• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাত্ৰ ৩০ টকা বৃদ্ধি চাহ শ্ৰমিকৰ মজুৰি: চৰকাৰৰ সিদ্ধান্তক শ্ৰমিক বিৰোধী আখ্যা প্ৰতিবাদী সংগঠনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2026 3:55 pm
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক মজুৰি ৩০ টকাকৈ বৃদ্ধি কৰাৰ শেহতীয়া সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) আৰু অসম আদিবাসী যুৱ-ছাত্ৰ সন্থাই (আইছা)। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত মৰ্মে এক অন্তৱৰ্তীকালীন ব্যৱস্থা হিচাপে ব্ৰহ্মপুত্ৰ উপত্যকাৰ শ্ৰমিকৰ বাবে মজুৰি ২৮০ টকা আৰু বৰাক উপত্যকাৰ বাবে ২৫৮ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল। কিন্তু এই সামান্য বৃদ্ধিয়ে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত শাসকীয় দলে প্ৰতিশ্ৰুতি দিয়া ৩৫১ টকাৰ লক্ষ্য স্পৰ্শ কৰিবলৈ সক্ষম নোহোৱাত চাহ জনজাতীয় সংগঠনসমূহে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

উল্লেখ্য যে মজুৰি বৃদ্ধিৰ এই ঘোষণাৰ পূৰ্বে ৰাজ্য চৰকাৰ, চাহ বাগিচাৰ শ্ৰমিক ইউনিয়ন আৰু মালিকপক্ষৰ মাজত এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল। চৰকাৰে নতুন শ্ৰম বিধি বলৱৎ হোৱাৰ পিছত চূড়ান্ত মজুৰি নিৰ্ধাৰণ কৰা হ‘ব বুলি আশ্বাস প্ৰদান কৰিছে যদিও ইয়াক ভিত্তিহীন আৰু বিভ্ৰান্তিকৰ বুলি আখ্যা দিছে প্ৰতিবাদী সংগঠনসমূহে। সংগঠন দুটাৰ মতে, বৰ্তমানৰ মূল্যবৃদ্ধিৰ যুগত এই মজুৰিৰে শ্ৰমিকসকলৰ জীৱন নিৰ্বাহ কৰাটো অসম্ভৱ আৰু এই সিদ্ধান্তই এক উচিত সৰ্বনিম্ন মজুৰি নিশ্চিত কৰাত চৰকাৰৰ ব্যৰ্থতাক প্ৰতিপন্ন কৰিছে।

Apply Now

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ৰেজন হৰ‘ৱে বৰ্তমানৰ জীৱনধাৰণৰ ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখি দৈনিক মজুৰি ৫৫১ টকা নিৰ্ধাৰণ কৰাৰ দাবী পুনৰবাৰ উত্থাপন কৰে। তেওঁ চৰকাৰৰ আশ্বাসক সমালোচনা কৰি কয় যে কেৱল ভৱিষ্যতৰ প্ৰতিশ্ৰুতিৰে চাহ বাগিচাৰ শ্ৰমিকসকলে জীয়াই থাকিব নোৱাৰে। সাম্প্ৰতিক মুদ্ৰাস্ফীতিৰ সময়ত ৫৫১ টকাতকৈ কম যিকোনো মজুৰি অন্যায়, শোষণমূলক আৰু অমানৱীয় বুলি তেওঁ মন্তব্য কৰে। হৰ‘ৱে লগতে কয় যে চৰকাৰৰ পূৰ্বৰ ৩৫১ টকাৰ প্ৰতিশ্ৰুতিয়েও শ্ৰমিকসকলৰ অৰ্থনৈতিক দুৰ্দশা দূৰ কৰিবলৈ যথেষ্ট নহয়। চাহ বাগিচাৰ লোকসকলৰ সামাজিক, শৈক্ষিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক অনগ্ৰসৰতাৰ মূল কাৰণেই হৈছে এই নিম্ন মজুৰি। মৰ্যাদা, উচিত মজুৰি আৰু সাংবিধানিক অধিকাৰ কোনো পুতৌৰ বিষয় নহয় বৰঞ্চ ই মৌলিক অধিকাৰ বুলি উল্লেখ কৰি দাবী পূৰণ নোহোৱা পৰ্যন্ত ‘আছা‘ই আন্দোলন তীব্ৰতৰ কৰিব বুলিও তেওঁ সকীয়াই দিয়ে।

একেদৰে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক শ্ৰমিক বিৰোধী আৰু অন্যায় বুলিও অভিহিত কৰিছে অসম আদিবাসী যুৱ-ছাত্ৰ সন্থাই। সংগঠনটোৱে উল্লেখ কৰে যে এই সামান্য মজুৰি বৃদ্ধিয়ে বাস্তৱ পৰিস্থিতি, বিশেষকৈ বৰ্ধিত মুদ্ৰাস্ফীতি আৰু অৰ্থনৈতিক সংকটক প্ৰতিফলিত নকৰে। ‘আইছা‘ৰ সভাপতি নিপেন মুণ্ডাই অসমৰ চাহ বাগিচাৰ শ্ৰমিকৰ বাবে সৰ্বনিম্ন দৈনিক মজুৰি কমেও ৫০০ টকা হ‘ব লাগে বুলি দাবী কৰে। তেওঁ লগতে কয় যে চৰকাৰৰ এই সিদ্ধান্ত বৰ্তমানৰ মজুৰি আইনৰ মূল উদ্দেশ্যৰ পৰিপন্থী। অসমৰ অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ চাহ শ্ৰমিক সম্প্ৰদায়ৰ প্ৰতি এই বৃদ্ধি এক চৰম অন্যায় আৰু অপমান বুলি বৰ্ণনা কৰি মুণ্ডাই চৰকাৰক অনতিপলমে মজুৰিৰ গাঁথনি পৰ্যালোচনা কৰিবলৈ দাবী জনায়। সৰ্বনিম্ন দৈনিক মজুৰি ৫০০ টকাতকৈ কম নহ‘বলৈ চৰকাৰক আহ্বান জনোৱাৰ লগতে এই দাবী মানি নল‘লে সমগ্ৰ ৰাজ্যজুৰি এক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

September 17, 2026 10:07 am
অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am
১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

September 17, 2026 10:07 am
অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd