• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘চাকৰি নিয়মীয়াকৰণ’ক বাদ কৰি টে’ট শিক্ষকলৈ সৰ্বশিক্ষা মিছনে কঢ়িয়াই আনিছে বহুতো সু-খবৰ

‘চাকৰি নিয়মীয়াকৰণ’ৰ দাবীৰে আন্দোলন অব্যাহত ৰাখিব প্ৰাথমিক টে'ট উত্তীৰ্ণ শিক্ষক সমাজে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 31, 2019 9:22 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজ আৰু সৰ্বশিক্ষা মিছন অভিযানৰ সঞ্চালকৰ সৈতে আজি অৰ্থাৎ বৃহস্পতিবাৰে এক বৈঠক অনুষ্ঠিত হয়।

কাহিলীপাৰাস্থিত সৰ্বশিক্ষা মিছন সঞ্চালকালয়ত অনুষ্ঠিত হোৱা এই বৈঠকে চাকৰি নিয়মীয়াকৰণ বাদ কৰি টে’ট উত্তীৰ্ণ শিক্ষকলৈ বহুতো সু-খবৰ কঢ়িয়াই আনিছে।

Apply Now

শীঘ্ৰেই নিম্ন প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত ঠিকাভিত্তিক টে’ট শিক্ষকক গ্ৰেড পে’ অনুসৰি দৰমহা প্ৰদান কৰা হ’ব বুলি বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৰ্তমান এইসকল শিক্ষকে ৬,২০০ টকাকৈ গ্ৰেড পে লাভ কৰি আহিছিল।  কিন্তু ইয়াৰ পৰিমাণ ৭,৪০০ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বৈঠকত।

অহা ডিচেম্বৰ মাহৰ ভিতৰত দৰমহা আঁসোৱাহ নিৰ্মূল সমিতিৰ পৰামৰ্শ অনুযায়ী ৭৪০০ টকাকৈ গ্ৰেড পে লাভ কৰিব নিম্ন প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষকে।

তদুপৰি, ঠিকাভিত্তিক শিক্ষকসকলে চিপিএফ ধন কৰ্তনৰ আসোঁৱাহসমূহ দূৰ কৰিবলৈ দীৰ্ঘদিনে কৰি অহা দাবী পূৰণ কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে সঞ্চালকে। বেচিক পে’ৰ ১২ শতাংশ ধনহে চিপিএফলৈ কৰ্তন হ’ব লাগে বুলি দাবী কৰি আহিছে টেট উত্তীৰ্ণ শিক্ষকসকলে।

ষ্টেটপুল শিক্ষকসকলক সৰ্বশিক্ষা মিছনৰ অধীনলৈ আনি ROP মতে দৰমহা দিয়াৰ ক্ষেত্ৰত মিছনে ইতিবাচক প্ৰস্তাৱ গ্ৰহণ কৰি চৰকাৰলৈ প্ৰেৰণ কৰিব বুলি সঞ্চালকে আলোচনা কালত প্ৰতিশ্ৰুতি দিয়ে।

ইয়াৰ লগতে শিক্ষকসকলে নিজৰ প্ৰাপ্য ছুটী লাভ কৰিবই বুলি সঞ্চালকে শিক্ষক সমাজক জনায়। লগতে টে’ট শিক্ষয়িত্ৰীসকলেও মাতৃত্বকালীন ছুটী লাভ কৰিব।

আনহাতে ঠিকাভিত্তিক টে’ট শিক্ষকে পাবলগীয়া DA আৰু ইয়াৰ বকেয়াসমূহৰ লগতে ৫০ শতাংশ HRAৰ ধন অতি কম দিনৰ ভিতৰত আদায় দিব বুলি সঞ্চালকে শিক্ষকসকলক আলোচনাকালত প্ৰতিশ্ৰুতি দিয়ে।

ইপিনে ঠিকাভিত্তিক শিক্ষকসকলৰ অন্যান্য ভাট্টা যেনে বিশেষভাৱে সক্ষম শিক্ষকৰ বাবে বিশেষ ভাট্টা, দুৰ্গম এলেকাত কৰ্তব্যৰত শিক্ষকৰ বাবে, সেৱা ভাট্টা লাভ কৰিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে। প্ৰধান শিক্ষকৰ ৩০০ টকা ভাট্টাৰ ওপৰতো বৈঠকত আলোচনা হয়।

সেইদৰে টে’ট উত্তীৰ্ণ শিক্ষক সকলে মৃত শিক্ষকৰ পৰিয়ালক ১০ লাখকৈ টকাৰ আৰ্থিক সাহায্য দিবলৈ কৰা দবীক বিবেচনা কৰি চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব বুলি জনাইছে মিছন সঞ্চালকে।

তাৎপৰ্য্যপূৰ্ণভাৱে এই বৈঠকে কঢ়িয়াই অনা সু-খবৰৰ  পিছতে টে’ট শিক্ষকৰ সৰ্বশিক্ষা সঞ্চালকালয় ঘেৰাও আন্দোলন প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে চাকৰি নিয়মীয়াকৰণৰ দাবীৰে আন্দোলন ধৰ্ণা অব্যাহত ৰাখিব শিক্ষক সমাজে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লোকসভা-ৰাজ্যসভাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদন: এতিয়াৰ পৰা কেৰালাৰ পৰিৱৰ্তে ব্যৱহাৰ হ’ব ‘কেৰালম’

লোকসভা-ৰাজ্যসভাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদন: এতিয়াৰ পৰা কেৰালাৰ পৰিৱৰ্তে ব্যৱহাৰ হ’ব ‘কেৰালম’

August 17, 2026 5:31 pm
তিনিদিনৰ ভিতৰত দুবাৰকৈ হত্যাৰ ভাবুকি লাভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

তিনিদিনৰ ভিতৰত দুবাৰকৈ হত্যাৰ ভাবুকি লাভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 17, 2026 5:08 pm
ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

August 17, 2026 4:41 pm
অসমৰ বান সমস্যাক ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ ঘোষণাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ অখিল গগৈৰ বিশেষ পত্ৰ

অসমৰ বান সমস্যাক ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ ঘোষণাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ অখিল গগৈৰ বিশেষ পত্ৰ

August 17, 2026 4:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লোকসভা-ৰাজ্যসভাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদন: এতিয়াৰ পৰা কেৰালাৰ পৰিৱৰ্তে ব্যৱহাৰ হ’ব ‘কেৰালম’

লোকসভা-ৰাজ্যসভাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদন: এতিয়াৰ পৰা কেৰালাৰ পৰিৱৰ্তে ব্যৱহাৰ হ’ব ‘কেৰালম’

August 17, 2026 5:31 pm
তিনিদিনৰ ভিতৰত দুবাৰকৈ হত্যাৰ ভাবুকি লাভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

তিনিদিনৰ ভিতৰত দুবাৰকৈ হত্যাৰ ভাবুকি লাভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 17, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd