভত অতি সোনকালেই এখন আনুষ্ঠানিক অধিসূচনা জাৰি কৰিব।

Apply Now

আনহাতে, পথৰ দাঁতিৰ ব্যৱসায়ীসকলৰ সুবিধাৰ্থে ৰূপায়ণ কৰা ‘পিএম স্বনিধি’ আঁচনিখন কেৱল পৌৰ এলেকাৰ সলনি ৰাজ্যৰ লোকপিয়ল নগৰসমূহলৈকো (Census Towns) সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ লগতে, ভৌগোলিক অৱস্থানৰ সৈতে সংগতি ৰাখি বৰপেটাস্থিত ‘ড° ফখুৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়’ৰ নাম সলনি কৰি ‘বৰপেটা চিকিৎসা মহাবিদ্যালয়’ ৰখাৰ প্ৰস্তাৱত কেবিনেটে অনুমোদন জনায়। অৱশ্যে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ নামত আন কোনো উপযুক্ত প্ৰতিষ্ঠান নামাকৰণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

গুৱাহাটী মহানগৰীৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখিও কেবিনেটে কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটীৰ পাহাৰীয়া অঞ্চলত বসবাস কৰা পৰিয়ালসমূহক মাটিৰ পট্টা প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব। প্ৰথম পৰ্যায়ত দিছপুৰ, গুৱাহাটী আৰু আজাৰা অঞ্চলৰ ৮১৬টা পৰিয়ালক এই পট্টা প্ৰদান কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে সদৰী কৰা অনুসৰি, কেবল তৃতীয় প্ৰজন্মৰ অসমীয়া পৰিয়ালসমূহহে এই পট্টা লাভৰ বাবে যোগ্য হ’ব। তদুপৰি, নুনমাটিৰ দৰে পানী যোগানৰ পৰা বঞ্চিত অঞ্চলসমূহ সামৰি ল’বলৈ ১,৩৬৭ কোটি টকা ব্যয় সাপেক্ষে ‘দক্ষিণ-পূব গুৱাহাটী পানী যোগান প্ৰকল্প’ সম্প্ৰসাৰণ কৰা হ’ব, যিটো লাৰ্ছেন এণ্ড টুৰ্বো (L&T) কোম্পানীয়ে ৰূপায়ণ কৰিব।

সাংস্কৃতিক ক্ষেত্ৰতো কেবিনেটে মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ ‘আলি আয়ে লৃগাং’ৰ দিনটোত চৰকাৰী বন্ধ ঘোষণা কৰাৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ ১০ বিঘা মাটি সাংস্কৃতিক পৰিক্ৰমা বিভাগক আৱণ্টন দিয়াৰ লগতে গোৱালপাৰা ঔদ্যোগিক প্ৰকল্পৰ বাবে ১১২ বিঘা মাটি অনুমোদন জনোৱা হয়। ইয়াৰ উপৰি ২৪,৮০০ কোটি টকাৰ ছটা ব্যক্তিগত বিনিয়োগৰ প্ৰস্তাৱ আৰু অসম গেছ কোম্পানীৰ ১১০ কোটি টকাৰ দুটা প্ৰস্তাৱতো কেবিনেটে সন্মতি প্ৰদান কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd