• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত অসম চাহ মজদুৰ সংঘ, আছা আৰু আটছাৰ উত্তাল প্ৰতিবাদী সমদল

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , January 8, 2020 5:18 pm

2 min read

মাৰ্ঘেৰিটাত অসম চাহ মজদুৰ সংঘ, আছা আৰু আটছাৰ উত্তাল প্ৰতিবাদী সমদল
5.4k
VIEWS
Share on FacebookShare on Twitter

অসম চাহ মজদুৰ সংঘ মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত তথা আটছা আৰু আছা মাৰ্ঘেৰিটা শাখাৰ সহযোগত কেইবা শতাধিক চাহ শ্ৰমিক পুৰুষ-মহিলাই আজি মাৰ্ঘেৰিটাত উত্তাল প্ৰতিবাদী সমদল বাহিৰ কৰে।

মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় খেলপথাৰ পৰা  ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে  উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চলৈকে পদযাত্ৰা কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

পদযাত্ৰাৰ অন্তত উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱালাই বিজেপি নেতৃত্বাধীন চৰকাৰে চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চূড়ান্ত ভাৱে ব্যৰ্থতা প্ৰদৰ্শন কৰাৰ লগতে নাগৰিকত্ব সংশোধনী আইন কেন্দ্ৰীয় চৰকাৰক তৎকালীন ভাৱে বাতিলৰ দাবী উত্থাপন কৰে৷

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতি আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বেচৰকাৰীকৰণ কৰাৰ সিদ্ধান্ততো  জাঙুৰ খাই উঠে অসম চাহ মজদুৰ সংঘ৷

অসমৰ চাহ উদ্যোগৰ লগত বৰ্তমানে প্ৰায় ১ কোটিতকৈও অধিক লোক জড়িত হৈ আছে৷ চাহ উদ্যোগটো ধ্বংস হৈ গলে ভবিষ্যতে এই বৃহৎ সংখ্যক লোকৰ পানীত হাঁহ নচৰা অৱস্থা হ’ব বুলি আজি প্ৰতিবাদী সভাত সাধাৰণ সম্পাদক গৰাকীয়ে উল্লেখ কৰে।

“বৰ্তমান অসমৰ চাহ বাগিচা সমূহৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে  বৃহৎ কোম্পানীবোৰে ৰাজ্যৰ চাহ বাগিচা সমূহ বিক্ৰী কৰি পলায়ন কৰিবলৈ আৰম্ভ কৰিছে৷ মেকলিন মেগৰ কোম্পানীৰ ১২ খন, অসম কোম্পানীৰ ১৫ খনৰো অধিক চাহ বাগিছা ইতিমধ্যে বিক্ৰী হৈছে৷” মন্তব্য ৰূপেশ গোৱালাৰ।

“অসম চৰকাৰৰ চাহ বাগিচাৰ শ্ৰমিকসকলে চাহ বাগিচা সমূহত মাত্ৰ ১১৫ টকা দৈনিক হাজিৰাত কাম কৰি আহিছে আৰু কোনো ধৰণৰ সুবিধা শ্ৰমিক সকলে লাভ কৰা নাই৷ ক্ষুদ্ৰ চাহ বাগিচা সমূহত ঘৰ-দুৱাৰ, পি এফ, গ্ৰেচ্যুইটি, ছুটি পইচা আদিৰ কোনো ধৰণৰ সুবিধা নাই৷” এই কথা উল্লেখ কৰি গোৱালাই অতি শীঘ্ৰে এই সমূহ চাহ বাগিচাৰ অৱস্থাৰ উন্নতি কৰাৰ বাবে চৰকাৰক আবেদন জনায়।

অসমৰ চাহ উদ্যোগৰ অৱস্থা যাতে পশ্চিম বংগৰ চাহ উদ্যোগৰ দৰে নহয় সেই ক্ষেত্ৰত নিশ্চিতি প্ৰদান কৰাৰ বাবে চৰকাৰক আহ্বান জনাই আছাৰ তিনিচুকীয়া জিলাৰ সাধাৰণ সম্পাদক ৰামানুজ লাক্ৰাই এইক্ষেত্ৰত অনতিপ্ৰলমে ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰে৷

Recent News

dc-Cover-fosgj

নিষ্ঠুৰ পিতৃ: দোকানৰ পৰা বিড়ি আনি দিয়াত পলম হোৱাৰ বাবেই জ্বলাই দিলে ১০ বছৰীয়া পুত্ৰক

FB_IMG_1611046341596(2)

অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ নামত এচামে আমাৰ জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: দিপাংক নাথ

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd