• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমে মুখ্যমন্ত্ৰী ৰূপে লাভ কৰিব নৰেন্দ্ৰ মোদীক! : কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্ৰীৰূপে ‘সৰ্বানন্দ সোণোৱাল’ ৰ নাম লোৱাত কুন্ঠাবোধ কিয় মন্ত্ৰী হিমন্তৰ?

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , February 7, 2021 2:46 pm

2 min read

Himanta Modi(1)
587
VIEWS
Share on FacebookShare on Twitter

অসমে মুখ্যমন্ত্ৰী ৰূপে পাব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক! আমি এই কথা কোৱা নাই। মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত আওপকীয়াকৈ এই কথা উল্লেখ কৰিছে।

২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি দলৰ অসমত মুখ্য শ্লোগান আছিল ‘আকৌ এবাৰ মোদী চৰকাৰ। আনকি এই শ্লোগানৰে গায়ক সীমান্ত শেখৰে গীতো পৰিৱেশন কৰিছিল যিটো বিজেপিৰ সমৰ্থক তথা ভোটাৰ ৰাইজৰ মাজত বহু সমাদৰ লাভ কৰিছিল।

ঠিক সেইদৰে বিজেপিৰ ২০১৪ চনত ‘এইবাৰ মোদী চৰকাৰ’ তথা ২০১৬ চনৰ শ্লোগান আছিল ‘বহুত হ’ল দুৰ্নীতি ভ্ৰষ্টাচাৰ অসমত এইবাৰ সৰ্বাৰ চৰকাৰ’।

তেনেকৈয়ে ২০২১ৰ নিৰ্বাচনৰ পূৰ্বেও বিজেপি দলৰ অসমত শ্লোগান হ’ব লাগিছিল ‘আকৌ এবাৰ বিজেপি চৰকাৰ’ বা ‘আকৌ এবাৰ সৰ্বাৰ চৰকাৰ’। যিহেতু এইবাৰো বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল হ’ব বুলি ইতিমধ্যে নিশ্চিত কৰিছে বিজেপিৰ শীৰ্ষ নেতৃত্বই।

কিন্তু এই শ্লোগান সম্পূৰ্ণৰূপে সলাই পেলালে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ মতে ‘অসমত আকৌ এবাৰ মোদী চৰকাৰ।‘

‘অসমমালা’ শীৰ্ষক আঁচনিৰ শুভাৰম্ভৰ বাবে ঢেকিয়াজুলিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হোৱাৰ পাছতে তেওঁৰ সন্মুখতে জনসাধাৰণক উদ্দেশ্যি ভাষণ প্ৰদান কৰিছিল প্ৰতাপী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

ডিঙিৰ শিৰ ফুলাই দিয়া ভাষণৰ শেষৰ ফালে হয়তো প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰিয়ৰ পাত্ৰ হ’বলৈ মন্ত্ৰীগৰাকীয়ে কয় ‘অসম ভূমিলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সাদৰৰে সৈতে আদৰণি জনাইছো। মোদী ডাঙৰীয়াক আমি আশ্বাস দিছো যে অসমত আকৌ এবাৰ মোদী চৰকাৰ। সকলোৱে ক’ব অসমত আকৌ এবাৰ মোদী চৰকাৰ।‘

তেওঁ বক্তব্যত হয়তো ‘আকৌ এবাৰ সোণোৱাল চৰকাৰ’ বা ‘সৰ্বানন্দৰ চৰকাৰ’ বুলি উল্লেখ কৰিব পাৰিলেহেঁতেন!

কিন্তু প্ৰশ্ন হৈছে ‘মুখ্যমন্ত্ৰীৰূপে ‘সৰ্বানন্দ সোণোৱাল’ৰ নাম লোৱাত কুন্ঠাবোধ কিয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ?’

ইতিমধ্যে, এটা বিষয়ে অধিক চৰ্চা লাভ কৰিছে যে এইবাৰ বিজেপিৰ মুখ্যমন্ত্ৰীৰ দৌৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামো চৰ্চিত হৈছিল। হিমন্ত বিশ্ব শৰ্মাৰো মুখ্যমন্ত্ৰীৰ আসনখনৰ বাবে যে চকু নথকা নহয় সেয়া সময়ে সময়ে প্ৰতিপন্ন হৈছে।

মুখ্যমন্ত্ৰীৰ পদটোৰ বাবে থকা লালসাৰ বাবে অবচেতন মনত ক্ৰিয়া কৰি থকা ভাৱনা অজানিতে মুখৰে বাহিৰ হ’ল বুলিও একাংশই মত পোষণ কৰিছে।

Recent News

Jharkhand blast final

আই ই ডি বিস্ফোৰণত কঁপি উঠিল ঝাৰখণ্ড; দুজন জোৱান শ্বহীদ, আহত তিনিজন

index.jpg

যৌন কেলেংকাৰিত অভিযুক্ত বিজেপি মন্ত্ৰীৰ পদত্যাগ : সত্যতাৰ প্ৰমাণৰ বাবে তদন্তৰ দাবী

IMG_20210304_104520

আই আই টিৰ নতুন পদ্ধতি প্লাষ্টিকেৰে ৰাস্তা নিৰ্মাণ; ৰঙাপানীত আৰম্ভ হ’ল নিৰ্মাণ কাৰ্য

deadbody recovered final

শালনাৰ সোণাজুৰিৰ শিলৰ কোঁৱাৰীত সন্ধানহীন হোৱা লোকৰ মৃতদেহ উদ্ধাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd